Logo
image

নাগ্ৰীজুলিত খাদ্যত বিষক্ৰিয়াঃ ৪৭ গৰাকীকৈ লোক অসুস্থ, এগৰাকী কিশোৰীৰ মৃত্যু

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ ইক্ৰাবিল গাঁৱত খাদ্যত বিষক্ৰিয়া হৈ শিশু, পুৰুষ-মহিলাসহ প্ৰায় ৪৭ গৰাকীকৈ লোক গুৰুতৰভাৱে অসুস্থ হোৱাৰ উপৰিও এগৰাকী দহ বছৰীয়া কিশোৰীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে নাগ্ৰীজুলিৰ ইক্ৰাবিল গাঁৱৰ গোপাল সৰকাৰ নামৰ লোক এজনৰ দোকানত অসমীয়া নৱবৰ্ষ উপলক্ষে যোৱা শনিবাৰে অনুষ্ঠিত হৈছিল এক মাংগলিক অনুষ্ঠান। এই মাংগলিক অনুষ্ঠানত প্ৰসাদ আৰু খিচিৰি খাই গাঁৱখনৰ শিশু, পুৰুষ-মহিলা-যুৱতীসহ প্ৰায় ৪৭ গৰাকী লোক অসুস্থ হয়। 

দেওবাৰে পুৱাৰ পৰা দুই এজনকৈ লোক পেটৰ অসুস্থতাত ভুগে। সন্ধিয়াৰ ভাগত জ্যোতিকা দাস নামৰ এগৰাকী ১০ বছৰীয়া কিশোৰী অসুস্থ হোৱাত নিশা কিশোৰীগৰাকীক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ পাছত কিশোৰীগৰাকী মৃত্যুমুখত পৰে। সোমবাৰে কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ইপিনে দেওবাৰে নিশাৰে পৰা ইক্ৰাবিল গাঁৱত অসুস্থ হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। দেওবাৰে নিশাই কেইবাগৰাকীও ৰোগীক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। 

সোমবাৰে পুৱাৰ ভাগত অসুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত স্থানীয় লোকৰ সহযোগত  প্ৰায় ৪৭ গৰাকীকৈ লোকক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তৎকালীন চিকিৎসাৰ ব্যৱস্থা কৰা হয়। খবৰ পোৱাৰ লগে লগে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ মনোহৰ দাসৰ নেতৃত্বত চিকিৎসা কৰ্মীৰ দল, নাগ্ৰীজুলি আৰক্ষী চকীৰ আৰক্ষীৰ দল, সমাজ কল্যাণ বিভাগৰ দল ইক্রাবিল গাঁৱত উপস্থিত হয় আৰু সমগ্ৰ পৰিস্থিতিৰ বুজ লয়। তামুলপুৰ চক্ৰৰ চক্ৰ বিষয়া ৱাহিদুল ৰহমান গাঁৱত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লোৱাৰ পিছত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ বিষক্ৰিয়াত অসুস্থ হোৱা লোকসকলৰ খবৰ লৈ চিকিৎসকৰ সৈতে আলোচনা কৰি ৰোগীসকলক সুচিকিৎসা প্ৰদানৰ পৰামৰ্শ দিয়ে। ইপিনে এই খবৰৰ পিছতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, তামুলপুৰৰ অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাঙ্গ তালুকদাৰ, বাগসা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মনোজ কুমাৰ দাস, তামুলপুৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ হৰিমোহন কলিতাৰ উপৰি বিভাগীয় বহুকেইজন বিষয়া নাগ্ৰীজুলি আদৰ্শ চিকিৎসালত উপস্থিত হয় আৰু ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লৈ ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ত্ৰুটি নহয় তাৰ বাবে ব্যৱস্থা ল'বলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক ডাঃ চিন্ময় দাসে জানিবলৈ দিয়া মতে অসুস্থ ৰোগীসকল বৰ্তমান প্ৰায় সংকটমুক্ত।