Logo
image

কৌতুহল, অনুসন্ধিৎসা আৰু অত্যধিক বিভ্ৰান্তি

শেহতীয়াকৈ  Curiouser and Curiouser এই শব্দযুগল বাৰুকৈয়ে ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিছে৷ এই শব্দ দুটাই ইতিমধ্যে অক্সফোৰ্ডৰ অভিধানত স্থানো লাভ কৰিছে৷ [অক্সফোৰ্ড ইংলিছ অভিধানত Curiouser and Curiouserৰ অৰ্থ হৈছে ‘অত্যধিক বিভ্ৰান্তি’৷] শব্দ দুটাৰ অৰ্থ বিচাৰ কৰি চালে দেখা যায় যে এই শব্দ দুটাই কৌতূহল আৰু অনুসন্ধিৎসাকো বুজায়৷ মই যেতিয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বক্তব্য পঢ়ি আছিলোঁ তেতিয়া তেওঁৰ বক্তব্যৰ পৰা এটা কথা ভালদৰে বুজি পাইছিলোঁ যে নিৰ্মলা সীতাৰমণে নতুন বাজেটৰ বাবে খচৰা প্ৰস্তুত কৰি আছে৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাষাতে এই বাজেটখন হ’ব এনে এখন বাজেট যি বাজেট আগতে কেতিয়াও নাছিল৷ তেওঁ লগতে এই বুলিও কৈছে যে এই বাজেটখনে এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব৷ বাজেটৰ প্ৰসংগৰ লগেত বহু লোকে আলোচনা কৰা আন এটা বিষয় হৈছে উচ্ছতম ন্যায়ালয়ে কৃষকৰ সমস্যা সমাধানৰ বাবে নিযুক্তি দিয়া চাৰিজনীয়া কমিটীখনৰ কথা৷ এই চাৰিজনীয়া কমিটীত যিকেইগৰাকী সদস্য ৰখা হৈছে তেওঁলোক আটায়েই কৃষি আইনকেইখনৰ সমৰ্থনকাৰী৷ এই লোককেইজনেই কৃষকৰ সৈতে চৰকাৰৰ হৈ আলোচনাত মিলিত হোৱাৰ পাছত ফলাফল কেনে হ’ব সেয়া সহজে অনুমেয়৷

আঁকোৰগোঁজ মনোভাৱঃ এই ভূমি, য’ত আমি বাস কৰো সেয়া ক্ৰমে দিন বাগৰাৰ লগে লগে আচৰিতৰ পৰা আচৰিত ভূমিলৈ পৰ্যবসিত হৈছে৷ দিল্লীৰ হিমশীতল পৰিৱেশত হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ কৰি থকা আৰু সেই প্ৰতিবাদৰ প্ৰতি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনে উদাসীনতা প্ৰকাশ কৰা বিষয়টো সঁচাকৈয়ে আচৰিত হ’বলগীয়া বিষয় নহয়নে বাৰু? কৃষকৰ আন্দোলনে এতিয়া ৫৫ দিনত ভৰি দিছে৷ [আপুনি এই স্তম্ভ পঢ়ি থকা সময়ত] এয়াও আচৰিত যেন লগা নহয়নে বাৰু?– চৰকাৰে প্ৰতিবাদী কৃষকসকলক আলোচনালৈ মাতি আছে আৰু এইখন চৰকাৰৰে মন্ত্ৰী তথা নেতাৰ লগতে এটৰ্নী জেনেৰেলেও প্ৰতিবাদী কৃষকসকলক খালিস্তানী [বিচ্চিন্নতাবাদী] বুলি অভিহিত কৰি আহিছে৷ আচৰিত হ’বলগীয়া কথাটো হ’ল এয়ে যে তথ্য জনাৰ অধিকাৰ আইনৰ এগৰাকী সক্ৰিয় কৰ্মী অঞ্জলি ভৰদ্বাজে শেহতীয়াকৈ কৃষি আইনকেইখনৰ বিষয়ে তথ্য আহৰণ কৰিবলৈ বিভিন্ন বিভাগত আবেদন জনাইছে, আৰু প্ৰতিটো বিভাগেই এই ক্ষেত্ৰত  দিয়া উত্তৰটো হৈছে এয়ে যে এনে বিষয়ত তেওঁলোকৰ হাতত উপযুক্ত তথ্যপাতি নাই৷ আৰ টি আই কৰ্মীগৰাকীক ইটো বিভাগে সিটো বিভাগলৈ ঠেলি দিয়াহে দেখা গৈছে৷ কিন্তু উচ্ছতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা শপতনামাত এইবুলি উল্লেখ কৰিছে যে কৃষকসকলৰ সমস্যাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ সৈতে কোনোধৰণৰ আলোচনা কৰা হোৱা নাছিল৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে শপতনামাত কৃষকসকলক বিদ্ৰোহী সজাব খোজাও পৰিলক্ষিত হৈছে৷ বাতৰি কাকতে যেতিয়া আৰ টি আই কৰ্মীয়ে কৃষি আইনৰ বিষয়ে তথ্য বিচাৰি বিমুখ হ’বলগীয়া হোৱাৰ খবৰ প্ৰকাশ কৰিলে তেতিয়াহে কৃষি মন্ত্ৰণালয়ত লৰা-ঢপৰা লাগিল৷ কৃষি মন্ত্ৰণালয়ে লগে লগে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰি এইবুলি ক’লে যে কৃষকৰ এই বিষয়টো যিহেতু আদালতৰ বিচাৰ্যৰ বিষয় হৈ আছে সেয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰাটো সম্ভৱ নহয়৷ কৃষি মন্ত্ৰণালয়ৰ এনে বক্তব্যই সকলোৰে মনত কৌতূলহ আৰু অনুসন্ধিৎসা জগাই তুলিছে৷

কোনো আলোচনা নাইঃ এয়া সত্য কথা যে ২০২০ চনৰ ৫  জুনৰ দিনা দাখিল কৰা কৃষি বিধেয়ক সন্দৰ্ভত পূৰ্বে কোনো কৃষক সংগঠন অথবা কৃষি বিশেষজ্ঞৰসৈতে চৰকাৰে আলোচনা কৰা নাছিল৷ কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে চৰকাৰে বিধেয়ককেইখন তথাকথিত ধ্বনি ভোটৰ জৰিয়তে  গৃহীত কৰিছিল৷ চৰকাৰে এইক্ষেত্ৰত কোনো পক্ষৰ সৈতেই আলোচনা নকৰাকৈ স্বেচ্চাচাৰিতাৰে বিধেয়ককেইখন গৃহীত কৰিছিল৷ প্ৰতিবাদী কৃষকসকলৰ গৰিষ্ঠসংখ্যকেই আজিও আইন উলংঘা কৰিব নিবিচাৰে৷ তেওঁলোকে বিহাৰৰ প্ৰসংগ উত্থাপন কৰিছে৷ য’ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰখনে কিছু বছৰ আগতে ৰাজ্যখনৰ পৰা এপি এমচি আইনখন প্ৰত্যাহাৰ কৰিছে৷ ইয়াৰ ফলত বিহাৰৰ কৃষকে প্ৰতি কুইণ্টল ধান মাত্ৰ ৮০০ টকাতে বিক্ৰী কৰিবলগীয়া হৈছে৷ অথচ ধানৰ নিম্নতম সমৰ্থন মূল্য হৈছে ১,৮৫০ টকা৷

প্ৰতিবাদী কৃষকসকলে এতিয়াও বিচাৰি আছে যে বহু বিতৰ্কিত কৃষি আইনকেইখন বাতিল হওক৷ চৰকাৰে অৱশ্যে নিজৰ স্থিতিতে আকোঁৰগোঁজ হৈ আছে আৰু কৃষক সংগঠনৰ নেতাসকলক আইনকেইখনৰ দফাসমূহ বিভিন্ন ধৰণে বুজাবলৈ চেষ্টা কৰি আছে৷ আচৰিত কথাটো হ’ল এয়ে যে ৰাজ্যসভাত গৃহীত কৰাৰ সময়ত এই আইনকেইখন সন্দৰ্ভত চৰকাৰে প্ৰতিটো দফাৰ কোনোধৰণৰ বিশ্লেষণ কৰা নাছিল৷ অথচ এতিয়া সিংঘুৰৰ ৰাজপথত প্ৰতিবাদৰত কৃষকসকলৰ ক্ষেত্ৰত আইনখনৰ দফাসমূহ চৰকাৰে বিশ্লেষণ কৰি কৃষকক এই কথাত পতিয়ন নিয়াব বিচাৰিছে যে এই আইনকেইখনে কৃষকসকলৰ অপকাৰ সাধক চাৰি উপকাৰহে সাধিব৷

অৱশ্যেই কৰণীয়, কিন্তু নকৰেঃ আমি এইক্ষেত্ৰত আকৌ বিত্তমন্ত্ৰী সীতাৰমণৰ কথালৈ উভতি আহিব বিচাৰিছোঁ৷ বিত্তমন্ত্ৰীগৰাকীয়ে এই কথা মানি ল’বই লাগিব যে অৰ্থনীতিৰ বিকাশৰ বাবে তেওঁ বিভিন্ন অৰ্থনীতিবিদে আগবঢ়োৱা পৰামৰ্শসমূহ গ্ৰহণ কৰিব লাগিব৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে বিভিন্ন অৰ্থনীতিবিদে এই কথাত বাৰে বাৰে গুৰুত্ব দি আহিছে যে কেতবোৰ বিশেষ বিষয়ত অগ্ৰাধিকাৰ নিদিলে অৰ্থনীতিৰ গতি স্থৱিৰ হৈ পৰিব৷ এনে বিষয়সমূহ আমি এনেধৰণে চাব পাৰোঁ৷

১. সমাজৰ দুখীয়া শ্ৰেণীৰ পৰিয়ালসমূহলৈ আজিও নগদ ধনৰ সৰবৰাহ সূচল হৈ উঠা নাই৷

২. পৰোক্ষ কৰ বিশেষকৈ জি এছ টিৰ হাৰ এতিয়াও হ্ৰাস কৰা হোৱা নাই৷

৩. চৰকাৰৰ মূলধনী ব্যয় এতিয়াও বৃদ্ধি পোৱা নাই৷

৪. এম এছ এন ইৰ পুনৰুদ্ধাৰ আঁচনি এতিয়াও যুগুতাই উলিওৱা হোৱা নাই৷ ফলত বিভিন্ন প্ৰতিষ্ঠান আৰু কৰ্মৰ ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পৰিছে৷

ডঃ অৰবিন্দ পানাগাৰিয়া, ডঃ চি ৰংগৰাজন আৰু ডঃ জাহাংগীৰ আজিজৰ দৰে বহু অৰ্থনীতিবিদে এই কথাত গুৰুত্ব দি আহিছে যে ওপৰত উল্লেখ কৰা সমস্যাসমূহ সমাধান কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ এনে ব্যৱস্থা গ্ৰহণ কৰিলেহে অৰ্থনীতিৰ বিকাশ পুনুৰুজ্জিৱিত কৰিব পৰা যাব৷ এইক্ষেত্ৰত আমি পুনৰ মুঠ ঘৰুৱা উৎপাদনৰ কথাটোলৈ আহিব বিচাৰিছোঁ৷ ২০১৭-১৮ বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদন আছিল ১৩১.৭৫; ২০১৮-১৯:১৩৯.৮১ আৰু ২০১৯-২০:১৪৫.৬৫ লাখ কোটি টকা৷ সমীক্ষা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ ১৩৪.৪০ লাখ টকা হ’ব৷ ইয়াৰ অৰ্থ হ’ল ২০২১-২২ বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশৰ হাৰ হ’ব ৮.৭৩ শতাংশ৷ এই বিকাশৰ হাৰ যদি কম হয় তেন্তে দেশৰ অৰ্থনীতিয়ে কমেও ১১ লাখ কোটি টকা হেৰুৱাব লাগিব৷ ২০২০-২১ বৰ্ষত এনে ঘটনা ঘটিলে তাৰ পৰিণাম কেনে হ’ব সেয়া সাধাৰণ অশিক্ষিত লোক এজনেও বুজি পাবলৈ সক্ষম হ’ব৷ এইক্ষেত্ৰত ক’ব পাৰি যে ২০২০-২১ বিত্তীয় বৰ্ষত দেশত মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত হোৱা লোকচানৰ পৰিমাণ হ’ব প্ৰায় ৯ লাখ কোটি টকা৷ [মাৰ্কিন ডলাৰ হিচাপত ১২০ বিলিয়ন] 

আমাৰ বিত্তমন্ত্ৰীয়ে ২০২১-২২ চনত অৰ্থনীতিৰ বিকাশৰ হাৰ কিদৰে ৮.৩৭ শতাংশলৈ বৃদ্ধি কৰিব পাৰিব? আমাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ এতিয়া লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে৷ মই ভাবোঁ যে যদি বিত্তমন্ত্ৰীয়ে নগদ ধনৰ সৰবৰাহ বৃদ্ধি আৰু কৰৰ পৰিমাণ হ্ৰাসৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি কৰিব বিচাৰিছে সেয়া বেলেগ কথা৷ এই ক্ষেত্ৰত বিত্তমন্ত্ৰীগৰাকীয়ে মুঠ চৰকাৰী ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব আৰু ১] এম এছ এম ইৰ পুনৰুদ্ধাৰৰ পৰিকল্পনা যুগুতাব লাগিব  তথা ২] আন্তঃগাঁথনিৰ উন্নয়নত অধিক বিনিয়োগ কৰিব লাগিব৷ ইয়াৰ উপৰি ৩] সামৰিক ক্ষেত্ৰত ব্যয় বৃদ্ধি আৰু ৪] স্বাস্থ্য সম্পৰ্কীয় আন্তঃগাঁথনি মজবুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব৷ কিন্তু এইক্ষেত্ৰত মই এটা আশংকাই কৰোঁ যে এম এছ এম ই পুনৰুদ্ধাৰ আঁচনি আৰু স্বাস্থ্যৰ আন্তঃগাঁথনি সৃষ্টিত চৰকাৰ সফল হ’ব নে নাই তাত সন্দেহ আছে৷ 

২০২১-২২ বৰ্ষৰ বাজেটৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীয়ে যিখিনি কথা কৈছে সেয়া তেওঁৰ দৃষ্টিত সম্পূৰ্ণ শুদ্ধ কথা৷ বাজেটখনৰ মূল বিষয়বস্তুৰ ক্ষেত্ৰত তেওঁৰ কথাবোৰ শুদ্ধযেন লাগে যদিও বাজেটখনৰ প্ৰকৃত ৰূপায়ণ কৰিবলৈ যোৱাৰ সময়ত যাতে সৰ্বসাধাৰণ লোকৰ আশা-আকাংক্ষাসমূহ প্ৰকৃতাৰ্থত পূৰণ হয় সেই কথাৰ প্ৰতি তেওঁ অধিক গুৰুত্ব দিব লাগিব৷ বিশেষকৈ অতিমাৰীৰ সময়ৰ এই বাজেটখনে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ অভাৱ-অভিযোগসমূহ ভালদৰে পূৰণ কৰিব পাৰিব লাগিব৷