Logo
image

১১ মে’ত প্ৰশস্ত হ’ব এক লাখ চাকৰিৰ লক্ষ্য পূৰণৰ পথ

আমাৰ অসম, ৩০ এপ্ৰিলঃ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্যত প্ৰায় কাষ চাপিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ৷ অহা ১১ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠানত একেলগে ৫০ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব৷ স্বাভাৱিকতে এয়া দেশৰ ভিতৰতে এক অভিলেখ হ’ব৷ ইতিমধ্যে ৰাজ্য চৰকাৰে গৃহ, শিক্ষাকে ধৰি বিভিন্ন বিভাগত প্ৰায় ৪২ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিছে৷ ১১ মে’ত একেলগে ৫০ হাজাৰ চাকৰি প্ৰদান কৰিলে প্ৰায় ৯২ হাজাৰ চৰকাৰী চাকৰি প্ৰদানৰ কাম সম্পূৰ্ণ কৰিব ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে৷ কাৰ্যতঃ সেইদিনাই প্ৰশস্ত হ’ব এক লাখ চাকৰিৰ লক্ষ্য পূৰণৰ পথ৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে অহা জুনত পুনৰ ৬ হাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন ওলাব৷ সেই হিচাপে চলিত বৰ্ষৰ ভিতৰতে চৰকাৰৰ ৰ লাখ চৰকাৰী চাকৰিৰ নিযুক্তিৰ স্বপ্ন পূৰণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ 

উল্লেখ্য যে শনিবাৰে দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে ১ লাখ চাকৰিৰ নিযুক্তিৰ অংশ হিচাপে অনুষ্ঠিত কৰা ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফলসমূহে ক্ৰমে অহা ৩ আৰু ৪ মে’ত ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে বাখ্যা কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে ‘আজিৰ কেবিনেটৰ বৈঠকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ফলাফল ক্ৰমে ৩ আৰু ৪ মে’ত ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ অহা ১৫-২০ দিনৰ ভিতৰত নিযুক্তি প্ৰাপকসকলৰ নিযুক্তি পত্ৰ বিতৰণৰ প্ৰস্তুতি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ কাৰ্যসূচীত ৫০,০০০ চৰকাৰী চাকৰিৰ নিযুক্তিৰ অংশ হিচাপে এই তৃতীয় আৰু চতুৰ্থবৰ্গৰ চাকৰিৰ নিযুক্তি পত্ৰ সমূহো বিতৰণ কৰা হ’ব৷ পহিলা জুনত নিযুক্তিপ্ৰাপ্তসকলে চাকৰিত যোগদান কৰিব পাৰিব৷’ মন্ত্ৰী বৰুৱাই কয় যে আজিৰ কেবিনেটৰ বৈঠকে জিলা পৰ্যায়ত প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰতো সুদুৰপ্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি এতিয়াৰে পৰা ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ জিলাখনৰ বৰঙণি কিমান ইয়াৰ ভিত্তিত জিলা উপায়ুক্তসকলৰ কৰ্মদক্ষতা নিৰূপন কৰা হ’ব৷ উপযুক্ত প্ৰতিস্থাপন নোহোৱালৈকে আইএএছ, এচিএছ, এএলআৰএছ বিষয়াসকল সাধাৰণ পৰিস্থিতিত ছুটিত যাব নোৱাৰিব৷ জিলাখনৰ জনসংখ্যাৰ ওপৰত নিৰ্ধাৰণ কৰি স্থিৰ কৰা প্ৰশাসনিক বিষয়াৰ পদ কোনো কাৰণতে খালী ৰখা নহ’ব৷ চৰকাৰী আঁচনিসমূহ জিলাসমূহে কেনেদৰে ৰূপায়ণ কৰিব পাৰিছে ইয়াৰ মূল্যায়ন কৰা হ’ব৷ কেবিনেটে ৫ খন মিনি আই আই টিত ঠিকাভিত্তিত ফিক্সপে’ত নিয়োজিত ১৭০ গৰাকী কৰ্মচাৰীৰ বছৰি ৩ শতাংশ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে৷ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণৰ বাবে কেবিনেটে ৬১৪.৯৩ কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে৷