Logo
image

বিজেপি ডালে ডালে, কংগ্ৰেছ পাতে পাতে

আমাৰ অসম, ৯ মে’: কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনাধিষ্ঠিত বিজেপিয়ে ডাবল ইঞ্জিন চৰকাৰৰ সুফল আৰু কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ লাভালাভৰ কথা কৈ মূলতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত নিৰ্ভৰ কৰি কৰ্ণাটকত পুনৰ ক্ষমতালৈ উভতি অহাৰ প্ৰচেষ্টা চলাইছে৷ আনহাতে কংগ্ৰেছে সমগ্ৰ কৰ্ণাটক ইমূৰৰ পৰা সিমূৰলৈ চলাথ কৰি মাথোঁ যোৱা দহ দিনত সৰুবৰ ৮০ টা ৰেলী আৰু ৰোড শ্ব’ অনুষ্ঠিত কৰি ৰাজ্যখনত ব্যৰ্থ প্ৰতিপন্ন হোৱা বিজেপি চৰকাৰৰ কুশাসনৰ তথ্য প্ৰচাৰ কৰি পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সোমবাৰে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত  দুই শক্তিশালী ৰাজনৈতিক দলে  পূৰ্ণ ৰূপত প্ৰচাৰ  অভিযান চলায়৷ বুধবাৰে ভোটগ্ৰহণ হ’বলগীয়া আৰু শুকুৰবাৰে ফলাফল প্ৰকাশ পাবলগীয়া কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰৰ সোমবাৰে বিয়লি পাঁচ বজাত সামৰণি পৰে৷ অৱশ্যে তাৰ আগলৈকে পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা থকা বিজেপি আৰু কংগ্ৰেছৰ লগতে কিংমেকাৰ হ’ব বুলি আশা কৰি থকা জেডি [এছ]এ অন্তিম দিন পৰ্যন্ত প্ৰচাৰৰ শেষ সুযোগ ব্যৱহাৰ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত এসপ্তাহত কৰ্ণাটকত মুঠতে ১৭ খন বিশাল নিৰ্বাচনী সভাত ভাগ লয়৷ এই এসপ্তাহত তেওঁ অনুষ্ঠিত কৰে ৫টা ৰোড শ্ব’৷ অৰ্থাৎ বিগত এসপ্তাহত মুঠতে ২২টা ৰেলীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত তীব্ৰ মাত্ৰা প্ৰদান কৰে৷ সামগ্ৰিকভাৱে নৰেন্দ্ৰ মোদীয়েই আছিল বিজেপিৰ মূল তাৰকা প্ৰচাৰক৷ নৰেন্দ্ৰ মোদীৰ শেহতীয়া এই হাইভল্টেজ প্ৰচাৰৰ ওপৰত ভিত্তি কৰিয়েই বিজেপিয়ে ৰাজ্যখনত তেওঁলোকৰ হেৰোৱা স্থান ওভতাই পাব বুলি আশা কৰিছে৷ অৱশ্যে নৰেন্দ্ৰ মোদীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীকে ধৰি অনেকেই নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে৷ পিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ঘাইকৈ কৰ্ণাটকৰ উত্তৰ অংশত সীমাৱদ্ধ থাকে৷ আনহাতে যোৱা এসপ্তাহত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ প্ৰত্যেকখন প্ৰচাৰ সভা জয় বজৰংগবলী ধবনিৰে আৰম্ভ কৰি ধৰ্মীয়ভাৱে ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ লগতে কংগ্ৰেছে ক্ষমতালৈ আহিলে বজৰংগ দলক নিষিদ্ধ কৰিব বুলি  ইস্তাহাৰত কৰা ঘোষণাৰ বিৰোধিতা কৰে৷ মোদীৰ বজৰংগৱলী ধবনিয়ে বিজেপিক অলেখ ভোট গোটাই দিব বুলি আশা কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাস্থানগড়ৰ শ্ৰীকান্তেশ্বৰ মন্দিৰত সেৱা জনাই কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ হাইভল্টেজ প্ৰচাৰৰ সামৰণি মাৰে৷ উত্তৰ কাশীৰ সৈতে দক্ষিণা কাশীৰ সামঞ্জস্য প্ৰদৰ্শন কৰাৰ বাবেই বাৰাণসীৰ সাংসদ মোদীয়ে নাস্থানগড়ৰ এই মন্দিৰ কৌশলেৰে প্ৰচাৰত অন্তৰ্ভুক্ত কৰে৷ 

ইপিনে উপৰ্যুপৰি দ্বিতীয়টো কাৰ্যকালত কেতিয়াও একেটা দলৰ চৰকাৰ নহা কংগ্ৰেছে এইবাৰ বিজেপিক উৎখাত কৰি কৰ্ণাটকত চৰকাৰ গঠন কৰিবলৈ বদ্ধপৰিকৰ হৈছে৷ বিজেপিয়ে ঘাইকৈ নৰেন্দ্ৰ মোদীৰ যাদুৰ ওপৰত নিৰ্ভৰ কৰি বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰি থকাৰ সময়ত কংগ্ৰেছে সমগ্ৰ কৰ্ণাটক ইমূৰৰ পৰা সিমূৰলৈ চলাথ কৰিছে৷ যোৱা দহদিনত কংগ্ৰেছ দলে ৰাজ্যখনত আশীখনৰো অধিক নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে৷ ইয়াৰ ভিতৰত কংগ্ৰেছৰ সভাপতি আৰু স্থানীয় নেতা মল্লিকাৰ্জুন খৰ্গেই অকলেই ৩১ খন সভা অনুষ্ঠিত কৰে৷ যোৱা ১০ দিনত ৰাহুল গান্ধীয়ে ভাগ লয় ২০ খন নিৰ্বাচনী সভাত৷ প্ৰায় সমসংখ্যক নিৰ্বাচনী সভাত ভাগ লয় প্ৰিয়ংকা গান্ধীয়েও৷ ৰাহুল গান্ধীয়ে একাধিক ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ উপৰি অন্যান্য প্ৰচাৰেৰে চমক দিয়ে৷ এদিন পূৰ্বে স্কুটাৰত উঠি এখন সভাৰ পৰা আন এখন সভাস্থলীলৈ ভ্ৰমণ কৰা ৰাহুল গান্ধীয়ে সোমবাৰে ৰাজহুৱা পৰিবহণৰ বাছত উঠি যাত্ৰীৰ সৈতে কথা বতৰা পতাৰ লগতে সাধাৰণ ৰেস্তোৰাঁত বহি আহাৰো গ্ৰহণ  কৰে৷ সেই দিশৰ পৰা চাবলৈ গ’লে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত বিজেপি যদি ডালে ডালে তেন্তে কংগ্ৰেছ পাতে পাতে৷ ইতিমধ্যে একাধিক সমীক্ষা সংস্থাই কংগ্ৰেছেই কৰ্ণাটকত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ সেই সমীক্ষাই কংগ্ৰেছ কৰ্মীক উজ্জীৱিত কৰি তুলিছে৷ শনিবাৰে ‘এবিপি-চি ভোটাৰে’ কৰ্ণাটকত কংগ্ৰেছে ১১০ৰ পৰা ১২২খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যদ্বাণী কৰাত প্ৰধানমন্ত্ৰীৰ শত চেষ্টা পানীত পৰিব বুলি আশংকাৰ সৃষ্টি হৈছে৷ শনিবাৰে একাধিক টিভি তথা সমীক্ষা সংস্থাই কৰ্ণাটকৰ প্ৰাক্‌ নিৰ্বাচনী সমীক্ষা প্ৰকাশ কৰে, য’ত একাধিক সংস্থাই কংগ্ৰেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰে৷ বেছ গ্ৰহণযোগ্য হিচাপে বিবেচিত এবিপি-চি ভোটাৰে কংগ্ৰেছক ১১০-১২২খন আসন দি বিজেপিক ৭৩-৮৫খন আসনহে দিয়াও গেৰুৱা দলত প্ৰবল আতংক আৰু  হতাশাৰ সৃষ্টি  হৈছে৷ আনহাতে প্ৰচাৰৰ অন্তিম দিনটোৰ ঠিক পূৰ্বে বিজেপিৰ বাবে বিপৰ্যয়ৰ সৃষ্টি কৰিছে ৰাজ্যখনৰ সবাতোকৈ প্ৰভাৱশালী সম্প্ৰদায় লিংগায়ত জনগোষ্ঠীয়ে৷ দেওবাৰে লিংগায়ত গোষ্ঠীৰ বৃহত্তম সংগঠন ‘কৰ্ণাটক ৱীৰাছাইতা লিংগায়ত ফৰামে’ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন জনাব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে সকলো লিংগায়ত ভোটাৰক কংগ্ৰেছক ভোট দিবলৈ আহ৩ান জনায়৷ ৯০ৰ দশকৰ পৰা লিংগায়ত ভোট গেৰুৱামুখী আছিল আৰু বিগত ২০১৮ চনৰ নিৰ্বাচন পৰ্যন্ত লিংগায়ত গোষ্ঠীয়ে বিজেপিকে সমৰ্থন জনাই আহিছিল৷ কিন্তু বিএছ য়েডিয়ুৰাপ্পাক মুখ্যমন্ত্ৰীৰ আসনৰ পৰা অপসাৰণ কৰাৰ পাছৰ পৰা ক্ৰমাৎ লিংগায়তৰ সমৰ্থন বিজেপিৰ প্ৰতি হ্ৰাস পাবলৈ ধৰে৷ একেবাৰে শেহতীয়াকৈ বিজেপিৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছেট্টাৰ, প্ৰাক্তন উপমুখ্যমন্ত্ৰী লক্ষ্মণ সভাডিকে ধৰি শীৰ্ষ লিংগায়ত নেতাই দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাত এইবাৰ লিংগায়ত ভোটৰ ক্ষেত্ৰত বিজেপিত গৰাখহনীয়াৰ আশংকা থাকি গৈছিল৷ দেওবাৰে লিংগায়ত গোষ্ঠীৰ ঘোষণাই সেই আশংকা সত্যত পৰিণত কৰা বুলি ধাৰণা কৰা হৈছে৷