Logo
image

দল-বল লৈ বৰাকত শক্তি প্ৰদৰ্শন অগপৰ

আমাৰ অসম, ৬ মে’: বৰাক উপত্যকাত নতুন ৰূপত উজ্জীৱিত হৈছে অসম গণ পৰিষদ দল৷ উপত্যকাটোৰ তিনিওখন জিলাতে সাংগঠনিক শক্তি বিস্তাৰৰ বাবে বিশেষ পৰিকল্পনা যুগুত কৰিছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ অন্যতম অংশীদাৰ দলটোৱে৷ সেই পৰিকল্পনাৰ অংশৰূপেই শুকুৰবাৰে সদলবলে বৰাক উপত্যকাত অগপৰ শক্তি প্ৰদৰ্শন কৰিলে দলটোৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷ কৰিমগঞ্জ জিলা পুথিভৰালত শুকুৰবাৰে অসম গণ পৰিষদ দলৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ এখন বিশাল কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়৷ হাজাৰ হাজাৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই৷ 

দলীয় বিষয়ববীয়াসকলক সম্বোধন কৰি সভাপতি বৰাই কয় যে ব্ৰহ্মপুত্ৰ বৰাকৰ সন্মিলিত আৰু ঐক্যবদ্ধ শক্তিয়ে সুৰক্ষিত আৰু বিকাশিত অসমৰ বাট প্ৰশস্ত কৰিব৷ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলৰ প্ৰতি বৰাকবাসীৰ সমৰ্থন দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি অসম গণ পৰিষদ দল ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বী লোকৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু গ্ৰহণযোগ্য দল বুলি মত প্ৰকাশ কৰে৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাৰো জনসাধাৰণৰ সম-উন্নয়ন আৰু সম-বিকাশৰ বাবে দলটো দায়বদ্ধ বুলি মত পোষণ কৰি ৰাজ্যখনৰ পৰা সমুলঞ্চে কংগ্ৰেছ মুক্ত কৰি মিত্ৰজোঁটৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে সকলো দলীয় কৰ্মীকে তৃণমূল পৰ্য্যায়ৰ পৰা দলৰ সংগঠন শক্তিশালী কৰাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ সভাত মন্ত্ৰী  মহন্তই কয়– অসমৰ একমাত্ৰ আঞ্চলিক,  ৰাজনৈতিক দল হিচাপে অসম গণ পৰিষদে আত্মপ্ৰকাশ কৰাৰ দিনৰে পৰা বৰাক উপত্যকাত সাংগঠনিক ভেটি সুদৃঢ় হৈ আছে৷ বৰাকৰ কৰ্মকৰ্তাসকলে দলটোক ৰাইজৰ অকুণ্ঠ সমৰ্থনৰ মাজেৰে টনকিয়াল কৰি ৰাখিছে৷ দলৰ এইসকল কৰ্মকৰ্তাৰ নীৰৱিচ্ছিন্ন প্ৰয়াসৰ বাবে তেওঁলোকক কৃতজ্ঞতা জনায় আৰু সমাগত পঞ্চায়ত নিৰ্বাচনত বিজয়ধবজা উৰুৱাৰ লগতে লোকসভাৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদে মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে যাতে দেশৰ নিম্ন সদনলৈ প্ৰতিনিধি পঠিয়াব পাৰে তাৰবাবে এতিয়াৰ পৰাই পূৰ্ণ প্ৰস্তুতিৰে সাংগঠনিক কাম-কাজ সম্পাদন কৰিব লাগিব বুলি মত পোষণ কৰে৷ মহন্তই লগতে কয়– ‘অসম গণ পৰিষদক একমাত্ৰ আঞ্চলিক, ৰাজনৈতিক দল হিচাপে সৰ্বস্তৰৰ ৰাইজে আকোৱালি লৈছে৷ দলটো শক্তিশালী ৰূপত আগবাঢ়ি যোৱাৰ বাবে ৰাইজৰ আৰ্শীৰ্বাদ, আস্থা আৰু বিশ্বাস সদায় আছে৷’ ৰাইজৰ আশীৰ্বাদক শিৰত লৈ, ৰাইজৰ আস্থা আৰু বিশ্বাসক হৃদয়ংগম কৰি সাংগঠনিক কাম-কাজ সম্পাদন কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায়৷ 

সভাত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ভূপেন ৰায়, বিমলেন্দু সিনহা, উপ-সভাপতি সুনীল ডেকা আদি উপস্থিত থাকে৷ কৰ্মকৰ্তা সন্মিলনত দলীয় সদস্যসকলে সমবেত সংগীত, বিহু নৃত্য, মণিপুৰী মৃদংগ  নৃত্য পৰিবেশন কৰে৷ শিলচৰ বিমান বন্দৰৰ পৰা দলটোৰ নেতৃত্বক বিভিন্ন স্থানত আৰু কৰিমগঞ্জ জিলাৰ কেইবাটাও স্থানত হাজাৰ হাজাৰ লোকে আদৰণি জনায়৷ বৰাক উপত্যকাত অসম গণ পৰিষদ দলৰ শেহতীয়া সাংগঠনিক স্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে৷ বৰাকত নতুন ৰূপত উজ্জীৱিত হৈছে অসম গণ পৰিষদ৷ সভাত অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ, ধৰ্মীয় সংখ্যালঘু পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে কৰ্মকৰ্তাসকল উপস্থিত থাকে৷