Logo
image

দেৱাংগনাৰ জামিন নাকচৰ দিল্লী আৰক্ষীৰ আৱেদন খাৰিজ

আমাৰ অসম, ৩মে': অসম তনয়া দেৱাংগনা কলিতাৰ বিৰুদ্ধে ২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ‘ব্লুপ্ৰিণ্ট’ ৰচনা কৰাৰ অভিযোগ অনা দিল্লী আৰক্ষীয়ে পুনৰ ন্যায়ালয়ৰ মজিয়াত মুখ থেকেচা খালে৷  দেবাংগনা কলিতা তথা তেওঁৰ দুই সহযোগী নাতাশা নৰৱাল আৰু আছিফ ইকবাল তানহাৰ জামিনক প্ৰত্যাহ্বান জনাই এইবাৰ উচ্ছতম ন্যায়ালয়ত ভৎৰ্সণা হ’ব লগা হ’ল দিল্লী আৰক্ষী৷ ২০২০ চনৰ মে মাহত দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰৰোচনা দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে দেৱাংগনা কলিতা আৰু তেওঁ সহযোগী সকলক গ্ৰেপ্তাৰ কৰিছিল৷ এবছৰৰো অধিককাল কাৰাবাসত থকাৰ পিছত দিল্লী উচ্ছ ন্যায়ালয়ে ২০২১ চনৰ ১৫ জুনত তেওঁলোকক জামিনত মুক্তি প্ৰদান কৰিছিল৷ ইয়াৰ পিছত দিল্লী আৰক্ষীয়ে উচ্ছ ন্যায়ালয়ৰ নিৰ্দেশনাক প্ৰত্যাহ৩ান জনাই উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও বাৰম্বাৰ শুনানী স্থগিত ৰখাৰ বাবে আবেদন জনাই আহিছিল৷ ৯ বাৰকৈ স্থগিত ৰখাৰ আবেদন জনোৱা দিল্লী আৰক্ষীয়ে আজি পুনৰ ন্যায়াধীশ সঞ্জয় কিশান কৌল আৰু আছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠৰ সমুখত শুনানী স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল৷ ইয়াতেই বিচাৰপীঠে আজি ক্ষুব্ধ হৈ পৰে৷ দিল্লী আৰক্ষীৰ প্ৰতিনিধিত্ব কৰা আইনজীৱীক খণ্ড বিচাৰপীঠে যি যুক্তি প্ৰদৰ্শন কৰিব বিচাৰে আজিয়ে কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ কোনোধৰণৰ যুক্তি আগবঢ়োৱাত ব্যৰ্থ হোৱা হেঁতু ন্যায়ালয়ে দেৱাংগনা, নাতাছা আৰু আছিফৰ জামিনৰ বিৰুদ্ধে কৰা দিল্লী আৰক্ষীৰ আবেদন নাকচ কৰি চূড়ান্ত ৰায় প্ৰদান কৰে৷ উল্লেখ্য যে দিল্লী আৰক্ষীয়ে দেৱাংগনা আৰু তেওঁৰ দুই সহযোগীক আনলফুল এক্টিভিটিজ [প্ৰিভেনচন] এক্টৰ [উপা] অধীনত গ্ৰেপ্তাৰ কৰিছিল৷ পিছে দিল্লী উচ্ছ ন্যায়ালয়ে ২০২১ চনৰ ১৫ জুনত প্ৰদান কৰা ৰায়ত স্পষ্ট কৰি দিছিল যে শান্তিপূৰ্ণ উপায়েৰে প্ৰতিবাদ আৰু হাতত অস্ত্ৰলৈ কৰা প্ৰতিবাদৰ মাজত পাৰ্থক্য আছে৷ আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ বিৰুদ্ধে দেশত এতিয়ালৈকে কোনো আইন নাই৷ এই যুক্তিৰ আধাৰতেই উচ্ছ ন্যায়ালয়ে দেবাংগনা কলিতাকে ধৰি তেওঁ দুই সহযোগীক জামিন প্ৰদান কৰিছিল৷ উচ্ছতম ন্যায়ালয়েও দিল্লী উচ্ছ ন্যায়ালয়ৰ এই ৰায়দানক আজি বাহাল ৰাখি দিল্লী আৰক্ষীৰ আবেদন খাৰিজ কৰি দিয়ে৷