Logo
image

গৰমে বাধা দিব দেশৰ প্ৰগতিতঃ ভাৰতৰ ৯০ শতাংশ অঞ্চলেই ভয়াৱহ গৰমৰ কবলত

আমাৰ অসম, ২১ এপ্ৰিলঃ ভাৰতত এইবাৰ গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ এপ্ৰিল মাহতেই ভাৰতত সাধাৰণতকৈ পাঁচ ডিগ্ৰী চেলছিয়াছ অধিক গৰম হৈছে৷ গতিকে সহজে অনুমান কৰিব পাৰি যে জুন-জুলাই মাহত দেশত গ্ৰীষ্ম প্ৰবাহে কেনে ভয়ংকৰ ৰূপ ধাৰণ কৰিব৷ তেনে সময়তে এটা অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে বৰ্তমান ভাৰতৰ মুঠ অঞ্চলৰ ৯০ শতাংশই ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ কবলত৷ এটা নতুন অধ্যয়নে এই কথা প্ৰকাশ কৰিছে৷ অধ্যয়নটোৱে দাবী কৰে যে ভাৰতৰ ৯০ শতাংশ অঞ্চলেই বৰ্তমান ‘বিপজ্জনক অঞ্চল’ৰ অন্তৰ্ভুক্ত৷ জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ গৰমে ভাৰতৰ এই অঞ্চলবোৰক অধিক বিপদৰ মাজলৈ ঠেলি দিছে৷ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ ৰেমিট দেৱনাথ আৰু তেওঁ সহযোগীয়ে এই অধ্যয়ন চলাইছিল৷ তেওঁলোকে দাবী কৰে যে ভাৰতৰ ৰাজধানী দিল্লী ভয়ংকৰ গৰমৰ ক্ষেত্ৰত আটাইতকৈ বিপজ্জনক স্থান৷ ইয়াতেই গৰমৰ আটাইতকৈ ভয়ংকৰ প্ৰভাৱ পৰিব৷ এই ভয়ংকৰ গৰমে ভাৰতৰ বিকাশতো বাধা প্ৰদান কৰিব৷ কাৰণ গৰমৰ বাবেই সমগ্ৰ ভাৰততে কাম-কাজ ব্যাহত হ’ব৷ ২০৫০ চনৰ ভিতৰত ভাৰতত প্ৰচণ্ড গৰমে ঘৰৰ বাহিৰত হোৱা কাম-কাজ ১৫ শতাংশ হ্ৰাস কৰিব৷ এয়া অতি উদ্বেগজনক বিষয়৷