Logo
image

ভূৰাগাঁৱত প্ৰেমিকে ট্ৰাকৰ ভিতৰত ধৰ্ষণ কৰিলে প্ৰেমিকাক

আমাৰ অসম, ৫মে': মৰিগাঁও জিলাৰ ভূৰাগাঁৱত পোহৰলৈ আহিছে  ধৰ্ষণৰ দৰে এক জঘন্য কাণ্ড।ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰালিমাৰিত সংঘটিত হয় এই ধৰ্ষণ কাণ্ডটো।প্ৰেমিক ৰূপী লম্পটে এখন ট্ৰাকৰ ভিতৰত প্ৰেমিকাক উপৰ্যুপৰি ধৰ্ষণ কৰে।ধৰ্ষণকাৰী ভণ্ড প্ৰেমিক জনৰ নাম মোছাব্বিৰ হুছেইন।মোছাব্বিৰ হুছেইনৰ ঘৰ নগাঁও জিলাৰ আলিটাঙনিত। মোছাব্বিৰে বৰালিমাৰিৰ এখন ট্ৰাকত হেলপাৰ হিচাপে কাম কৰি আছিল। সেই সুযোগতে প্ৰেমিকাক মাতি আনি ট্ৰাকৰ ভিতৰতে প্ৰেমিকাৰ অমান্তিত উপৰ্যুপৰি ধৰ্ষণ কৰে।ঘটনা সন্দৰ্ভত পৰবৰ্তী সময়ত প্ৰেমিকাই  ভূৰাগাঁও আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰাত ভূৰাগাঁও আৰক্ষীয়ে ভণ্ড প্ৰেমিক মোছাব্বিৰক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।