Logo
image

তিনিটা সন্তানৰ মাতৃ হৈ বিপদত পঞ্চায়ত সভানেত্ৰীঃ খাৰিজ কৰিলে সভানেত্ৰীৰ পদ

ডিজিটেল সংবাদ, জুৰিয়াঃ দুৰ্নীতি-অনিয়মত লিপ্ত হোৱাৰ অভিযোগত নহয়, তিনি সন্তানৰ মাতৃ হোৱাৰ বাবেই শাস্তিৰ সন্মুখীন হৈছে এগৰাকী পঞ্চায়ত সভানেত্ৰী। বিভাগীয় কঠোৰ নিৰ্দেশনা থকাৰ পিছতো তৃতীয়টো সন্তান জন্ম দিয়াৰ বাবেই শাস্তিৰ সন্মুখীন হ'ল জুৰিয়াৰ এগৰাকী পঞ্চায়ত সভানেত্ৰী। 

নগাঁও জিলাৰ জুৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত দগাঁও -ধিংগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী হাছনা হেলেন তৃতীয় সন্তানৰ মাতৃ হোৱাৰ বাবেই সভানেত্ৰী পদ খাৰিজ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। উল্লেখ্য যে পূৰ্বে দুটি সন্তানৰ মাতৃ হাছনা হেলেনে নিৰ্বাচনত জয়ী হোৱাৰ পিছত পুনৰ তৃতীয়টো সন্তান জন্ম দিয়াক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। পঞ্চায়তটোৰ একাংশ লোকে সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাই নগাঁও জিলাৰ উপায়ুক্তকে ধৰি বিভাগীয় উৰ্দ্ধতন কৰ্তৃপক্ষক অভিযোগ পত্ৰ দাখিল কৰাৰ পিছতে বিভাগীয় তদন্তৰ অন্তত বিভাগীয় নীতি-নিয়ম উলংঘা কৰি তিনিটা সন্তানৰ মাতৃ হোৱাৰ বাবেই যোৱা বৃহস্পতিবাৰে তেওঁৰ সভানেত্ৰী পদ খাৰিজ কৰে।

তেওঁৰ ঠাইত নতুনকৈ পঞ্চায়ত সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে পঞ্চায়তটোৰ উপ-সভাপতি ছাদিকুৰ ৰহমানক। ছাদিকুৰ ৰহমানে আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰাইজৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।