Logo
image

সংগীতা, ৱালিউলৰ বিচাৰ হ’ব ফাষ্টট্ৰেক ক’ৰ্টত

আমাৰ অসম, ৯ মে’: হাইপ্ৰফাইল চিকিৎসক দম্পতীৰ এটাৰ পাছত এটাকৈ ঘৃণনীয় অধ্যায় আৰক্ষীৰ তদন্তত উন্মোচন হৈছে৷ চাৰে তিনি বছৰীয়া কন্যা শিশুটিকেই নহয়, যমজ আনটো ল’ৰা শিশুকো যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত ল’ৰা শিশুটিয়ো যৌন নিৰ্যাতনৰ বলি হোৱা তথ্য নিশ্চিত কৰিছে৷ ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই অবৈধভাৱে তুলি লোৱা চাৰে তিনি  বছৰীয়া শিশু দুটিৰ ওপৰত ঘৃণনীয় কাৰ্য সংঘটিত হোৱাটো স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত উন্মোচন হোৱাৰ পাছতেই ডাক্তৰ দম্পতীৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ধাৰত দুটাকৈ গোচৰ ৰুজু কৰাৰ কথা সদৰী কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ সম্প্ৰতি জিলা শিশু কল্যাণ কমিটীৰ জৰিয়তে শিশুগৃহত ভুক্তভোগী কণমানি দুটাক আশ্ৰয় দিয়াৰ লগতে প্ৰয়োজনীয় চিকিৎসাৰো ব্যৱস্থা কৰিছে৷ ঘৰৰ চাদত প্ৰখৰ ৰ’দত এটা খুঁটাত কন্যা শিশুটিক বান্ধি ৰাখি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই নিৰ্যাতন চলোৱাৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে এতিয়া চিকিৎসক দম্পতীৰ বিকৃত মানসিকতাৰ বিভৎস বাস্তৱ পোহৰলৈ আনে৷ শিশু দুটিক চিকিৎসক দম্পতীয়ে যৌন নিৰ্যাতন চলাই আসুৰিক তৃপ্তি লোৱাৰ সন্দেহ ব্যক্ত কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ এই ঘটনাৰ বাবে চিকিৎসক দম্পতীক গ্ৰেপ্তাৰ কৰাৰ লগতে কন্যা শিশুটিক ৰ’দত বান্ধি নিৰ্যাতন চলোৱাৰ অভিযোগত কাম কৰা মহিলা লক্ষী ৰায়কো গ্ৰেপ্তাৰ কৰিছে৷ অৱশ্যে সোমবাৰে আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা দ্বিতীয় গৰাকী মহিলাকো আটক কৰি সোধা-পোছা অব্যাহত  ৰাখিছে৷ ইতিমধ্যে অভিযুক্ত চিকিৎসক দম্পতীক ৫দিনৰ জিম্মাত লৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও দুয়োজনৰ ভাষ্যৰ বিসংগতি থকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে৷ সংগীতা দত্তই থানাৰ লকআপত অক্সিজেন পোৱা নাই বুলি চিঞৰ-বাখৰ কৰাত তদন্তকাৰী আৰক্ষীয়ে দেওবাৰে নিশাটো পাণবজাৰ মহিলা থানাৰ লকআপৰ বাহিৰৰ এখন চকীতে বহুৱাই ৰাখে৷ আনকি থানাৰ বাহিৰে ভিতৰেও সংগীতা দত্তই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলা বুলিও সংগতিহীন কথা কৈ কন্দা কটা কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত এটা সময়ত গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰা নিজেই থানাত উপস্থিত হ’বলগীয়া হয়৷ আৰক্ষী আয়ুক্তক দেখি সংগীতাই হাত যোৰ কৰি তেওঁলোকৰ পৰিয়ালটোক সহায় কৰিবলৈ অনুৰোধ জনায়৷ অৱশ্যে আৰক্ষী আয়ুক্তই আৰক্ষীৰ তদন্তক সহযোগিতা আগবঢ়াবলৈহে পৰামৰ্শ দিয়ে অভিযুক্ত চিকিৎসকগৰাকীক৷ কিন্তু ডাঃ সংগীতা দত্তই নিশা পুনৰ থানাৰ ভিতৰত চিঞৰি চিঞৰি অস্বাভাৱিক আচৰণ  কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আনকি তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলা বুলি কৈ মানহানিৰ লগতে নিৰ্যাতনৰ গোচৰ ৰুজু কৰিব বুলিও ওলোটাই ভাবুকি দিয়ে৷ ইফালে চিকিৎসক দম্পতীয়ে অবৈধভাৱে সন্তানৰ স্বীকৃতি দিয়া কণমানি শিশু দুটি যৌন নিৰ্যাতনৰ বলি হোৱাৰ তথ্য স্বাস্থ্য পৰীক্ষাত পোহৰলৈ অহাত বিশেষ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্‌ছ’ আইনৰ ধাৰাত ৰুজু হোৱা গোচৰ দুটাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক ক’ৰ্টত চলোৱাৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনহাতে মুখ্যমন্ত্ৰীয়ে ৬মাহৰ ভিতৰত সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে৷ সোমবাৰে দিছপুৰত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়– ‘সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক ক’ৰ্টত কৰাৰ বাবে মুখ্য ন্যায়াধীশক অনুৰোধ জনায়৷ আৰক্ষীক ৪৫ দিনৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিবলৈকো নিৰ্দেশ দিছোঁ ৷ এই ঘটনাটোক মই নিজেই নিৰীক্ষণত ৰাখিছোঁ৷’ ইফালে তদন্তকাৰী আৰক্ষীৰ জেৰাত সংগীতা দত্ত আৰু ৱালিউল ইছলামে শিশু দুটিক যৌন নিৰ্যাতনৰ অভিযোগক বাৰে বাৰে অস্বীকাৰ কৰাত চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা আন কোনো ব্যক্তি এই দুষ্কাৰ্যত জড়িত আছে নেকি সেই বিষয়টোও তদন্তত ৰাখিছে বুলি জানিবলৈ দিছে৷ কিয়নো সংগীতা-ৱালিউলৰ ঘৰত দুই মহিলাৰ উপৰি আন কেইবাজনো পুৰুষ-মহিলাই কৰ্মচাৰী হিচাপে থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ সেই সূত্ৰে আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা প্ৰতিজন লোককে সোধা-পোছা কৰাৰ লগতে প্ৰয়োজনত ডিএনএ টেষ্ট কৰিব বুলিও জানিবলৈ দিছে৷

সংগীতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ নলবাৰীৰ দুই ভাতৃৰ

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ সভ্য সমাজক কলুষিত কৰা চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ শিশু নিৰ্যাতন কাণ্ডই ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰাৰ সময়তে নলবাৰীৰ এটা পৰিয়ালক চিকিৎসক দত্তই দুৰ্ব্যৱহাৰ কৰাৰ কথা পোহৰলৈ আহিছে৷ শেহতীয়াভাৱে মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তৰ জঘন্য কাণ্ড উন্মোচিত হোৱাৰ পাছত নলবাৰী চহৰৰ কাজিপাৰাৰ এই পৰিয়ালটোৱে চিকিৎসকগৰাকীয়ে কৰা অভব্য আচৰণৰ কথা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে৷ কাজিপাৰা নিৱাসী নগেন বেজবৰুৱাৰ পত্নী মীনা বেজবৰুৱা নামৰ মহিলাগৰাকীক বিগত ২০১৭চনৰ ৩১ জুলাইত চিকিৎসাৰ বাবে নেমকেয়াৰ হাস্পতালৰ চিকিৎসক সংগীতা দত্তৰ ওচৰলৈ লৈ গৈছিল৷ দুই পুত্ৰই জানিবলৈ দিয়া মতে, চিকিৎসক দত্তই বৃদ্ধা মাতৃৰ কেইবাটাও পৰীক্ষা কৰিবলৈ নিদান-পত্ৰত লিখি দিয়ে৷ লক্ষ্যণীয়ভাৱে এই পৰীক্ষাসমূহ কৰাৰ বাবে নিদান-পত্ৰখনতে ব্যক্তিগত ডাইগ্ন’ষ্টিক চেণ্টাৰৰ নাম আৰু ফোন নম্বৰ লিখি দিয়ে চিকিৎসকগৰাকীয়ে৷ চিকিৎসকগৰাকীৰ এনে কাণ্ডত হতবাক হৈ সেই সময়ত গুৱাহাটী মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত লেব’ৰেটৰী টেকনিচিয়ান হিচাপে কৰ্মৰত ৰোগীগৰাকীৰ পুত্ৰ ভাস্কৰ বেজবৰুৱাই চৰকাৰী চিকিৎসালয়খনতে নিজহাতে পৰীক্ষাসমূহ কৰি লৈ গৈ ডাঃ সংগীতা দত্তৰ ওচৰ চাপিছিল৷ কিন্তু মানৱতাবোধহীন চিকিৎসকগৰাকীয়ে ৰিপ’ৰ্ট চাই দৰৱ দিয়াৰ পৰিৱৰ্তে এইবিলাক ৰিপ’ৰ্ট তেওঁ নাচায় বুলি টেকনিচিয়ান পুত্ৰৰ চকুৰ সন্মুখতে দলিয়াই দিয়ে৷ ভাস্কৰ বেজবৰুৱাই উত্থাপন কৰা অভিযোগ অনুসৰি, চিকিৎসকগৰাকীয়ে নিদান-পত্ৰত উল্লেখ কৰি দিয়া লেব’ৰেটৰীত পৰীক্ষাসমূহ নকৰাৰ বাবেই এনে আচহুৱা আচৰণ কৰিছিল৷ ইফালে, বৃদ্ধা মাতৃগৰাকীৰ চিটী-স্কেন কৰিবলৈও মহানগৰীৰে এখন ব্যয়বহুল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ নাম নিদান-পত্ৰত লিখি দিছিল চিকিৎসক সংগীতা দত্তই৷ কিন্তু উক্ত চিকিৎসালয়খনত এই পৰীক্ষাৰ বাবে খৰচ বেছি হোৱা হেতুকে মহানগৰীৰে আন এখন আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়ত কম খৰচত চিটী-স্কেন কৰাই ৰোগীগৰাকীৰ জ্যেষ্ঠ পুত্ৰ সঞ্জীৱ বেজবৰুৱাই এই ৰিপ’ৰ্ট চিকিৎসকগৰাকীক দেখুৱাবলৈ লৈ গৈছিল যদিও অনুৰূপধৰণৰ কথা কৈ ৰিপ’ৰ্ট চোৱাৰ পৰা বিৰত থাকি মাত্ৰ দুটা দৰৱ লিখি দি পঠিয়াই দিয়ে৷ এটা সময়ত ভাস্কৰ বেজবৰুৱাৰ মাতৃৰ অসুখৰ পৰীক্ষাৰ কাগজ দলিয়াই দিয়া চিকিৎসক সংগীতা দত্তক আজি ৰাজ্যবাসীয়ে অন্তৰৰ পৰা দলিয়াই দিয়া বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যুৱকজনে৷