Logo
image

উভতিছে বৰদৈচিলা বিহুমঞ্চ থানবান, মৃত ২

আমাৰ অসম,২০ এপ্ৰিলঃ ৰাজ্যৰ চৌদিশে ব’হাগ বিহুৰ আনন্দত ৰাইজ মতলীয়া হৈ থকাৰ সময়তে মঙলবাৰে নিশাৰ ভাগত ৰাজ্যজুৰি হোৱা ধুমুহা, শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি সাধন কৰে৷ জনপ্ৰৱাদ অনুসৰি এইখিনি সময়ত বৰদৈচিলা মাকৰ ঘৰৰ পৰা উভতি যায়৷ ওভতনি যাত্ৰাত বৰদৈচিলাই এনেদৰে উভতি যোৱাৰ উমান দি যায়৷ মঙলবাৰে   উজনি, নামনিৰ বহু অঞ্চল ক্ষতিগ্ৰস্থ হোৱাৰ লগতে বহুকেইখন বিহুমঞ্চৰ বিস্তৰ ক্ষতি সাধন হয়৷ মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা জনপ্ৰিয় শিল্পীৰ অনুষ্ঠান বতৰৰ বিধি পথালিৰ বাবে বাতিল কৰিবগীয়া হয়৷ বুধবাৰেও ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণে বিস্তৰ ক্ষতিসাধন কৰে৷ তদুপৰি কালধুমুহা, শিলাবৃষ্টিয়ে দুজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে৷  চিলাপথাৰত বুধবাৰে সন্ধিয়া অহা ধাৰাষাৰ বৰষুণ,  ধুমুহাই চিলাপথাৰৰ বহু পৰিয়ালৰ ঘৰ বাৰী তচ্‌নচ কৰি যায়৷ কালধুমুহাৰ সৰ্বাধিক প্ৰভাৱ পৰিল চিলাপথাৰৰ ভৈৰৱপুৰ, ৰ নং চিলাগাওঁ, মাণিকপুৰ, কদমতলা, মহাৰাণীপুৰ, শিৱনগৰ, কৰৈবাৰী অঞ্চলৰ বিভিন্ন গাঁৱত৷ চিলাগাঁৱত ঘৰৰ ওপৰত গছ পৰি মৃত্যু হ’ল অজিত বৈদ্য [৩৫] নামৰ এজন যুৱকৰ৷ তদুপৰি পৰিয়ালৰ ঘৰ-বাৰী, মূল্যবান গছ ভাগি-উভালি পৰে৷ বিদু্যতৰ খুটাৰ তাঁৰ উভালি পৰাত ব্যাহত হৈ পৰে সেৱা৷ চিলাগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো বৃহৎ আকৃতিৰ গছ উভালি পৰাত জোনাই, পাছিঘাট যোৱা বহু বাহন দীৰ্ঘ সময়ধৰি আৱদ্ধ হৈ পৰে ৰাজপথত৷ ইপিনে কালধুমুহাৰ ফলত চিমেন চাপৰিৰ চমকং, চেঙাজানৰ লগতে মুক্তিয়াৰ পঞ্চায়তৰ বহু ঘৰ-বাৰীৰ বিস্তৰ ক্ষতি সাধন কৰে৷ ধুমুহাই ক্ষতিগ্ৰস্ত কৰা পৰিয়ালকসমূহক সহায় কৰিবলৈ চৰকাৰক আহ৩ান জনাইছে ক্ষতিগ্ৰস্ত ৰাইজৰ লগতে টি এম পি কে, আছু, আগছু, বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে৷ তদুপৰি বুধবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত অহা এজাক প্ৰৱল ধুমুহাই লাহোৱালৰ বিভিন্ন ঠাইত বহু গছ, বাসগৃহ ধবংস কৰা উপৰিও লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত তামোলবাৰী চাহ বাগিচাৰ ৫ নম্বৰ লাইনত এক শোকাবহ ঘটনা সংঘটিত হয়৷ প্ৰৱল ধুমুহাত এজোপা প্ৰকাণ্ড গছ উভালি বাসগৃহৰ ওপৰত পৰাত আকস্মিকভাৱে মৃত্যু হয় এগৰাকী বৃদ্ধাৰ৷ বৃদ্ধাগৰাকী তামোলবাৰী চাহ বাগিচা ৫ নং লাইনৰ মোহন মূড়াৰ পত্নী শুকুৰ আৰ মূড়া[৬০]৷ বৃহৎ আকাৰৰ পিপল গছজোপা উভালি পৰাত বৃদ্ধাগৰাকীৰ ঘৰ চূৰ্ণ- বিচূৰ্ণ হয়৷ স্থানীয় ৰাইজে গছ জোপা কাটি মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও মহিলাগৰাকীৰ ইতিমধ্যেই মৃত্যু হয়৷ লাহোৱাল আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ সেইদৰে শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত ধুমুহা, প্ৰৱল বৃষ্টিপাতে বিস্তৰ ক্ষতিসাধন কৰে৷ মঙলবাৰে নিশাৰ পৰা কোঁৱৰপুৰ মৌজাত বিদু্যতৰ সংযোগ ব্যাহত হৈ আছে৷ সেইদৰে ধুমুহা বৰষুণৰ বাবে বাগ্‌সাৰ বৰমাত কণ্ঠশিল্পী দিপলীনা ডেকাৰ সংগীতানুষ্ঠান বাতিল কৰা হয়৷  মঙলবাৰে নিশা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অহা প্ৰচণ্ড ধুমুহাত তচনচ হয় বিহুমঞ্চ৷ লগতে কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হয়৷ উল্লেখ্য, বৰমাত ৬০সংখ্যক বৰমা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰিত শিল্পী আছিল দিপলিনা ডেকা৷ অৱশ্যে গুৱাহাটী মহানগৰীত মঙলবাৰে নিশাৰ ভাগত অহা এজাক পাতলীয়া বৰষুণে গুৱাহাটীবাসীক উৎকট গৰমৰ পৰা কিছু পৰিমাণে সকাহ দিয়ে৷ আনহাতে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি আগন্তৰ ২৪ ঘণ্টালৈ গুৱাহাটী আৰু গুৱাহাটীৰ পাশ্বৰ্বৰ্তী অঞ্চলত তাপমাত্ৰ সৰ্বোচ্ছ ৩৬০ আৰু সৰ্বনিম্ন ২৩ ডিগ্ৰী চেলচিয়াচ হ’ব৷ তদুপৰি ২১ আৰু ২২ এপ্ৰিলত গুৱাহাটী আৰু গুৱাহাটীৰ পাশ্বৰ্বৰ্তী অঞ্চলত বৰষুণ অহাৰ সম্ভবনা আছে৷ সেইদৰে অসমৰ ঠাই বিশেষ আৰু মেঘালয়ত বৰষুণ অহাৰ সম্ভবনা আছে৷ [চিমেন চাপৰি, চিলাপথাৰ আৰু ডিকমৰ প্ৰতিবেদকৰ সহযোগত]