Logo
image

ৰাজ্যত ব্যাপক বৃদ্ধি যৌন নিৰ্যাতনৰ ঘটনা

আমাৰ অসম, ৬ মে’: কি হৈছে ৰাজ্যত? মানৱ সমাজক কলংকিত কৰা কেৱল মাৰ্ঘেৰিটাৰ ঘটনাই নহয়, এচাম নৰপিশাচে ৰাজ্যত নিজ কামনা চৰিতাৰ্থ কৰিবৰ বাবে ইটোৰ পাছত সিটো নিলজ্জ ঘটনা সংঘটিত কৰিছে৷ কাৰ্যতঃ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে যৌন নিৰ্যাতনৰ ঘটনা৷ বিভিন্ন ঠাইৰ পৰা আহিছে ধৰ্ষণৰ খবৰ৷ দেৰগাঁৱত মন্দিৰৰ পুৰোহিত পিতৃয়ে সংঘটিত কৰিলে নিলজ্জকাণ্ড৷ নিজৰে ১৩ বছৰীয়া পালিত কন্যাক তিনিমহীয়া অন্তঃসত্বা কৰিলে সম্ভু দোছাদ নামৰ পুৰোহিতজনে৷ দেৰগাঁৱৰ মিছামৰাৰ এটা মন্দিৰত কৰ্মৰত আছিল পুৰোহিতজন৷ ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে৷ সম্প্ৰতি সমভু দোছাদ পলাতক হৈ আছে৷ 

ইফালে কাছাৰ ৰাজনগৰ কাটাটিল্লাত সঞ্জয় ৰায় নামৰ এজন লোকে এগৰাকী ৯ বছৰীয়া নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগলৈ ধৰ্ষণ কৰে৷ স্থানীয় ৰাইজে ধৰ্ষণকাৰী সঞ্জয় ৰায়ক আটক কৰি আৰক্ষীক গটাই দিয়ে৷ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটতো জাহিৰুল আলম নামৰ যুৱকজনে একে গাঁৱৰ এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ পুনৰ এক মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে নগাঁও ধিং সংযোগী গড়কাপ্তানি পথৰ বটদ্ৰৱাৰ মেৰাতলত৷ সন্ধিয়া গাড়ীৰ বাবে অপেক্ষা কৰি থকা দুই পথচাৰী মহিলাক জোৰ জৱৰদস্তি পথৰ দাঁতিত বলাৎকাৰ কৰা এক ঘটনা পোহৰলৈ আহিছে৷ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷ নগাঁও ধিং গড়কাপ্তানি পথৰ সমীপৰ মেৰাতলাত যোৱা ২৩ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৭মান বজাত মহিলা দুগৰাকীয়ে আত্মীয়ৰ ঘৰৰ পৰা নিজ ঘৰলৈ যাবলৈ বুলি পথত গাড়ীৰ বাবে ৰৈ থকা অবস্থাতে ৫জনীয়া এটি দুৰ্বৃত্তৰ দলে প্ৰথমতে তেওঁলোকৰ মোবাইল নম্বৰ বিচাৰে৷ মোবাইল নম্বৰ দিবলৈ অমান্তি হওঁতেই পাষণ্ড কেইটাই মহিলাদুগৰাকীৰ মোবাইল ফোন দুটা কাঢ়ি লয়৷ পিছত এগৰাকী মহিলাক দুজনে আন এজনীক তিনি জনে পথৰ দাঁতিলৈ নি কাপোৰ-কানি ফালি বলাৎকাৰ কৰা অভিযোগ উঠিছে৷ দুজনে ধৰি থকা মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত পথেদি এখন টেম্পু অহাত টেম্পু চালকজনে মহিলা দুগৰাকীক পাষণ্ড দলটোৰ হাতৰ পৰা ৰক্ষা কৰে৷ লগে লগে মহিলা দুগৰাকীয়ে পৰিয়ালৰ লোকক লগত লৈ জাজৰি থানাত এক এজাহাৰ দাখিল কৰে৷  অভিযুক্ত কেইজন হ’ল ক্ৰমে ছাজাহান’ নচিৰউদ্দিন, ৱাজিবুল ইছলাম, আনাৰ হুছেইন আৰু হাবিজুদ্দিন৷ মহিলা দুগৰাকীয়ে অভিযোগ কৰা মতে বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই আৰু মূল অভিযুক্তৰ নামসহ এজাহাৰত দিয়াৰ পিছতো জাজৰি আৰক্ষীয়ে আটক কৰিব পৰা নাই৷ ইয়াৰ উপৰি এগৰাকী মহিলা তিনি মাহৰ গৰ্ভৱতী আছিল বুলি উল্লেখ কৰে৷ 

মৰিয়নি লখিমপুৰ চিৰাজুলিতো সংঘটিত হৈছে ধৰ্ষণৰ সমগ্ৰ ঘটনা৷ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ চেলেঙতো সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা নাবালিকা ধৰ্ষণৰ এক জঘন্য ঘটনা৷ ভাতৃয়ে উপৰ্যুুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১২ বছৰীয়া নাবালিকাক৷ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত গোসাইবাৰীৰ টিংকু গড় নামৰ এটা লম্পটে নিজ খুড়াকৰ নাবালিকা কন্যা ওপৰত চলাইছিল যৌন নিৰ্যাতন৷ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত অকৰাবস্তি গাঁৱতো ছমাহ পূৰ্বে সংঘটিত এক বলাৎকাৰৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ ইতিমধ্যে উক্ত ঘটনাটো সংঘটিত কৰা ধুবুৰী জিলা নিবাসী শ্ৰমিক আব্দুল আলিক ভুক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত বগীনদী আৰক্ষীয়ে কালি ঢকুৱাখনা আৰক্ষীৰ সহায়ত ঢকুৱাখনাৰ পৰা আটক কৰে৷ লম্পট আব্দুলৰ কোনো ধৰণৰ ঠিকনা তথা পৰিচয় নোলোৱাকৈয়ে একমাত্ৰ ৰাজমিস্ত্ৰীগৰাকীৰ কথা মতেই অকৰাবস্তি গাঁৱত নিৰ্মাণ কৰি থকা জলজীৱন আঁচনিখনত যোগালীৰূপে কাম কৰিবলৈ আঁচনি নিৰ্মাণকাৰী ঠিকাদাৰ ক্ৰমে ৰাজেশ দলে, যদুমনি চুতীয়া, নিতুল বৰুৱা আৰু কবিৰ দাসে আব্দুলক অনুমতি দিছিল৷ সেই অনুসৰি আঁচনিখনৰ কামত নিয়োজিত হৈ থকাৰ সময়তে আঁচনি নিৰ্মাণস্থলীৰ সমীপতে পিতৃ-মাতৃসহ বসবাস কৰি থকা উক্ত যুৱতীগৰাকীৰ ওপৰত ছমাহ পূৰ্বে লম্পট চৰিত্ৰৰ শ্ৰমিক আব্দুলৰ চকু পৰে আৰু এদিন যুৱতীগৰাকীৰ পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ লৈ যুৱতী গৰাকীৰ মুখত সোপা দি উপৰ্যুপৰি বলাৎকাৰ কৰে৷ উক্ত বলাৎকাৰৰ সকলো দৃশ্য মোবাইল ফোনত সংগোপনে ৰেকৰ্ড কৰি আব্দুলে ঘটনা সন্দৰ্ভত কাৰোবাৰ আগত যুৱতীগৰাকীয়ে মুখ খুলিলে সকলো দৃশ্য ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে৷ এনে পৰিস্থিতিত ভয়তে যুৱতীগৰাকীয়ে ঘটনাটোৰ কথা সংগোপনে ৰাখে৷ পিছে যোৱা কেইমাহত যুৱতীগৰাকীৰ শৰীৰত দেখা দিয়া আকস্মিক পৰিৱৰ্তনৰ ছবি দাঁতিকাষৰীয়া মহিলাসকলৰ দৃষ্টিগোচৰ হোৱাত আৰু এই সন্দৰ্ভত যুৱতীগৰাকীক প্ৰশ্ন কৰাত উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে তেওঁৰ লগত সংঘটিত সমগ্ৰ ঘটনাৰ কথা তেওঁৰ পৰিয়ালৰ লোক তথা দাঁতিকাষৰীয়া মহিলাসকলৰ আগত বিৱৰি কয়৷ 

ইতিমধ্যে বলাৎকাৰ কাণ্ড সংঘটিত কৰি লম্পট আব্দুলেও কৰ্মস্থলীৰ পৰা ঢকুৱাখনালৈ বুলি পলায়ন কৰিছিল৷ বৰ্তমান যুৱতীগৰাকী ছমহীয়া অন্তঃসত্ত্বা বুলি জানিব পাৰি গাঁৱৰ ৰাইজে যোৱা ২৪ এপ্ৰিলতে আঁচনিখনৰ লগত জড়িত ঠিকাদাৰ গোষ্ঠীটোক ঘটনা সন্দৰ্ভত আলোচনা কৰিবৰ বাবে ভুক্তভোগী পৰিয়ালটোৰ ঘৰলৈ বুলি আমন্ত্ৰণ জনাইছিল যদিও আজিকোপতি কোনো এগৰাকী ঠিকাদাৰেই পৰিয়ালটোৰ কাষত উপস্থিত নহ’ল৷ এনে পৰিস্থিতিত ক্ষোভিত হৈ পৰা গাঁওখনৰ যুৱ সমাজ তথা মহিলা সমাজে আজি পুৱা ১০:৩০ বজাত উল্লিখিত জলজীৱন আঁচনি নিৰ্মাণকাৰী স্থানৰ মূলগেটত তলাবন্ধৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ যদিহে ঠিকাদাৰ গোষ্ঠীটোৱে যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হৈ যুৱতী গৰাকীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে উক্ত ঠিকাদাৰ গোষ্ঠীটোক কৰ্মস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰাৰ হুংকাৰ দিছে৷