Logo
image

সীমাচুক্তিক অংগুষ্ঠ, আগ্ৰাসী অৰুণাচলী

আমাৰ অসম, ৩০ এপ্ৰিলঃ  অসম চৰকাৰ তথা অৰুণাচল চৰকাৰে চৰকাৰী সিদ্ধান্ত অনুসৰি দুয়োখন ৰাজ্যৰ মাজৰ সীমাসমস্যা সমাধান হোৱা বুলি ঘোষণা কৰাৰ সময়তে সীমাচুক্তিলৈ পিঠি দি আগ্ৰাসন অব্যাহত ৰাখিছে একাংশ অৰুণাচলীয়ে৷ লখিমপুৰ জিলাৰ কাকৈ সীমান্তত অৰুণাচলী লোক তথা অৰুণাচলৰ পাপুমপাৰে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মীৰ উপদ্ৰৱ তথা প্ৰাণেমৰা ভাবুকিৰ বাবে আজি অসমৰ ভূমিতে অসমৰ ৰাইজ আতংকিত, শংকিত৷ সমান্তৰালকৈ লখিমপুৰ আৰক্ষী প্ৰশাসনৰ অধীনস্থ পাঁচজন বেটেলিয়ানকৰ্মী আৰু ৪জন বনকৰ্মীও প্ৰশাসন-চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে নিঠৰুৱা হ’বলগা হৈছে৷ প্ৰাপ্ত তথ্য মতে, উল্লিখিত অৰুণাচলী লোক তথা প্ৰশাসনীয় লোকসকলে ২২ এপ্ৰিলত লখিমপুৰ জিলা প্ৰশাসনে কাকৈত অসমৰ ভূমিত নিৰ্মাণ কৰা সীমা সুৰক্ষা শিবিৰটোও ভয়-ভাবুকি প্ৰদানেৰে কাঢ়ি লোৱাৰ পাছত উক্ত স্থানত পুনৰ অৰুণাচলী ৰাইজৰ সহযোগত নিৰীক্ষণ শিবিৰ নিৰ্মাণ কৰি দিনে-নিশাই অৰুণাচলী অসমৰ ভূমি দখলৰ প্ৰতি সক্ৰিয় হৈ আছে৷ য’ত অৰুণাচলৰ প্ৰশাসন যন্ত্ৰ, নিৰ্বাচিত জনপ্ৰতিনিধি সদা-সষ্টম হৈ থাকে৷

উল্লেখ্য, দুয়োখন ৰাজ্যৰ চৰকাৰৰ মাজত যদিওবা কাগজে-পত্ৰই দীৰ্ঘদিনীয়া সীমাসমস্যা সমাধান হৈছে তথাপি এই সমস্যা সমাধানত যে অৰুণাচলী লোকসকলে সহযোগিতা আগবঢ়োৱা নাই সেয়া স্পষ্ট হৈ পৰিছে৷ বিগত সময়ত লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী লোকে অসমৰ ৩০ হেক্টৰ বনাঞ্চলৰ গছপুলি তথা ফেনচিং কাটি নিঃশেষ কৰাৰ পাছত লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলতো বৰ্তমান অৰুণাচলী লোক তথা প্ৰশাসনে অসমৰ ভূমি বলপূৰ্বক দখল কৰিবলৈ গৈ যুদ্ধংদেহী মনোবৃত্তি প্ৰকাশ কৰাৰ লগতে বন ধবংসযজ্ঞ অব্যাহত ৰাখিছে৷  অসমৰ কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুবৃত্তৰ্ই ৫০ বিঘাৰো অধিক ভূমিৰ বনাঞ্চল কাটি ধবংস কৰি ঐতিহাসিক ৰজাদিনীয়া ৰাজগড় আলি তথা গোঁহাই কমল আলিপৰ্যন্ত সীমা দাবী কৰাতে ক্ষান্ত নাথাকি ৪৫০০ হেক্টৰৰ কাকৈ বনাঞ্চলখনকে দাবী কৰিছে অৰুণাচলে৷ অৰুণাচল প্ৰশাসনৰ সহযোগত হাতে হাতে দা, কুঠাৰ, লাঠি, জোঙৰ উপৰি বন্দুক লৈ ৰাজগড় আলিলৈকে অৰুণাচলৰ সীমা বুলি দাবী কৰি আগবাঢ়ি অহাৰ বাবে সষ্টম৷ যাৰ ফলত জিলাখনৰ অসম-অৰুণাচল সীমান্তত সম্প্ৰতি এক যুদ্ধংদেহী পৰিৱেশে বিৰাজ কৰিছে৷ ইতিমধ্যে কাকৈ সীমান্তৰ পৰিৱেশ পৰ্যবেক্ষণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰে পৰা আৰম্ভ কৰিছে প্ৰতিবাদ৷  পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰদীপ শৰ্মা, জিলা সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত ভূঞা, জিলা সমিতিৰ যুটীয়া সম্পাদক অৰুণ গগৈয়ে কয়- অৰুণাচলে অসমৰ বনভূমিৰ প্ৰায় দুই কিলোমিটাৰ অসমৰ দিশে সোমাই অহাৰ লগতে ইতিমধ্যে ৪,৫০০ হেক্টৰৰ বনাঞ্চলখনৰ প্ৰায় ২০০০ হেক্টৰ বনাঞ্চল দখল কৰিছে৷ 

এইক্ষেত্ৰত অৰুণাচলে সম্পূৰ্ণ নীতিবিৰুদ্ধ কাম কৰিছে৷ সেয়ে অৰুণাচলে শীঘ্ৰে অসমৰ বেদখলকৃত ভূমি ত্যাগ কৰক৷ সমান্তৰালকৈ অসম চৰকাৰেও এক শক্তিশালী স্থিতি গ্ৰহণ কৰি অসমৰ সীমান্তৱৰ্তী ৰাইজৰ সুৰক্ষা নিশ্চিত কৰক৷  পৰিতাপৰ কথা যে, ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমিতে ভীতিগ্ৰস্ত হৈছে অসমৰ বাসিন্দা৷ এনে অৱস্থাত জাতি, মাটি, ভেটিৰ কথা কোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমৰ ৰাইজ, সীমান্তৱৰ্তী বাসিন্দাৰ ৰাইজৰ অৱস্থাৰ দিশটোৰ প্ৰতি গুৰুত্ব দিবনে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে৷ লক্ষ্যণীয় যে, অসমৰ ভূমি দখলৰ বেলিকা অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতাত অৰুণাচলীক যিদৰে উৎসাহ দিছে তেনেদৰে অসম চৰকাৰে কোনো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷