Logo
image

সংঘৰ্ষবিধবস্ত গৃহৰাজ্য এৰি অসম সোমাইছে বিপন্ন মণিপুৰী নাগৰিক

আমাৰ অসম, ৬ মে’: হিংসাত্মক ঘটনাত অগ্নিগৰ্ভ হৈ পৰা মণিপুৰত বিগত দুদিনৰ ভাতৃঘাতী সংঘৰ্ষত কমেও ১৩জন লোকে প্ৰাণ হেৰুৱাইছে৷ ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায় আৰু কুকি-ঝমি নগাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ২০,০০০ৰো অধিক স্থানীয় বাসিন্দা গৃহহাৰা হৈছে আৰু তাৰে ১১ হাজাৰোধিকক ভাৰতীয় সেনা আৰু আছাম ৰাইফলছে সংঘৰ্ষপীড়িত অঞ্চলৰ পৰা উদ্ধাৰ কৰি নিজৰ আশ্ৰয়ত ৰাখিছে৷ এই ভয়ংকৰ হিংসাত্মক সংঘৰ্ষত গৃহহাৰা হৈ পৰা ১০০০ৰো অধিক মণিপুৰৰ বাসিন্দাই কাছাৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে৷ অসমৰ একাধিক বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ চি-১৭ গ্লোবমাষ্টাৰ আৰু এএ-৩২ এয়াৰক্ৰাফট প্ৰেৰণ কৰি হিংসাবলিত মণিপুৰৰ বিভিন্ন অঞ্চলৰ পৰা আৱদ্ধ হৈ থকা বহু লোকক উদ্ধাৰ কৰি আনি থকা হৈছে৷ 

হিংসা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই মণিপুৰলৈ অহা-যোৱা কৰা সকলো ৰে’লগাড়ী আৰু ৰাজ্যখনৰ ভিতৰত যাতায়াত কৰা সকলো ৰে’লৰ চলাচল বন্ধ কৰি দিছে৷ ৰাজ্যখনৰ হিংসা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৩৫৫ অনুচ্ছেদ জাৰি কৰি সকলো অভিযান নিজৰ হাতলৈ নিছে আৰু বিগত দুদিন ধৰি ৰাজ্যখনৰ প্ৰায় প্ৰতিটো থানা এলাকা হয় ভাৰতীয় সেনাবাহিনী বা আছাম ৰাইফলছ আৰু চিআৰপিএফৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ লৈ গৈছে৷ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে দিনতে মণিপুৰলৈ চিআৰপিএফৰ ২০টা নতুন কোম্পানী আৰু বিয়লি আন দহটা কোম্পানী প্ৰেৰণ কৰিছে৷ কিন্তু ৰাজ্যখনৰ ঠায়ে ঠায়ে আজিও হিংসাত্মক ঘটনা অব্যাহত আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰি দিল্লীৰ পৰাই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে আৰু শুকুৰবাৰে তেওঁ টেলি কনফাৰেন্সিঙৰ জৰিয়তে অসম, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে তিনিখনকৈ বৈঠকত মিলিত হৈছে৷

উত্তৰ-পূবৰ বিজেপিশাসিত ৰাজ্যখনত সংঘটিত এই গোষ্ঠীসংঘৰ্ষ আক্ষৰিক অৰ্থতে ভয়ংকৰ হৈ পৰিছে৷ যোৱা তিনি মে’ত চূড়াচান্দপুৰ জিলাত ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন মণিপুৰে’ (এটিইউএম) উলিওৱা জনজাতি সম্প্ৰীতি শোভাযাত্ৰাৰ পৰাই স্থানীয় কুকি জনজাতি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত বিগত দুদিনত কমেও ১৩জন লোক নিহত হৈছে৷ নিহতৰ সংখ্যাৰ বিষয়ে মণিপুৰ চৰকাৰে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শান্তিৰ আহ্বান জনাইছে আৰু নিহতৰ পৰিসংখ্যা তথা এই সংঘৰ্ষত হোৱা ক্ষতিৰ বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত আছে৷ কিন্তু স্থানীয় সংবাদপত্ৰ ‘ছাংগাই এক্সপ্ৰেছে’ বিশ্বস্ত চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা অনুসৰি সংঘৰ্ষৰ ফলত তিনি আৰু চাৰি এপ্ৰিলত এঘাৰজন নিহত হৈছে৷ সেনাবাহিনী, চিআৰপিএফ, আছাম ৰাইফলছে স্থানীয় আৰক্ষীৰ সৈতে অহৰ্নিশে হিংসা নিয়ন্ত্ৰণৰ বাবে প্ৰয়াস চলাই থকাৰ সময়তো শুকুৰবাৰেও ৰাজ্যখনৰ বিভিন্ন স্থানত দুজন লোক হিংসাত্মক ঘটনাৰ বলি হৈ নিহত হৈছে৷ চৰকাৰীভাৱে অৱশ্যে নিহতৰ সংখ্যা আৰু পৰিচয় এতিয়াও প্ৰকাশ কৰা নাই৷ 

যোৱা ৩০ এপ্ৰিলত মণিপুৰ উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা এটা নিৰ্দেশৰ পাছতে মণিপুৰত এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়৷ সেই নিৰ্দেশটোত মণিপুৰ উচ্ছ ন্যায়ালয়ে স্থানীয় মেইটেই সম্প্ৰদায়ক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ বাবে বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছিল৷ মণিপুৰৰ ৫১ শতাংশ বাসিন্দাই মেইটেই সম্প্ৰদায়ৰ৷ সেই সম্প্ৰদায় সামাজিক-ৰাজনৈতিক-শিক্ষাগত-আৰ্থিকভাৱে আগবঢ়া৷ কিন্তু তেওঁলোকক এতিয়াও মণিপুৰৰ স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি দিয়া নহয়৷ মেইটেই সম্প্ৰদায়ে তেওঁলোকক দীৰ্ঘদিন ধৰি জনজাতিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাই আহিছিল৷ আনহাতে, সংখ্যাগৰিষ্ঠ আৰু সকলো দিশতে আগবঢ়া মেইটেই সম্প্ৰদায়ৰ এই দাবীৰ বিৰোধিতা কৰি আহিছিল ৰাজ্যখনৰ সৰু-বৰ সকলো জনজাতি আৰু বিশেষকৈ কুকি-ঝমি নগা জনজাতিয়ে৷ মণিপুৰ উচ্ছ ন্যায়ালয়ৰ উক্ত পৰামৰ্শৰ পাছত এই বিৰোধৰ মাত্ৰা বৃদ্ধি পায় আৰু কুকি নগা জনগোষ্ঠীৰ সমৰ্থিত এটিইউএমে তিনি মে’ত জনজাতি সম্প্ৰীতি শোভাযাত্ৰা উলিওৱাৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত হয়৷ এই সংঘৰ্ষত উভয়পক্ষই ক্ষতিগ্ৰস্ত হৈছে আৰু ঘটনাই জনগোষ্ঠীয় সংঘৰ্ষৰ ৰূপ লৈছে৷ ঠায়ে ঠায়ে আৰক্ষীৰ পৰা লুট কৰি নিয়া  অস্ত্ৰৰে কুকি লোকে আক্ৰমণ চলাইছে আৰু সকলো পক্ষৰে ঘৰ-সম্পত্তি জ্বলাই দিয়া হৈছে৷ এই পৰিস্থিতিত মণিপুৰ আজি একেৰাহে তিনিদিন ধৰি অগ্নিগৰ্ভা৷