Logo
image

আজাৰাত ৰে'লৰ খুন্দাত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা-গোৱালপাৰা সংযোগী ৰে'লপথত শনিবাৰে পুৱা প্ৰায় ৪:৪৫ বজাত ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু হয়। প্ৰায় ৫০ বছৰ উৰ্ধৰ নীলা জিনছ পেণ্ট আৰু বগা চাৰ্ট পৰিহিত মিঠা বৰণৰ লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই৷

জানিব পৰা মতে পুৱা আজাৰা ৰে'ল ষ্টেচনৰ সমীপৰ মাটিয়াত ৰে'লৰ খুন্দাত কোনো লোক নিহত হৈছে বুলি আজাৰা ৰে'ল ষ্টেচনৰ  ষ্টেচন মাষ্টাৰে আজাৰা থানাক অৱগত কৰে। খবৰ পাই  আজাৰা আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপক কুমাৰ সৰকাৰৰ নেতৃত্বত এটা আৰক্ষীৰ দল গৈ কিছু সময় ৰে'লপথত বিচৰাৰ অন্তত মাটিয়াত ৰে'লপথত ৰে'লৰ খুন্দাত মুৰত আঘাতপ্ৰাপ্ত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে  মৃতদেহটো  উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত অচিনাক্ত মৃতদেহটো ৭২ ঘণ্টা চিনাক্তকৰণৰ বাবে জি এম চি এইছৰ মৰ্গত ৰখা হৈছে  বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।