Logo
image

প্ৰতি ক্ষেত্ৰতে ক্ৰেডিট লৈছে অখিল গগৈয়ে, বিজেপি ক্ষুব্ধ

আমাৰ অসম,২৬ এপ্ৰিলঃ  ৰংঘৰ প্ৰকল্পৰ ক্ৰেডিট কাৰ? শিৱসাগৰ বিধায়ক অখিল গগৈ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ ফচল ৰংঘৰ প্ৰকল্প৷ ৰংঘৰ প্ৰকল্পৰ ক্ৰেডিটক লৈ এতিয়া টনা আজোঁৰা লাগিছে বিধায়ক অখিল গগৈ আৰু বিজেপিৰ মাজত৷ অখিল গগৈৰ দাবী–তেওঁৰ বাবেহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰংঘৰ প্ৰকল্প অনুমোদন দিছে৷ কিন্তু বিজেপিৰ দাবী– ৰংঘৰ প্ৰকল্প মুখ্যমন্ত্ৰীৰ একক চিন্তাৰ ফচল৷ অৱশ্যে অখিল আৰু বিজেপিৰ এই অৰিয়াঅৰিৰ মাজতে ৰংঘৰ প্ৰকল্পৰ কৃতিত্ব দাবী কৰাৰ পৰা পিছ হুহকি নাথাকিল শংকৰ সংঘও৷  সোমবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা অনুষ্ঠিত এখন বৈঠকত ৰংঘৰ প্ৰকল্পৰ সৌন্দৰ্যবৰ্ধন আঁচনিৰ বিশদ আলোচনা কৰে৷ এই বৈঠকত লোকনিৰ্মাণ বিভাগৰ বিষয়াবৰ্গৰ লগতে শিৱসাগৰ জিলা উপায়ুক্ত আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ লগতে জিলাখনৰ আটাইকেইজন বিধায়ক উপস্থিত আছিল৷ ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা অনুষ্ঠানত স্থানীয় বিধায়ক অখিল গগৈক সসন্মানেৰে আমন্ত্ৰণ নজনাই এলাগী কৰি ৰাখিছিল যদিও সোমবাৰৰ বৈঠকত অখিল গগৈক উপস্থিত থকা দেখা গৈছিল৷ অৱশ্যে এই বৈঠকৰ অন্তত বিধায়ক অখিল গগৈয়ে তেওঁ দাখিল কৰা ৰংঘৰ প্ৰকল্পক মুখ্যমন্ত্ৰীয়ে অনুমোদন দিয়াত ধন্যবাদ জনাই যদিও ৰংঘৰ প্ৰকল্পৰ সম্পূৰ্ণ ক্ৰেডিট তেওঁ নিজৰ বুলিহে দাবী কৰে৷ ৰংঘৰ প্ৰকল্পৰ বৈঠকত অংশ লোৱাৰ পাছত অখিল গগৈক অধিক উৎসাহিত হৈ পৰাও দেখা যায়৷ অৱশ্যে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজেই নিজৰ ক্ৰেডিট দাবী কৰে যদিও ইয়াৰ বিপৰীতে বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই সামাজিক মাধ্যমত ৰংঘৰ প্ৰকল্প মুখ্যমন্ত্ৰীৰ একক চিন্তাৰ ফচল বুলিহে দাবী কৰে৷ সাংসদজনে লগতে ৰংঘৰ প্ৰকল্পক মুখ্যমন্ত্ৰীৰ স্বপ্নৰ প্ৰকল্প বুলি অভিহিত কৰি লাচিত মৈদাম, আলাবৈ প্ৰকল্প, লাচিতৰ ৪০০ সংখ্যক জয়ন্তীৰ দৰেই হিমন্ত বিশ্ব শৰ্মাৰ একক চিন্তাৰ ফচলৰ অন্যতম ৰংঘৰ প্ৰকল্প বুলিও উল্লেখ কৰিছে৷ অৱশ্যে বিজেপিৰ এই দাবীৰ সমান্তৰালভাৱে শংকৰ সংঘৰ ভক্তসকলে শিৱসাগৰত অনুষ্ঠিত সংঘৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনত আদৰণি সমিতিৰ সভাপতি ৰজনীকান্ত দত্ত আৰু সাধাৰণ সম্পাদক আনন্দ কুমাৰ বৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তদানীন্তন পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা আৰু প্ৰধান সম্পাদক বাবুল বৰাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত ৰংঘৰ প্ৰকল্প তথা শিৱসাগৰৰ পৰ্যটন প্ৰকল্পক লৈ দুখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল বুলি উল্লেখ কৰিছে৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পটোক লৈ কিছু পদক্ষেপ গ্ৰহণ কৰা বুলিও শংকৰ সংঘই ভক্তসকলে দাবী কৰিছে৷ কেৱল ৰংঘৰ প্ৰকল্পই নহয়, গুণোৎসৱৰ ফলাফলত শিৱসাগৰ জিলা শীৰ্ষত থকাত আওপকীয়াকৈ হ’লেও ক্ৰেডিট ল’বলৈ নেৰিলে স্থানীয় বিধায়ক অখিল গগৈয়ে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফল ঘোষণাৰ পাছতেই এই সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়–গুণোৎসৱক লৈ শিৱসাগৰৰ শিক্ষা বিভাগক অভিনন্দন জনাইছো৷ মোৰ কাৰণে গৌৰৱৰ বিষয় যে মই বিগত দুবছৰ শিৱসাগৰৰ বিধাকয়ক হৈছো আৰু বিগত দুই বছৰেই মোৰ কাৰ্যকালত শিৱসাগৰে গুণোৎসৱত অসমৰ ভিতৰত শ্ৰেষ্ঠ জিলাৰ স্বীকৃতি লাভ কৰিছে৷ এজন বিধায়কৰ বাবে ইয়াতকৈ ডাঙৰ স্বীকৃতি কিবা আছে জানো৷ এইবাৰ মোৰ সমষ্টিৰ বিদ্যালয়সমূহৰ যিমানখনক পাৰো পানী নপৰাৰ বাবে টিনৰ ব্যৱস্থা কৰিম৷