Logo
image

লাইট কেমেৰা একচন… এতিয়া উপায়ুক্তই গালি দিব

আমাৰ অসম, ৬ মে’: পূৰ্বৰে পৰা যেন লাইট, কেমেৰা সকলো সাজু৷ দৃশ্যপটত প্ৰৱেশ কৰিয়ে এজন বিষয়াক উদ্দেশ্যি জিলা উপায়ুক্তই আৰম্ভ কৰিলে তৰ্জন-গৰ্জন৷ বিষয়াজনক আত্মপক্ষৰ কোনো সুযোগ নিদিয়াকৈয়ে জিলা উপায়ুক্তই এফালৰ পৰা ধমক দি গ’ল৷ আনকি দৰমহা বন্ধ আৰু কৰ্তনৰো ভাবুকি দিলে জিলা উপায়ুক্তই৷ ঘটনাটো বৃহস্পতিবাৰে কামৰূপ জিলাৰ শিঙিমাৰী আদৰ্শ  চিকিৎসালয়ৰ৷ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী উপস্থিত হয় আদৰ্শ চিকিৎসালয়খনত৷ কিন্তু নিৰ্দিষ্ট কাৰ্যসূচীত উপস্থিত হোৱাৰ পৰিৱৰ্তে উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ সহকাৰী অধীক্ষক মনোমোহন মড়লক মাতি আনি তীব্ৰ কৰ্কথনা কৰিবলৈ আৰম্ভ কৰে৷ চিকিৎসা বিষয়াজনৰ ওপৰত তৰ্জন গৰ্জন কৰি উপায়ুক্তই তেওঁক ৰাজহুৱাভাৱে ধমক দিয়ে৷ ৰহস্যজনকভাৱে উপায়ুক্তই এই সমস্ত কাৰ্য টিভি কেমেৰাৰ সন্মুখত সমাপন কৰে৷ কিন্তু প্ৰশ্ন হয় উপায়ুক্তগৰাকীৰ এই কাৰ্য সম্পূৰ্ণৰূপে পূৰ্ব পৰিকল্পিত নেকি? উপায়ুক্তগৰাকীয়ে ইচ্ছা কৰিয়ে টিভি কেমেৰাৰ সন্মুখত চিকিৎসা বিষয়াজনক ধমকি-সকীয়নি দিলে নেকি? জিলা উপায়ুক্তগৰাকীয়ে চিকিৎসা বিষয়াৰ ওপৰত যে তৰ্জন গৰ্জন কৰিব সেই কথা টিভি চেনেলৰ সাংবাদিক সকলে পূৰ্বৰে পৰা অৱগত আছিল নেকি? নে তেওঁলোকক ইয়াৰ বাবে মাতি পঠিওৱা হৈছিল৷ চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ পিছত জিলা উপায়ুক্তগৰাকীয়ে সহকাৰী অধীক্ষকজনক নিজৰ কাৰ্যালয়লৈ তলব কৰি বা চিকিৎসালয়খনৰ কাৰ্যালয়তো ধমক দিব পাৰিলেহেতেন৷ ইয়াৰ বাবে টিভি কেমেৰাৰ উপস্থিতিৰ নিশ্চয়য় প্ৰয়োজন নাছিল৷ চিকিৎসা বিষয়াজনে যদি নিজৰ দায়িত্ব-কৰ্তব্যত গাফিলতি কৰিছে তেন্তে টিভি কেমেৰাৰ সন্মুখত গালি পৰাৰৰ পৰিৱৰ্তে তেওঁৰ বিৰুদ্ধে বিভাগীয়ভাৱে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰো অৱকশ আছিল৷ তাকে নকৰি টিভি চেনেলৰ কেমেৰাৰ সন্মুখত গালি শপতি পাৰি, তৰ্জন-গৰ্জন কৰি বৰ্খাস্তৰ ভাবুকি দি নিজৰ দায়িত্ব সামৰে জিলা উপায়ুক্ত গৰাকীয়ে৷ ৰাজহুৱাভাৱে অপদস্থ কৰাৰ পৰিৱৰ্তে জিলা উপায়ুক্তগৰাকীয়ে চিকিৎসা বিষয়াজনক জবাবদিহি কৰাৰ অন্য বহু উপায় আছিলে৷ উল্লেখ্য যে শেহতীয়াভাৱে মন্ত্ৰী-বিধায়কে আমোলা-বিষয়া, ঠিকাদাৰক আৰু জ্যেষ্ঠ আমোলা বিষয়াই নিজৰ অৰ্ধস্তন বিষয়া-কৰ্মচাৰীক অন কেমেৰা জবাবদিহী কৰা বা ধমকি দিয়া অসমত এক নিয়মীয়া পৰিঘটনাও পৰিণত হৈছে৷ সকলোৱে অন কেমেৰা গালি শপনি পাৰি যেন সহজলভ্য জনপ্ৰিয়তা অৰ্জন কৰিব বিচাৰে৷

সহকাৰী অধীক্ষকক ধমক, দৰমহা বন্ধৰ ভাবুকি

বৃহস্পতিবাৰে কামৰূপ জিলাৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ অগ্নিশৰ্মা হৈ পৰে জিলা উপায়ুক্ত কীৰ্তি জল্লী৷ জানিব পৰা মতে চিকিৎসালয়খনৰ কদৰ্য পৰিৱেশ তথা আন বহু বিসংগতি প্ৰতক্ষ্য কৰি খঙত জ্বলি-পকী উঠা উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ সহকাৰী অধীক্ষক মনোমোহন মড়লক তীব্ৰ ধমক দিয়ে৷ ইনামতে ক্ষান্ত নাথাকি উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ কদৰ্য পৰিৱেশৰ উপৰি বিসংগতি দূৰ নোহোৱাপৰ্যন্ত সহকাৰী অধীক্ষক মড়লৰ মাহিলি দৰমহা বন্ধ কৰি ৰখাৰো হুংকাৰ দিয়ে৷ উল্লেখ্য, সেইদিনা চিকিৎসালয়খনত নতুনকৈ সংযোজন কৰা কিডনী ডায়েলেছিছ যন্ত্ৰ এটা মুকলি কৰাৰ উদ্দেশ্যে তাত উপস্থিত হৈছিল জিলা উপায়ুক্তগৰাকী৷ সেই সময়তে চিকিৎসালয়খনত নানা বিসংগতি চকুত পৰাত উপায়ুক্তগৰাকী ৰুদ্ৰমূৰ্তি ধাৰণ কৰে আৰু এনে বিসংগতিৰ বাবে সহকাৰী অধীক্ষকজনক জবাবদিহি কৰে৷ ইয়াৰ কিছু সময় পাছত পৰিস্থিতি স্বাভাৱিক হোৱাতহে উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনত উপলব্ধ হ’বলগা বিনামূলীয়া এই সেৱা মুকলি কৰে৷ উল্লেখ্য, জিলা প্ৰশাসনৰ উদ্যোগত হিন্দুস্তান কোকো-কোলাৰ শীতল পানীয় প্ৰতিষ্ঠানৰ অৰ্থ-সাহায্যত এই বিনামূলীয়া কিডনী ডায়েলেছিছ সেৱা মুকলি কৰা হয়৷ এই যন্ত্ৰৰ সৈতে মুঠ ৬টা কিডনী ডায়েলেছিছ ইউনিট এই চিকিৎসালয়খনত স্থাপন হ’ল৷  ইয়াৰ দ্বাৰা দুখীয়া ৰোগীসকলে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলেছিছ আঁচনিৰ সহায়ত বিনামূলীয়াকৈ সেৱা লাভ কৰিব৷ উল্লেখ্য, চিকিৎসালয়খনত মুঠ ছয়টা ডায়েলেছিছ ইউনিট থকাৰ ফলত প্ৰতিদিনে ৬০জনকৈ ৰোগীক এনে সেৱা কৰিব পৰা যাব৷ ডায়েলেছিছ সেৱা মুকলি কৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ দুখীয়া ৰোগীসকলে এই সেৱা বিনামূলীয়াকৈ লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে সোমবাৰৰ পৰা এই  চিকিৎসালয়ত প্ৰসূতিৰ বহিৰ্বিভাগৰ উপৰি আন আন বিভাগৰো চিকিৎসা সেৱা আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে৷ অনুষ্ঠানত জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক মণ্টোচ বেনাৰ্জীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷