Logo
image

আৰক্ষীয়ে ঢুকি নাপালে আজমলক

আমাৰ অসম, ৩মে': সাধাৰণ অভিযোগৰ ভিত্তিতে যিসময়ত অসম আৰক্ষীয়ে বিভিন্নজনক থানালৈ মাতি আনি জেৰা বা আটক কৰিছে সেই সময়তে কিন্তু বদৰুদ্দিন আজমলৰ দৰে লোকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু হৈ থকাৰ পিছতো অসম আৰক্ষীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰিছে ৰহস্যজনক মৌনতা৷ এ আই ই ডি এফৰ মুৰব্বী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ আজমলৰ বিৰুদ্ধে যে কেৱল বিভিন্ন দল-সংগঠন বা ব্যক্তি বিশেষ গোচৰ ৰুজু কৰিছে এনে নহয়৷ শাসকীয় দল বিজেপি তথা ইয়াৰ ভগ্নী সংগঠন সমূহেও গোচৰ ৰুজু কৰাৰ পিছতো মৌন হৈ আছে অসম আৰক্ষীৰ দৰে সক্ৰিয় বিভাগ এটা৷ বছৰৰ পিছত বছৰ ধৰি আজমলৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত শতাধিক গোচৰ ৰুজু হৈ আছে৷ আৰক্ষীয়ে এই গোচৰসমূহ   যেন ৰুজু কৰিয়ে নিজৰ দায়িত্ব সামৰিছে৷ এই পৰ্যন্ত বদৰুদ্দিন আজমলক কোনো এখন থানাই মাতি আনি তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ সোধা পোচা নকৰিলে৷ কিন্তু একে আৰক্ষীয়ে কিছুমান অভিযোগৰ ক্ষেত্ৰত কিমান সক্ৰিয়তা প্ৰদৰ্শন কৰি আছে সেয়া ৰাজ্যবাসীৰ সন্মুখত ইতিমধ্যে স্পষ্ট হৈছে৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আজমলৰ বিৰুদ্ধে হুংকাৰ দি আজমলৰ দ্বাৰা পৰিচালিত সংস্থাত জেহাদীৰ পুঁজি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি ইয়াৰ তদন্তৰ কথা ঘোষণা কৰিছিল৷ কিন্তু নিৰ্বাচনৰ পিছত যেন মুখ্যমন্ত্ৰীও পাহৰি গ’ল তেওঁৰ পূৰ্বৰ সেই হুংকাৰ৷ আজমলে মুছলিম মহিলাক উদ্দেশ্যি আৰু হিন্দু ধৰ্মৰ যুৱকৰ বিৰুদ্ধে আপত্তিজনক বিতৰ্কিত মন্তব্য কৰিছিল৷ এই মন্তব্যৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু হয়৷ সাম্প্ৰদায়িক মন্তব্য কৰা আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া চলাবলৈ আৰক্ষীক নিৰ্দেশ দিছিলে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে৷ অসম জাতীয় পৰিষদৰ এখন আবেদনৰ শুনানী গ্ৰহণ কৰি হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এই নিৰ্দেশ দিছিলে ২০২২ চনৰ ডিচেম্বৰ মাহত৷ কৰিমগঞ্জত কৰা চূড়ান্ত সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাতীয় পৰিষদে ৰাজ্যৰ বিভিন্ন থানাত ১৪ খন এজাহাৰ দাখিল কৰিছিল৷ কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই আজমলৰ বিৰুদ্ধে কৰিমগঞ্জ সদৰ থানাই গোচৰ ৰুজু কৰিছিল৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সেই সময়ত ঘোষণা কৰিছিল যে আজমলৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ কৰিমগঞ্জ থানালৈ প্ৰেৰণ কৰা হৈছে তদন্তৰ বাবে৷ আজমল ফাউণ্ডেশ্বনৰ বিৰুদ্ধে দিছপুৰ থানাত ২০২০ চনৰ ডিচেম্বৰ মাহত অন্য এক গোচৰ ৰুজু হৈছিল৷ আনকি বিৰোধী দলপতি দেবব্ৰত শইকীয়াও আজমলৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ শিমলুগুৰি থানাত এটা গোচৰ ৰুজু কৰিছিল তেওঁ কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে৷ তেনেদৰে তৃণমূল কংগ্ৰেছও আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ অন্যতো বাদেই বিজেপি দলেও আজমলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰে যদিও আৰক্ষী এই ক্ষেত্ৰত ৰহস্যজনক ভূমিকাহে গ্ৰহণ কৰা পৰিলক্ষিত হয়৷ বদৰুদ্দিন আজমলৰ উপস্থিতিত শিলচৰ বিমান বন্দৰত ২০২০ চনৰ নৱেম্বৰ মাহত ‘পাকিস্তান জিন্দাবাদ’ ধবনি দিয়া বুলি যি বিতৰ্কৰ সৃষ্টি হৈছিল তাক কেন্দ্ৰ কৰিও কাছাৰ সদৰ থানাত গোচৰ ৰুজু হৈছিল৷ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুুহূৰ্তত বিজেপি দল বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটোক এক ৰাজনৈতিক ইচ্ছু বনাইছিল৷ গামোছাক অপমান কৰাৰ অভিযোগত ২০২১ চনৰ এপ্ৰিল মাহত আজমলৰ বিৰুদ্ধে ঐতিহ্য সুৰক্ষা সমিতিয়ে তেজপুৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল৷ এয়া কেৱল মাত্ৰ উদাহৰণহে মাত্ৰ৷ আজমলৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত বিভিন্ন সময়ত গোচৰ ৰুজু হৈছে৷ এনে গোচৰৰ সংখ্যা শতাধিক অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত কিন্তু অসম আৰক্ষীয়ে এই গোচৰ সমূহৰ তদন্তৰ ক্ষেত্ৰত নুন্যতমো অগ্ৰগতি লাভ নকৰিলে৷ আজমলৰ নাম আহিলেই আধা বাটতে যেন স্তব্ধ হৈ পৰে আৰক্ষীৰ সকলো তদন্ত প্ৰক্ৰিয়া৷ আৰক্ষীয়ে যেন আজি পৰ্যন্ত ঢুকিয়ে নাপালে আজমলক৷ যাৰ বাবে তেওঁ সদায়ে আৰক্ষীৰ তদন্তৰ আওতাৰ বাহিৰত আছে৷ অথচ আজমলৰ বিৰুদ্ধে নিৰ্বাচন আহিলেই যুদ্ধংদেহী ৰূপ ধাৰণ কৰে বিজেপি দল আৰু ইয়াৰ নেতাসকল৷ আজমল যেন বিজেপিৰ বাবে ৰাজনৈতিক ট্ৰাম্প কাৰ্ডহে৷