Logo
image

শুৱালকুছিত জণ্ডিচত আক্ৰান্ত হৈ প্ৰয়াত হীৰেণ দাস

ডিজিটেল সংবাদ, শুৱালকুছিঃ মুখ্যমন্ত্ৰীৰ সমষ্টি আমিনগাঁৱত জণ্ডিচত আক্ৰান্ত হৈ ৯ জনকৈ লোকৰ মৃত্যু হোৱাৰ সময়তে শুৱালকুছিতো বৃহস্পতিবাৰে এজন ষাঠি উৰ্ধৰ লোক জণ্ডিচত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। পশ্চিম শুৱালকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত শুৱালকুছি ভাটী পাৰাৰ হীৰেণ দাস (৬১) নামৰ লোকজনৰ মাৰ্চ মাহৰ পহিলা সপ্তাহতে শুৱালকুছি চিকিৎসালয়ত জণ্ডিচ ৰোগ ধৰা পৰে যদিও উন্নত চিকিৎসাৰ অভাৱত আৰোগ্য নহ'ল। দিনে দিনে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে চেন্নাইৰ এপলো হস্পিতালৈ নিয়ে। তাতো ৰোগ নিৰাময় নোহোৱাত পুনৰ স্বগৃহলৈ ওভতাই আনে। 

পিছত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়। বিগত এসপ্তাহ ধৰি চিকিৎসালয়ত চিকিৎসকে উন্নত মানৰ চিকিৎসা প্ৰদান কৰে যদিও সুস্থ নহ'ল হীৰেণ দাস। অৱশেষত বৃহস্পতিবাৰে নিশা হীৰেণ দাসৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। অসমৰ বিভিন্ন অঞ্চল জণ্ডিচৰ দ্ৰুত সংক্ৰমণত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাত প্ৰয়াত দাসৰ জণ্ডিচত আক্ৰান্ত হৈ মৃত্যু হোৱা খবৰে আতংকিত হৈ পৰিছে। এই ক্ষেত্ৰত স্বাস্থ্য বিভাগক উপযুক্ত পদক্ষেপ ল'বলৈ সচেতন মহলে অনুৰোধ জনাইছে। প্ৰয়াত দাস এজন সমাজ সেৱকৰ লগতে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আছিল। ভাটীপাৰা তুলীয়া ৰাইজ ,নাওখেল প্ৰতিযোগিতা সমিতি ,ভাটিপাৰা একাদশ ক্লাৱৰ লগতে বিভিন্ন অনুষ্ঠানৰ তেওঁ সক্ৰিয় সদস্য আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সহিতে দুজন পুত্ৰ সন্তান এই সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰে।