Logo
image

২০২৪ত বিজেপিয়ে লাভ কৰিব ৪০০ ৰো অধিক আসন

ডিজিটেল সংবাদ, গুৱাহাটীঃ আগন্তুক ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলে ৪০০ ৰো অধিক আসন লাভ কৰিব । আনকি নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব। এই ঘোষণা প্ৰাক্তন সাংসদ তথা ৰাম জনমভূমি ন্যাসৰ প্ৰতিষ্ঠাপক ন্যাসৰক্ষী ডাঃ বেদান্ত জী মহাৰাজৰ। 

শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ভাগ লৈ এই ঘোষণা কৰে ডাঃ বেদান্ত জী মহাৰাজে। সংবাদ মেলত ডাঃ মহাৰাজে কয় যে বৰ্তমান  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে এক মাত্ৰা প্ৰদান কৰিছে, সেয়ে আগন্তুক দিনত অৰ্থাৎ ২০২৪ চনত মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব আৰু আমাৰ বিশ্বাস এইবাৰ ৪০০+ আসন লাভ কৰিব৷ এইক্ষেত্ৰত শুকুৰবাৰৰ পৰা এক কাৰ্যসূচী আৰম্ভ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ভাৰত বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে। বিশ্বত ভাৰতৰ ভাৱমূৰ্তি বহুখিনী উজ্জ্বল হৈ উঠিছে। মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ৰামৰ জন্মস্থান অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ সপোন সাৰ্থক হৈছে। এতিয়া তেওঁলোকৰ মূল লক্ষ্য হৈছে উত্তৰ পূবত জাতি-ধৰ্মৰ নামত যি বিভেদ চলি আছে তাক নাইকিয়া কৰা।

শুকুৰবাৰৰ পৰা অহা ২৩ মে'লৈ উত্তৰ পূবৰ কেবাখনো ৰাজ্য ভ্ৰমণ কৰি বিভিন্ন সভা-সমিতি, সংবাদ মেলত ভাগ লব বুলিও ডাঃ মহাৰাজে সদৰি কৰে। আনহাতে সংবাদ মেলত ৰাষ্ট্ৰীয় সুৰক্ষা মহামিছনৰ মিডিয়া প্ৰমুখ হৰিহৰ  ৰঘুবংশী, কৰ্মকৰ্তা এলিজাবেথ মেথিউৰ নিৰবাম,  এলিজাবেথ  উত্তৰ পূবৰ সভাপতি লক্ষী প্ৰসাদ সুক্ৰাং, মিডিয়া সমন্বয়ক দীপাংকৰ দেৱ শৰ্মা উপস্থিত আছিল৷