Logo
image

জটিল সময়ৰ আহ্বান

বেজবৰুৱাই কৃপাবৰ বৰুৱাৰ মুখেৰে কোৱাইছিল, ‘‘অসমীয়া মানুহ গাইগোটা পেটেভঁৰাল’’৷ বোধকৰোঁ আমাৰ এতিয়াও সেই চৰিত্ৰৰ সালসলনি হোৱা নাই৷ সন্দেহ হয় সালসলনি হোৱাৰ বোধকৰোঁ সম্ভাৱনাও নঘটিব৷ সম্প্ৰতি বিজেপি চৰকাৰক অন্ততঃ অসমৰ শাসনৰ পৰা আঁতৰাই অসমৰ স্বাৰ্থ হানি কৰাৰ বাটটো বন্ধ কৰাৰ প্ৰয়োজন জাতি-বৰ্ণ - ধৰ্ম - ভাষা - সম্প্ৰদায় নিৰ্বিশেষে অসমক ভালপোৱা সকলোৱেই বাঞ্ছা কৰিছে৷ সেইবাবে আঞ্চলিকতাবাদী শক্তিৰ পুনৰুত্থান যে অতি দৰকাৰী সেই বিষয়ে সন্দেহ নাই৷ এই প্ৰয়োজনৰ ভিত্তিত অসমত আঞ্চলিকতাবাদী দল গঠনৰ প্ৰয়াস স্বাভাৱিকভাৱেই ঘটিছে৷ যোৱাবছৰৰ পৰাই অসম সুৰক্ষা মঞ্চই সংযুক্ত আঞ্চলিক দল এটা ইতিমধ্যে গঠন কৰিছে৷ইয়াৰ উপৰিও অসমৰ মানুহে বাট চাই আছিল আৰু আছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা ‘অসম জাতীয় পৰিষদ’ৰ জন্মৰ ক্ষণলৈ৷ দলটোৱে যদিও পৰিচয় ঘোষণা কৰিছে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ আৰু কিছুদিন প্ৰয়োজন হ’ব পাৰে৷ তদুপৰি সাংসদ অজিৎ ভূঞাৰ নেতৃত্বত অসম গণ মঞ্চ নামৰ এটা দলো গঠিত হৈছে৷ তদুপৰি শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটা দল নিজাববীয়াকৈ গঠন কৰাৰ আয়োজনো কৰিছে৷ কৃষক মুক্তিয়ে অৱশ্যে এখন পতাকাৰ তলত এটা দল গঠনৰ পোষকতা কৰিছিল যদিও সেইটো সম্ভৱ হৈ নুঠাত নিজাববীয়া যত্ন কৰাৰ কথা কৈছে৷মই প্ৰথমৰে পৰাই কৈ আহিছিলোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰজাপিটোৰ তলতে সকলো গোটৰে বাবে গ্ৰহণীয় নূ্যনতম গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ আধাৰত লগ হ’ব পাৰিলে বিজেপিক প্ৰতিৰোধ কৰা সম্ভৱ হ’ব পাৰে৷ তত্ত্বগতভাৱে বা আদৰ্শগতভাৱে মিল হোৱাৰ সম্ভাৱনা সম্পৰ্কে সন্দেহ থাকিলেও মই উল্লেখ কৰি অহাৰ দৰে প্ৰয়োজনভিত্তিক কাৰ্যসূচীৰ আধাৰত সকলো লগ হোৱাৰ বাট এটা বোধকৰোঁ ভিন্নতাৰ মাজতো গঢ়ি তুলিব পাৰি৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সঠিকভাৱেই কৈছে বুলি ভাবোঁ যে ‘‘অসমৰ জাতীয়তাবাদী শক্তি ঐক্যবদ্ধ হোৱাৰ বিকল্প নাই’’৷ পৃথক পৃথক দলে প্ৰাৰ্থী নিবাৰ্চনৰ পৰা ভোটদাতাৰ ওচৰলৈ যোৱালৈকে যদি পৃথক পৃথক সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ’লে ঘাই লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা থাকিবনে? বাণীকান্ত কাকতিয়ে কৈছিল, ‘‘আদৰ্শ এটা আহুকলীয়া বস্তু’’৷ এতেকে লক্ষ্যত উপনীত হ’বলৈ যাওঁতে আদৰ্শৰ সৈতে টনা-আঁজোৰা লাগিলে সুফল পোৱা কঠিন হ’ব৷ আমি এনে এখন যুদ্ধলৈ ওলাইছোঁ যে আমি যাক যিমান দূৰলৈকে পাৰোঁ লগত নিয়াৰ যত্ন কৰিব লাগিব৷ কোনোবাই যদি মাজবাটত এৰা দিয়ে সেইটো সেই সময়ৰ পটভূমিত বিচাৰ কৰি ব্যৱস্থা ল’ব লাগিব৷আমাৰ সমস্যাবোৰৰ দীঘলীয়া তালিকা দাঙি নধৰিলেও আমি সকলোৱেই জানো যোৱা চাৰে চাৰিবছৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বানপানীত উটি-ভাহি ফুৰিও অসমৰ মানুহে থিয় দিবলৈ যেন মাটি এটুকুৰা বিচাৰি পোৱা নাই৷ অসমৰ বিজেপি দলতো চিন্তা-চচাৰ্ কৰিব পৰা মানুহ নিশ্চয় আছে৷ প্ৰতিভা আৰু দক্ষতা থকা মানুহৰো নিশ্চয় কিছুসংখ্যক ওলাব৷ কিন্তু মোৰ সন্দেহ হয় অনেকেই হয়তো গান্ধাৰীৰ দৰে নিজৰ চকু বান্ধি থৈছে৷ বান্ধ নৌহওঁতেই সোৱণশিৰিয়ে কিমানৰ ঘৰ-দুৱাৰ, সা-সম্পদ উটাই নিলে তাৰ হিচাপ চৰকাৰে বোধকৰোঁ এতিয়াও সঠিকভাৱে কৰিবলৈ সময়েই পোৱা নাই৷ সোৱণশিৰিৰ উপৰিও অৰুণাচলত চৰকাৰে দিবাং নদীত তিনিহেজাৰ তিনিশ মান মেগাৱট শক্তি উৎপাদন কৰিব পৰা আৰু এটা বান্ধ নিমাৰ্ণ কৰাৰ সিন্ধান্ত লৈছে৷ এই দুইটা বান্ধৰ পানী যেতিয়া মোকলাই দিয়া হ’ব এই দুইখন নদীৰ নামনিত থকা অসমৰ বিশাল অঞ্চলটো থাকিবনে? অসমৰ পৰা পাব পৰা জলবিদ্যুৎ, তেল, কয়লা, কাঠ কেন্দ্ৰীয় চৰকাৰক সকলো লাগে৷ তাৰবাবে ২০১৪ খ্ৰীষ্টাব্দৰ পৰাই অসমক ‘দেশৰ ইঞ্জিন’ বুলি কৈ ফুচুলাই আহিছে৷ অনেক দিয়াৰ কথা ঘোষণা কৰি আহিছে৷ আমাক দিয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ বাবে কুৰি কোটিমান ব্যয় কৰি পতা পূজা-পাটল শেষ নৌহওঁতেই ব্ৰহ্মপুত্ৰই উটাই নিলে৷ মহাৰূদ্ৰযজ্ঞ পাতিও উত্তৰ ভাৰতৰ পৰা দুশমান পূজাৰী আনি যজ্ঞ কৰিলে৷ সকলো ধোঁৱা হৈ উৰি গ’ল৷ অসম চুক্তিৰ ৬ নং দফাক লৈ এতিয়াও কৰি থকা নাটকৰ ধেমালি শেষ হোৱাই নাই৷ অসমৰ নিবাৰ্চন চমু চাপি অহাৰ লগে লগে চৰকাৰৰ ফালৰ পৰা কিমান হাজাৰ-বিজাৰ সুযোগ, সুবিধা, সাহায্য, উপঢৌকন আগবঢ়োৱাৰ কথা ঘোষণা কৰি আছে তাক দোহাৰিবৰ নি(য় সকাম নাই৷ অসমৰ মানুহে ‘কা’ৰ বিৰোধিতা কৰি থাকোঁতেই পোন্ধৰ হাজাৰ বাংলাদেশীক ইতিমধ্যে নাগৰিকত্ব দিলেই৷ এতেকে বিজেপি চৰকাৰে অসমক সকলো ফালৰ পৰা যেনেভাৱে শোষণ কৰিব পাৰে শোষণৰ সকলো বাট উলিয়াই লৈছে৷ কিন্তু অসমত উৎপাদন কৰিব পৰা উদ্যোগ স্থাপনত আগ্ৰহতো নায়েই, থকা কেইটাৰো কাগজকল দুটা বন্ধ হৈ গৈছে৷ এইখন যদি গুজৰাট বা মহাৰাষ্ট্ৰ বা আন কোনো ৰাজ্য হ’লহেঁতেন তেনেহ’লে বন্ধ কৰাৰ ঠাইত আৰু দহোটা উদ্যোগ তেওঁবিলাকে স্থাপন কৰিলেহেঁতেন৷এতিয়া শোষণৰ আন এটা কৌশলেৰে কৰ্পৰেটৰ সুৰুঙাইদি অসমীয়া কৃষকৰ খেতিৰ মাটি অধিগ্ৰহণ কৰোৱাই তেওঁলোক লাভৱান হ’ব পৰা উদ্যোগ পাতিবও পাৰে৷ এতিয়া দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যৱসায় কৰ্পৰেট গোষ্ঠীৰ হাতলৈ এৰি দি আছে৷ ইয়াৰ ফলত জনসাধাৰণৰ যি অৱস্থাই হওক, এহাতে উদ্যোগ আৰু ব্যৱসায় চলোৱাৰ মূৰ কামোৰণি চৰকাৰৰ নাথাকিব, কৰ্মচাৰী আৰু বনুৱাৰ ধৰ্মঘটৰ সন্মুখীন হ’ব নালাগিব আৰু কৰ্পৰেট গোষ্ঠীৰ পৰা হ’বলগীয়া চৰকাৰৰ আয় হৈ থাকিব৷ মুঠতে বিজেপিৰ অনুগ্ৰহত ভাৰতবৰ্ষত দুটা শ্ৰেণীৰে মানুহ থাকিব– ধনীক গোষ্ঠী আৰু সম্পূৰ্ণৰূপে বৃত্তিহীন বা নূ্যনতম বৃত্তিৰ মানুহ৷ মধ্যবিত্ত শ্ৰেণীটো লাহে লাহে সংকুচিত হ’ব৷ তেওঁলোকৰ পৰাখিনি ধনীক শ্ৰেণীৰ স্তৰলৈ উঠাৰ যত্ন কৰিব আৰু নোৱৰাখিনিয়ে চৰকাৰৰ পৰা মানৱীয় ব্যৱহাৰ আদায় কৰিবলৈ আন্দোলন কৰি মৃত্যুবৰণ কৰিব লাগিব৷ বিজেপি চৰকাৰে এইটো জানে যে স্বাধীন চিন্তা কৰা লোক এই মধ্যবিত্ত শ্ৰেণীটোৰ পৰাই ওলাই আহে৷ এই শ্ৰেণীটো দুৰ্বল কৰি দিব পাৰিলে চৰকাৰৰ বিৰুদ্ধে মাত মতা মানুহৰ সংখ্যা স্বাভাৱিকভাৱেই কমি যাব৷ আমি বোধকৰোঁ তেনেকুৱা এটা সময়লৈকে আগবাঢ়ি গৈ আছোঁ৷চৰকাৰে ৰাজকোষৰ অৱস্থা যিটো স্তৰলৈ নিছে সেই স্তৰৰ পৰা উদ্ধাৰ পোৱাৰ আশা  খীণ৷ এতেকে কৰ্পৰেট গোষ্ঠীৰ ওপৰত নিৰ্ভৰ নকৰিলে চৰকাৰ কেনেকৈ চলিব? এওঁবিলাকৰ আদব-কায়দাৰ যিটো ৰূপ সেই ৰূপেই কয় তেওঁবিলাকৰ দেখা-নেদেখা আয়ৰ বাট কিমান আছে৷ বোধকৰোঁ অটল বিহাৰী বাজপায়ীৰ দৰে ৰাষ্ট্ৰনেতা স্তৰৰ ৰাজনীতিজ্ঞ থাকিলে এনে এটা অৱস্থা নহ’লহেঁতেন৷ কিন্তু এতিয়া ইচ্চাই আইনৰ ৰূপ লোৱাৰ সময়ত সাধাৰণ মানুহৰ মুখলৈ চাওঁতাৰ সংখ্যা কমি গৈ আছে৷ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় জনসাধাৰণেই কৰিব লাগিব৷ মিঠা কথা আৰু মিছা কথাত ভোল গ’লে ক্ষতি জনসাধাৰণৰে হ’ব৷ অসমত সেইবাবেই এটা ঐক্যবদ্ধ বিৰুদ্ধ শক্তিৰ প্ৰয়োজন বাঢ়ি আহিছে৷ এতিয়া মাজত থকা সৰু-সুৰা বিভাজন কেনেকৈ অতিক্ৰম কৰি মূল লক্ষ্যলৈ যাব পাৰি সেইটোৱেই ঘাই লক্ষ্য হ’ব লাগিব৷ সহনশীলতাৰে কেনেকৈ সকলো মুঠ বান্ধি থিয় দিব পাৰি সেই যত্ন নকৰিলে ক্ষতি আমাৰেই হ’ব৷ মই আশা কৰোঁ যিকেইটি নতুন আঞ্চলিকতাবাদী দল গঠিত হৈছে আৰু গঠিত হ’ব পাৰে সকলোৱেই প্ৰাচীৰৰ এই লেখা নপঢ়িলে বিপদ ঘটাৰ সম্ভাৱনাই বেছি হ’ব৷ নিজৰ স্থিতিত আঁকোৰগোজ হৈ থাকি যাতে আমি কোনেও বিপদ ঘনীভূত নকৰোঁ তাৰ প্ৰতি সতৰ্ক হৈ কাম কৰিব পাৰিলে জনতাৰ জয় অনিবাৰ্য৷