Logo
image

কোন এই ৰাজসাক্ষী? এবাৰ যদি দেখা পালোঁহেঁতেন

ৰাজসাক্ষীজনক এবাৰ চাবলৈ মন আছে৷ ইমান কথা জানে! এবাৰ মুখ দেখুৱাই আহক না৷ হাতত অস্ত্ৰ নাই৷ একো কৰিব নোৱাৰোঁ৷ কেৱল প্ৰাণভৰি এবাৰ চাম৷ আপুনি বোলে অস্ত্ৰচালনাৰ প্ৰশিক্ষণ লৈ আহিছিল৷ ইচ্ছা কৰিলে মাৰি থৈ যাব পাৰিব! হে নজনা মুখৰ বীৰ! আমাৰ দৰে মানুহৰ জীৱন তেনেই সস্তা৷ আপোনাৰ দৰে নিৰাপত্তা বেহুত বিচৰণ কৰি থকাসকল আকৌ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী, গণতন্ত্ৰৰ ৰক্ষক৷ মইহে ভাবিছোঁ– অস্ত্ৰ, বিস্ফোৰণ– এই সকলো আপোনাৰ হাতৰ মুঠিত হৈও আপুনি মাওবাদী নহয় নেকি? আপুনি ৰক্ষণাবেক্ষণ কিয় পালে? এনেকৈ পৰিচয় লুকুৱাই যিকোনো মানুহে যি ইচ্ছা ক’ব, আৰু আমি তাকে সঁচা বুলি মানি ল’ম? আনন্দৰাম ঢেকিয়াল ফুকনে তাহানিতে কৈছিল, ‘–কেৱে দুটকা কানিৰ সলনি মিছা সাক্ষী নিদিব, সেই সময় হে ‘ক্ৰিপামই’ জগদীশ্বৰ শীঘ্ৰে ঘটোৱা!’ সেই সময় নাহিল৷ হয়তো নাহিবও৷ আপুনি বৰ সুখ আৰু শান্তিত আছে, নহয়নে?

আইনৰ কথাবোৰ ইমান নুবুজোঁ৷ অখিল গগৈৰ জামিন সম্পৰ্কীয় গোচৰৰ ৰায়দানৰ পাছত গোচৰটো ভালদৰে চলাই নিনিয়া বুলি মোকো বহুতে সমালোচনা কৰা আৰম্ভ কৰিছে৷ পুৱাতে এগৰাকী মহিলাই ঘৰতে জবাবদিহি কৰি গ’ল৷ ফোনত শাওপাত দিয়াও আৰম্ভ কৰিছে৷ তেওঁলোকক দোষ নিদিওঁ৷ নিজৰ নেতাক মুকলি হোৱা ৰূপত দেখিবলৈ থকা ব্যগ্ৰতাৰ বাবেই এইসকল শুভাকাংক্ষীয়ে আমাৰ ওপৰতে ক্ষোভ জাৰিছেহি৷ বহুলোকে বিষয়টো ভালদৰে জানিবলৈও মোলৈ ফোন কৰিছে৷ সকলোকে ধন্যবাদ৷

হৰা-জিকাৰ, প্ৰতিশোধ-হিংসাৰ হিচাপ-নিকাচেৰে জীৱনক কোনোদিনে চোৱা নাই৷ ২০০৮-২০০৯ বৰ্ষ৷ গাঁৱলীয়া বাটেৰে, বালিপৰা মাটিত জীৱনৰ সপোন দেখা এজাক কিশোৰৰ কলকল, এজাক আদহীয়া-বৃদ্ধৰ জীৱন-অভিজ্ঞতাৰ কাহিনী পঢ়ি এক অনন্য যাত্ৰা আছিল সেয়া৷ তাৰ মাজত অখিল অসুস্থ হৈছিল, কোনোবা শুভাকাংক্ষীয়ে আনি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত ভৰাইছিলহি৷ এনেকৈয়ে মৰম বুটলি আগবাঢ়িছে জীৱন৷

‘নিয়া’ৰ আদালতৰ কোঠা এটাত ডিচেম্বৰ মাহৰ এটা দিন৷ বিষয়াসকলে অখিলৰ কাপোৰৰ তলত কিবা বিপজ্জনক বস্তু আছে নেকি চাইছে৷ অসম পুলিচৰ বিষয়াকেইজন বাহিৰত অপেক্ষাৰত৷ ‘নিয়া’ৰ তদন্তকাৰী বিষয়াজনে কৈছিল, হিন্দীতে– ‘এনে কাম কিয় কৰে? এনেকুৱা কৰি থাকিলে লালু যাদৱৰ অৱস্থাই হ’ব৷’

সৰুতে চৰিত্ৰপাঠ বুলি আমাৰ এটা বিষয় আছিল৷ তাত কাচাবিয়াংকা নামৰ ল’ৰা এজনৰ কথা আছিল৷ নাৱিক দেউতাকে তাক জাহাজৰ এঠাইত ৰাখি কৈ গ’ল– ইয়াতে থাক, লৰচৰ নকৰিবি৷ দেউতাক আঁতৰি যোৱাৰ পাছতে জাহাজত জুই লাগিল৷ কাচাবিয়াংকা অলৰ৷ জুইত জ্বলি জ্বলি মৃত্যুৰ আগমুহূৰ্তত সি চিঞৰিলে– দেউতা, এতিয়া যাব পাৰোঁনে?

পিতৃভক্তিৰ নিদৰ্শন হিচাপে নহয়, জনগণৰ অব্যক্ত যন্ত্ৰণা-দুখৰ নিদৰ্শন হিচাপে কাহিনীটো সদায় মনলৈ আহে৷ সুবিধাবাদীবোৰে বাৰে বাৰে মোট সলায়৷ দেখাত তেওঁলোকৰ সমান নীতিনিষ্ঠ কোনো নাই৷

আৰে, কিমান আৰু সাধাৰণ মানুহক ভেড়া সজাই থাক? দুখবোৰ কেৱল দৰিদ্ৰৰ? সুযোগবোৰ শাসকৰ?

সঁচা কৈছোঁ৷ দুখ নালাগে৷ আজিকালি কেৱল খং উঠে৷ বাস্তৱত দেখা, আনকি নেদেখাও, কেৱল ছবিতহে দেখা এনে মানুহবোৰৰ প্ৰতিও ইমান ঘৃণা আহি গৈছে, বমি ওলাই আহিব খোজে৷

[গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী

অধ্যাপক গীতাশ্ৰী তামুলী সংগ্ৰামী কৃষক নেতা অখিল গগৈৰ পত্নী৷]