Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ত গছ কাটি তহিলং কৰি পথ নিৰ্মাণৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, গুৱাহাটীঃ কৃষ্ণচূড়াৰ দেশ হিচাপে পৰিচিত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত শেহতীয়াকৈ চলি থকা নতুন নতুন নিৰ্মাণ কাৰ্য আৰু উন্নয়নমূলক কামৰ বাবে অবাধে কটা হৈছে কৃষ্ণচূড়াকে ধৰি বহু মূল্যবান গছ। কিন্তু তাৰ বিপৰীতে নতুনকৈ গছ ৰোপণ নকৰাত সম্প্ৰতি বিশ্ববিদ্যালয় চৌহদত গছ-গছনিৰ সংখ্যা এতিয়া অভাৱনীয়ভাৱে কমি গৈছে। এতিয়া পুনৰ এটা নতুন পথ নিৰ্মাণ কৰাৰ নামত বহু মূল্যবান গছ কাটি থকা কাৰ্যত বিশ্ববিদ্যালয় চৌহদকে ধৰি কাষৰীয়া অঞ্চলৰ প্ৰকৃতিপ্ৰেমী লোকসকলেও আক্ষেপ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয় চৌহদৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জালুকবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিয়েদি সুন্দৰবৰীলৈকে প্ৰায় ৮০০ মিটাৰমান অংশত চৌহদৰ ভিতৰৰে নতুনকৈ এটা পথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে। পথ নিৰ্মাণৰ নামত বিগত এটা সপ্তাহ ধৰি কটা হৈছে ৩০ জোপাতকৈ অধিক মূল্যবান গছ। আনকি ইয়াৰে তিনি-চাৰিজোপা গছ বিশ্ববিদ্যালয় স্থাপনৰ সময়তে ৰোপণ কৰা হৈছিল। এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমীসকলে সদৰি কৰা অনুসৰি উন্নয়নমূলক কামত বা পথ নিৰ্মাণৰ নামত গছ-গছনি কাটিবলগীয়া হোৱাটো কোনো নতুন কথা নহয়। কিন্তু পৰিৱেশ সংৰক্ষণৰ বাবে আজিকালি এডাল গছ কটাৰ পূৰ্বে কমেও পাঁচজোপা গছ ৰোপণ কৰিব লাগে। 

আনকি দৰকাৰ হলে গছ নকটাকৈয়ে পথ নিৰ্মাণ কৰিব পাৰি নেকি সেই কাৰ্যতহে অধিক মনোনিৱেশ কৰিব লাগে। যাৰ বাবে গুৱাহাটীৰ-খানাপাৰা সংযোগী জি এছ ৰোডৰ বহু অংশত পথৰ মাজত বা দাঁতিত গছ নকটাকৈয়ে পথ নিৰ্মাণ কৰা হৈছে। কিন্তু ইয়াৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত পথ নিৰ্মাণৰ নামত এফালৰ পৰা গছ-গছনি কাটি তহিলং কৰা হৈছে। একাংশই সন্দেহ ব্যক্ত কৰা মতে বহু গছ বচোৱাৰ সম্ভাৱনা থকাৰ পাছতো গছসমূহ কটাৰ আঁৰত নিলাম কৰাৰ নামত চিণ্ডিকেট চলাই অহা বিশ্ববিদ্যালয়ৰ এটা প্ৰভাৱশালী চক্ৰ এটা জড়িত হৈ থাকিব পাৰে ।