Logo
image

ভগ্নী শাহিনক ফ্লেট উপহাৰঃ আলিয়াৰ নতুন ঠিকনা ৩৮ কোটি টকীয়া প্ৰাসাদ

অতি কম বয়সতে বলীউডত নিজৰ স্থিতি মজবুত কৰি সফলতাৰ আকাশ স্পৰ্শ কৰিছে মহেশ কন্যা আলিয়া ভাটে৷ প্ৰায়েই লাইম লাইটত থাকে ৰণবীৰ কাপুৰৰ পত্নী আলিয়া ভাট কাপুৰ৷ বৰ্তমান বলীউডৰ অন্যতম জনপ্ৰিয় নায়িকা আলিয়া ভাট৷ যোৱা মাহত জীৱনৰ ৩০টা বসন্ত গৰকিছে ‘গংগোবাই’খ্যাত আলিয়া ভাটে৷ অকল ৰীল লাইফতে নহয় ৰীয়েল লাইফতো চৰ্চাত থাকে আলিয়া৷ শেহতীয়াকৈ নিজৰ কাৰণে এটা বিলাসবহুল প্ৰাসাদ ক্ৰয় কৰিছে আলিয়াই৷ শুনিলে আচৰিত লাগে যে নিজৰ ফ্লেটটোৰ লগতে আৰু দুটা ফ্লেট ক্ৰয় কৰি উপহাৰ দিছে ভগ্নী শাহিন ভাটক৷ আলিয়াই লগতে নিজাকৈ এটা প্ৰডাকশ্বন হাউচ খুলিছে৷ জানিব পৰা মতে তেওঁ ক্ৰয় কৰা বিলাসী প্ৰাসাদটোৰ মূল্য হ’ল ৩৭.৮০ কোটি টকা৷ আনহাতে ভনীয়েকক উপহাৰ দিয়া ফ্লেট দুটাৰ মূল্য হ’ল ৭.৬৮ কোটি টকা৷ বৰ্তমান আলিয়াৰ নতুন ঠিকনা হ’ল পালি হিল এলেকাৰ ভিউ কোঃঅপাৰেটিভ হাউচিং ছ’চাইটী৷ ভনীয়েক শাহিনক উপহাৰ দিয়া ফ্লেট অৱস্থিত মুম্বাইৰ জুহু এলেকাত৷