Logo
image

বিহুৰ পাছত বিশ্ব ৰেকৰ্ডৰ পথত এইবাৰ বাগৰুম্বা, উদ্যোগ এব্‌ছুৰ

আমাৰ অসম, ২১ এপ্ৰিলঃ বিহু নৃত্যৰ পাছতেই বিশ্ব দৰবৰাত প্ৰতিষ্ঠিত হ’ব বড়োসকলৰ বাগৰুম্বা নৃত্য৷ অৱশ্যে বিহুৰ বিশ্ব ৰেকৰ্ড এইবাৰ ভংগ কৰিব চিখলাই বাগৰুম্বাই৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ২০ হাজাৰ শিল্পীয়ে অহা বছৰত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বাগৰুম্বা নৃত্য পৰিৱেশন কৰিব বুলি আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ এই আশ্বাসৰ কথা ৰাজহুৱা কৰিছে এবছু নেতৃত্বই৷ বৃহস্পতিবাৰে তেজপুৰত অনুষ্ঠিত ৰংজালী বৈশাগু উদ্‌যাপনস্থলিত এবছুৰ নেতৃত্বই ২০ হাজাৰ শিল্পীয়ে অহা বৰ্ষত বাগৰুম্বা নৃত্য পৰিৱেশন কৰি বিশ্ব ৰেকৰ্ড কৰিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে৷ 

বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰলৈ নিয়া পৰিকল্পনাৰ সন্দৰ্ভত এবছুৰ উপদেষ্টা কে স্বৰ্গীয়াৰীয়ে কয় এইদৰেঃ ‘১৪ এপ্ৰিলত বিহু নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে৷ ১১,৩০৪জন নাচনী-ঢুলীয়াই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত যিদৰে সৰুসজাইত বিশ্ব ৰেকৰ্ড কৰিলে, ঠিক সেই দৰে অহা বৰ্ষৰ ব’হাগতো বাগৰুম্বা নৃত্যৰ গীনিজ ৱৰ্ল্ড ৰেৰ্কড গঢ়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে৷ এবছুৱে নেতৃত্ব ল’বলগীয়া বাগৰুম্বা নৃত্যত ২০ হাজাৰ শিল্পীয়ে অংশ ল’ব৷ এতিয়াৰে পৰা বাগৰুম্বা নৃত্যৰ আখৰা আৰম্ভ কৰিছো৷ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে আমাক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিছে৷’ উল্লেখ্য, ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিহু পাছত বাগৰুম্বা নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব বুলি সদৰী কৰিছিল৷ এই দুটা ৰেকৰ্ডৰ পাছত খোল বাদনৰো বিশ্ব ৰেকৰ্ডৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু ৰাজকোষৰ শ শ কোটি টকা ব্যয় কৰি চৰকাৰে এটাৰ পাছত এটা বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠান আয়োজনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বি পি এফৰ বিধায়ক দুৰ্গা দাস বড়োৱে৷ 

এই সন্দৰ্ভত শাসকীয় বিজেপিৰ মিত্ৰদলৰ বিপিএফ বিধায়কজনে সংবাদ মাধ্যমৰ আগত কয়– ‘হিমন্ত বিশ্ব শৰ্মাই বিধায়িনী দলৰ বৈঠকতো কৈছে যে বিহুৰ বিশ্ব ৰেকৰ্ডৰ পাছত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বাগৰুম্বা নৃত্য কৰিব৷ কলা-সংস্কৃতিৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়া বিষয়টোত আমাৰ ক’বলগীয়া একো নাই৷ কিন্তু কলা-সংস্কৃতিক গুৰুত্ব দিবলৈ যাওঁতে এটাৰ পাছত এটাকৈ সম্প্ৰসাৰিত হৈ থাকে আৰু ইয়াক যদি চৰকাৰী আৰ্থিক সাহাৰ্যত কৰিবলগীয়া হয়, তেনেহ’লে কিমান দিনলৈ চৰকাৰে এনেদৰে আৰ্থিক সাহায্যৰে অনুষ্ঠান কৰিব তাক বিবেচনা কৰাটো উচিত৷’