Logo
image

অসমীয়া ছবি কৰাৰ মন ভাগ্যশ্ৰীৰ

আমাৰ অসম, ১ মে': ‘ভাল কাহিনী পালে মই অসমীয়া চলচ্ছিত্ৰত কাম কৰিবলৈ মই আগ্ৰহী-এইদৰে কয় বলিউডৰ মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰী দাচানীয়ে৷ গুৱাহাটীৰ ৰুক্মিণীগাঁৱত থকা আই অ’ছিছ ৱেলনেছ চেণ্টাৰত দেওবাৰে সাংবাদিকৰ সৈতে হোৱা এক মত-বিনিময় অনুষ্ঠানত অংশলৈ অভিনেত্ৰীগৰাকীয়ে লগতে কয়-অসমখন ভাৰতৰে অংশ৷ মই তামিল, তেলেগু আদি ভিন্ন ভাষাৰ ছবিত অভিনয় কৰিছো৷ সেয়েহে ভাল কাহিনী পালে নিশ্চয় অসমীয়া ছবিত অভিনয় কৰিম৷  অসমখন বৰ ধুনীয়া আৰু সেউজীয়া৷  অসমখন লোকসংস্কৃতিৰে ভৰা এখন ঠাই৷ অসমৰ লোকসকল সংস্কৃতিবান৷ অসমতেই মোৰ পুত্ৰ অভিমন্যুই প্ৰথমবাৰৰ বাবে লাভ কৰিছিল ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰিছিল৷ অসমৰ লগত জড়িত হ’বলৈ মই উৎসুক৷ অসমৰ মেখেলা চাদৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ভাগ্যশ্ৰী দাচানী৷ 

তেওঁ পুনৰ কয়– ‘মই নিজেও পিন্ধিছিলোঁ মেখেলা চাদৰ আৰু পিন্ধিব বিচাৰোঁ৷ তেওঁৰ বলিউদৰ যাত্ৰাত বহুতো অভিজ্ঞতাৰ বিষয়ে কয়৷ লগতে তেওঁ বলিউডৰ তাৰকা ছলমানৰ খানৰ সৈতে অভিনয় কৰা ‘মেনে পিয়াৰ কিয়া’ চলচ্ছিত্ৰখনৰ বহুতো অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে৷ ভাগ্যশ্ৰী দাচানীয়ে ধুনীয়া আৰু সু-স্বাস্থ্যবান হৈ থকাৰ বহুতো টিপচ দিয়ে৷ তেওঁ নিজৰ স্বাস্থ্য যত্নৰ বিষয়ে এইদৰে কয়’ খাদ্য সদায় আনন্দ মনেৰে খাব লাগে৷ ঘৰত বনোৱা সতেজ খাদ্য খাব লাগে৷ বেছি তেল-মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে৷ সদায় শাৰীৰিক ব্যায়াম কৰিব লাগে৷ লগতে সেউজীয়া শাক পাচলি আৰু ফল-মূল খাব লাগে৷ মানুহে কেৱল বাজ্যিকভাৱে সুন্দৰ হ’লে নহ’ব, অন্তৰৰ পৰা সুন্দৰ হ’ব লাগিব৷ অন্তৰৰ পৰা সুন্দৰ হ’বলৈ ইতিবাচক চিন্তা কৰিব লাগিব৷ মনটো সুন্দৰ কৰি ৰাখিব লাগিব৷ আই অ’ছিছৰ বিষয়ে অভিনেত্ৰী গৰাকীয়ে কয়’- মই মুম্বাইৰ আই অচিছত নিয়মীয়াকৈ আহোঁ৷ শৰীৰৰ মালিচ কৰাৰ বাবে৷  যিয়ে আপোনাৰ সকলো ক্লান্তি নিমিষতে দূৰ কৰি দিব পাৰে৷ মই বডী মালিচ নিয়মিত ভাৱে লওঁ৷’ অনুষ্ঠানত আই অ’ ছি ছৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিৰণ বাৱা উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷