Logo
image

অংকিতাৰ অংকত বিভ্ৰান্ত কংগ্ৰেছ-বিজেপি উভয়েই

আমাৰ অসম, ২১ এপ্ৰিলঃ অংকিতা দত্তৰ শেহতীয়া স্থিতিক লৈ বিভ্ৰান্ত হৈ পৰিছে কংগ্ৰেছ-বিজেপি উভয় শিবিৰৰ৷ ধাৰাবাহিক টুইটৰ পাছত সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে অংকিতা দত্তই বুধবাৰে নিশা দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ ফলত সমগ্ৰ বিষয়টো এতিয়া আইনী মেৰপেচৰ মাজত সোমাই পৰে৷ মানসিক নিৰ্যাতনৰ উপৰিও শ্ৰীনিবাসে শাৰীৰিক নিৰ্যাতন চলোৱা বুলি এজাহাৰখনত অংকিতা দত্তই স্পষ্টভাৱে অভিযোগ কৰে৷ ফলত যুৱ কংগ্ৰেছৰ শীৰ্ষ নেতাজন গ্ৰেপ্তাৰ হোৱাৰ আশংকা প্ৰবল হৈ পৰিছে৷ অংকিতা দত্তই ধাৰাবাহিক টুইট কৰি শ্ৰীনিবাসৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছত বিজেপি দলৰ একাংশ নেতা অংকিতা দত্তৰ মুকলি সমৰ্থনত নামি পৰে৷ আনকি গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও অংকিতা দত্তৰ অভিযোগ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ‘তেখেতে যদি মোক অভিযোগ দিয়ে তেতিয়াহে মই বিষয়টো চাব পৰিম৷ যিহেতু তেখেতে ৰাহুল গান্ধীৰ ওচৰত অভিযোগ দিছে সেয়ে মই একো কৰিব নোৱাৰো৷ মুখ্যমন্ত্ৰীৰ এই পৰোক্ষ সমৰ্থনৰ পাছতে অংকিতা দত্তই দিছপুৰ থানাত শ্ৰীনিবাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ দাখিলৰ পাছতে সমগ্ৰ বিষয়টো গৃহ বিভাগৰ এক্তিয়াৰৰ ভিতৰত আহি পৰে৷ গৃহ বিভাগে নিজাববীয়াকৈ এতিয়া বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিব পাৰিব৷ 

লক্ষণীয়ভাৱে অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে ধাৰাবাহিক টুইটৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দত্তক তলব কৰি তেখেতৰ পৰা সমগ্ৰ বিষয়টোৰ বুজ লয়৷ সভাপতি বৰাই অংকিতা দত্তক এক বিশেষ নিৰ্দেশনা দিয়ে৷ কিন্তু অংকিতা দত্তই সভাপতি বৰাৰ নিৰ্দেশ উলংঘা কৰাৰ পাছতে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছে তেখত কাৰণ দশোৱাৰ জাননী জাৰি কৰে৷ আনহাতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে সভাপতিয়ে আশ্বাস দিয়াৰ পাছতো শাসকীয় পক্ষৰ নিৰ্দেশ মৰ্মেই এইবোৰ কাৰ্যপন্থা অংকিতা দত্তই লোৱা যেন বৰ্তমান অনুভৱ হৈছে৷ তেন্তে সঁচাকৈয়ে বিজেপি দল আৰু চৰকাৰৰ পৰামশ ক্ৰমে অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰিছে নেকি? ইয়াৰ পূৰ্বে ২০২২ চনৰ এপ্ৰিল মাহত নাথুৰাম গড্‌ছে সন্দৰ্ভত কৰা এটা টুইটৰ কাৰণে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গুজৰাটৰ কংগ্ৰেছ বিধায়ক জীগনেশ মেৱানীক৷ কোকৰাঝাৰত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত সুদূৰ গুজৰাটৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিছিল জীগনেশ মেৱানীক৷ তেন্তে কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে শ্ৰীনিবাসৰ ওপৰতো একেই পন্থা গ্ৰহণ কৰিব নেকি অসম আৰক্ষীয়ে৷ ইতিমধ্যে শ্ৰীনিবাস আৰু তেওঁৰ দল কংগ্ৰেছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ বিজেপিয়ে সন্মুখীন হোৱা অথন্তৰৰ সমান্তৰালভাৱে কৰ্ণাটক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ষ্টাৰ কেম্পেইনাৰ হিচাপে দলে প্ৰক্ষেপ কৰিছে৷ তাৰ ফলত অংকিতা দত্ত আজিৰ তাৰিখত বিজেপিৰ বাবে ট্ৰাম্প কাৰ্ড স্বৰূপ হৈ পৰিছে৷ তেন্তে অংকিতা দত্তক সন্মুখত ৰাখি শ্ৰীনিবাস আৰু তেওঁৰ  দল কংগ্ৰেছক কৰ্ণাটকত আঘাত হনাৰ ৰণকৌশল ৰচনা কৰিছে নেকি বিজেপি দলে? কিন্তু বিজেপি দলে অংকিতা দত্তক গ্ৰহণ কৰিব নে নাই? ইয়াক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনত সৰৱ চৰ্চা আৰম্ভ হৈছে৷ 

কংগ্ৰেছৰ পৰা যদি অংকিতা দত্ত বহিষ্কৃত হয় তেন্তে তেখেতৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে নে নাই সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই৷ অংকিতা দত্তই ইতিমধ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দল-চৰকাৰৰ বিৰুদ্ধে বহু কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ আনকি ৰাজপথত মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধবনি দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ প্ৰতিচ্ছবি থকা হৰ্ডিঙত ক’লা ৰঙো সানি দিছিল অংকিতা দত্তই৷ অংকিতা দত্তৰ ৰাজনৈতিক পৰিপক্কতাক লৈ আজিও নিশ্চিত হ’ব পৰা নাই বাজপেয়ী ভৱন৷ কিন্তু অংকিতা দত্ত যে অসমৰ বিজেপি দল আৰু চৰকাৰৰ পৰা মুকলি সমৰ্থন লাভ কৰিছে সেয়া ইতিমধ্যে কাম-কাজৰ পৰা স্পষ্ট হৈ পৰিছে৷ বিশেষকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক মহিলা আয়োগৰ অস্বাভাৱিক তৎপৰতা, মুখ্যমন্ত্ৰী আৰু একাংশ বিজেপি নেতাৰ মন্তব্যৰ পৰা নিশ্চিত হৈছে যে কৰ্ণাটক নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ কংগ্ৰেছ নেতা শ্ৰীনিবাসক জটিল আইনী মেৰপেচৰ সন্মুখীন হ’ব লাগিব অংকিতাৰ এজাহাৰৰ বাবে৷