মস্কো আন্তৰ্জাতিক চলচ্ছিত্ৰ মহোৎসৱলৈ ড॰ ববী শৰ্মা বৰুৱাৰ ‘চিকাইচাল’
আমাৰ অসম, ১৮ এপ্ৰিলঃ ৪৫ সংখ্যক মস্কো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেললৈ আমন্ত্ৰিত হৈছে বিশিষ্ট চলচ্ছিত্ৰ নিৰ্মাতা ড॰ ববী শৰ্মা বৰুৱা প্ৰযোজিত-পৰিচালিত তিৱা ভাষাৰ চলচ্ছিত্ৰ ‘চিকাইচাল’ (If only trees could Talk)৷ সাংস্কৃতিক বিনিময় আৰু বিশ্বৰ চলচ্ছিত্ৰ নিৰ্মাতা সকলৰ মাজত সমন্বয়ৰ সাকো গঢ়াৰ বাবে অহা ২২ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈ অনুষ্ঠিত হ’ব ৪৫ সংখ্যক মস্কো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল৷ ‘চিকাইচাল’ৰ প্ৰযোজক-পৰিচালক ড॰ ববী শৰ্মা বৰুৱাই কয়–‘৪৫ সংখ্যক মস্কো ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত ২২ আৰু ২৩ এপ্ৰিলত ‘চিকাইচাল’ প্ৰদৰ্শন কৰা হ’ব৷’ তেওঁ মঙলবাৰে মস্কোলৈ ৰাওনা হ’ব বুলি জনায়৷ তেওঁ লগতে কয়–তিৱা ভাষাৰ চলচ্ছিত্ৰ ‘চিকাইচাল’ মূলতঃ তিৱা সমাজ জীৱন তথা তেওঁলোকৰ শৈক্ষিক যাত্ৰাক লৈ নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য, ‘চিকাইচাল’ ৰ অসমীয়া অৰ্থ হৈছে ‘পঢ়াশালি’৷ বিগত বৰ্ষৰ ১৫ পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত ২৮সংখ্যক কলকাতা ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেলত এই চলচ্ছিত্ৰখনে জুৰিৰ স্পেচিয়েল মেনচন এৱাৰ্ড লাভ কৰিছিল৷ চলচ্ছিত্ৰখনে দেশ, অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ উল্লেখ্য, এই চলচিত্ৰখনত মহেশ্বৰ পাটৰ, সাধনী আমচি, অতুল পাচনি, কেলমন মাদৰ, তাইবৰ আমচং, ইন্দ্ৰচিং মাদৰ, পানীৰাম আমচং আদিয়ে অভিনয় কৰিছে৷