Logo
image

ভোটৰ পূৰ্বে চন্দ্ৰমোহনে মাৰ্ছিডিজত উঠাব ‘বাছযাত্ৰী’ক

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ ‘অসম ৰাজ্যিক পৰিবহন নিগমে অক্টোবৰৰ ভিতৰত চলাব ২০খন মাৰ্চিডিজ বাছ৷ দূৰণিবটীয়া সেৱাসমূহত যাত্ৰীৰ বাবে পৰিবহন নিগমৰ এই মাৰ্চিডিজ বাছ উপলব্ধ কৰিব৷ দুই-এদিনতে এই বাছসমূহ কোন কোন পথত চলিব সেয়া পৰিবহন বিভাগে স্থিৰ কৰিব৷’ –এই ঘোষণা ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ৷ মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনিৰ শুভাৰম্ভ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ দ্বাৰা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে ‘মুখ্যমন্ত্ৰী গ্ৰাম্য পৰিবহন আঁচনি’খন হিতাধিকাৰীলৈ বাহন প্ৰদানেৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ এই আঁচনিখনৰ জৰিয়তে গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ সূচলতা তথা গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে৷ উল্লেখ্য যে ২০১৯ বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই আঁচনিখন ঘোষণা কৰিছিল আৰু এই ঘোষণা অনুসৰিয়ে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগে এই আঁচনিখন মুখ্যমন্ত্ৰীৰ দ্বাৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে৷ এই আঁচনিখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত ১০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যখনৰ ১০ হাজাৰ গাঁও সামৰি লোৱা পদক্ষেপ লোৱাৰ হৈছে৷ আঁচনিখনৰ জৰিয়তে লক্ষ্য লোৱা প্ৰতিখন গাঁৱৰ এগৰাকীকৈ হিতাধিকাৰীক এখন লঘু যান-বাহন প্ৰদান কৰাৰ পদক্ষেপ লোৱা হৈছে৷ এই আঁচনিখনৰ অধীনত যোগ্য হিতাধিকাৰীক লঘু যান-বাহনখনৰ ক্ৰয় মূল্যৰ ২৫ শতাংশ অথবা ১ লাখ টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব৷ আঁচনিখনৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সোণোৱালে আঁচনিখনৰ অধীনত লঘু যান-বাহন লাভ কৰা হিতাধিকাৰীসকলক আত্মনিৰ্ভৰশীলতাৰ উৎকৃষ্ট সফলতাৰ উদাহৰণ সৃষ্টিৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ আহবান জনায় যাতে গাঁওখনৰ অন্যান্য যুৱক-যুৱতীসকলেও তেওঁৰ সফলতাৰ দ্বাৰা প্ৰেৰণা লাভ কৰি নিজকে এগৰাকী সফল উদ্যোগীলৈ ৰূপান্তৰিত হোৱাৰ বাবে আগ্ৰহী হয়৷ দেশৰ অৰ্থনীতি পুনৰুত্থানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণাৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলোৱে এই বিকাশৰ যাত্ৰাত চামিল হৈ দেশৰ অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ অংশীদাৰ হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷  এই অনুষ্ঠানতে, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ‘মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহন আঁচনি’খন গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ মাজত থকা পৰিবহনৰ ব্যৱধান দূৰীকৰণৰ লগতে ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ লক্ষ্য লোৱা হৈছে বুলিও কয়৷ প্ৰথম পৰ্যায়ত আঁচনিখনৰ জৰিয়তে যদিও ৰাজ্যখনৰ ১০ হাজাৰ গাঁৱক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে, পৰৱৰ্তী পৰ্যায়ত ৰাজ্যখনৰ সকলোবোৰ গাঁও অৰ্থাৎ ২৬ হাজাৰ খন গাঁৱক সামৰি লোৱাৰ বাবে পদক্ষেপ লোৱা হ’ব৷