Logo
image

ঋণৰ মেটমৰা বোজা বনাম উন্নত অসমৰ সপোন

সাম্প্ৰতিক অসমত নিৰ্বাচনী বতাহ ববলৈ আৰম্ভ কৰিছে৷ নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে নতুন নতুন আঁচনিৰ ধুম উঠিছে৷ ৰাজ্যৰ মহিলাসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে অৰুণোদয় আঁচনি, হাজাৰ হাজাৰ ছাত্ৰীক স্কুটী বিতৰণ, নামঘৰলৈ অনুদান, চাহ বাগিচা এলেকাৰ বাবে নতুন প্ৰকল্প আদিৰ ঘোষণা কৰা হৈছে৷ ইতিপূৰ্বে হিতাধিকাৰীসকলৰ বাবে প্ৰদান কৰা আঁচনিসমূহৰ বাবেও ব্যাপক ধন খৰচ কৰা হৈছে৷ উপৰিউক্ত আঁচনিসমূহৰ সকলোবোৰৰ গুৰুত্ব উলাই কৰিব নোৱাৰি যদিও নিজৰ ৰাজ্যৰ ধনৰ ভঁৰাল এনে আঁচনিৰ বাবে উদং কৰাৰ ফলত ধাৰত পোত গৈছে অসম৷ বিজেপি চৰকাৰৰ মন্ত্ৰী-নেতাই কথাই প্ৰতি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে৷ কিন্তু বিগত ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ছোৱাত চৰকাৰখনে লোৱা ঋণ ৩৫,৬৯০.২২ কোটি টকাৰ বিপৰীতে বিজেপি চৰকাৰে চাৰিটা বছৰত লোৱা ঋণৰ পৰিমাণ হ’ল ৪৩,৪৩২.৪২ কোটি টকা৷ ঠিক তেনেদৰে বিশ্ব বেংক, এছিয়ান ডেভলপ্‌মেণ্ট বেংককে ধৰি অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰাও ঋণ লৈ আছে অসম চৰকাৰে৷ ঋণৰ ধনেৰে আন্তঃগাঁথনি সম্পদ সৃষ্টি কৰি তাৰ যোগেদি ৰাইজক উপকৃত কৰা, নিয়োগ সংস্থান বৃদ্ধি কৰিলেহে সেই ধনৰ সৎ ব্যৱহাৰ হয়৷ কিন্তু কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালতকৈ প্ৰায় ১০৮ শতাংশ ঋণ বেছি লোৱাৰ সত্ত্বেও যি হাৰত ৰাজ্যৰ উন্নয়ন হ’ব লাগিছিল সেয়া হৈ নুঠিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো শাসনলৈ অহাৰে পৰা ২১ শতিকাত ভাৰতক এক শক্তিশালী শক্তি ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন অভিলাসী আঁচনি, প্ৰকল্প আদি ঘোষণা কৰিছে৷ যিবোৰ ৰাজ্যই এনে আঁচনিসমূহৰ সুবাদত আন্তঃগাঁথনিকে ধৰি অন্যান্য উৎপাদনশীল প্ৰকল্পসমূহ গ্ৰহণ কৰিছে সেইবোৰ ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ গতি বহু পৰিমাণে ত্বৰান্বিত হৈছে৷ প্ৰকৃততে তেনে অন্যসমূহে সময়মতে কণচেপ্ট পেপাৰ, ডি পি আৰ আদি প্ৰস্তুত কৰি চৰকাৰী বিভাগসমূহৰ যাৱতীয় অনুমোদন লৈ বিভিন্ন প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়তে সম্পূৰ্ণ কৰিছে৷ ইয়াৰ ফলত বিভিন্ন উৎসৰ পৰা ঋণ ল’লেও সেই ঋণৰ ধন ভাল ব্যৱহাৰ হোৱাটোও নিশ্চিত হৈছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে হিতাধিকাৰী ৰাজনীতি এনে ৰাজ্যতো চলি আছে যদিও সেই ৰাজ্যসমূহৰ ৰাজনীতি ‘হিতাধিকাৰী কেন্দ্ৰিক’ হৈ উঠা নাই৷ কিন্তু ইয়াৰ বিপৰীতে অসমত ‘উন্নয়নৰ ৰাজনীতিয়ে’ প্ৰাধান্য পোৱাৰ পৰিৱৰ্তে অধিক হিতাধিকাৰী সৃষ্টিৰ দ্বাৰা ভোট বেংক শক্তিশালী কৰাটোৱেহে অধিক প্ৰাধান্য লাভ কৰা যেন পৰিলক্ষিত হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কেইবছৰমান পূৰ্বে দেশৰ চাৰিখন মহানগৰক প্ৰথমতে ‘স্মাৰ্ট চিটী’ ৰূপে ঘোষণা কৰি গুৱাহাটী মহানগৰকো অন্তৰ্ভুক্ত কৰিছিল৷ কিন্তু বিগত সময়ছোৱাত এই ক্ষেত্ৰত যাৱতীয় পদক্ষেপৰ সামান্যতমো অগ্ৰসৰ নহ’ল৷ এই সময়ছোৱাত বাকী তিনিখন মহানগৰৰ লগতে দেশৰ আন কেইবাখনো মহানগৰ স্মাৰ্ট চিটীৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই গ’ল৷ ৰাজ্যৰ কৃষিখণ্ডত ব্যৱহৃত মাত্ৰ ৪ শতাংশ মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে৷ কিন্তু যোৱা চাৰিটা বছৰত এই ক্ষেত্ৰত অগ্ৰগতি অতি পুতৌজনক৷ জাইকা, বিশ্ব বেংকৰ অনুদানেৰে নিৰ্মাণ কৰিব লগা গুৱাহাটী পানী যোগান প্ৰকল্প অকণো আগ নাবাঢ়িল৷ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যমতে ২০১৯-২০ বৰ্ষলৈ অসমত ‘ষ্টাৰ্টআপ ভিলেজ’ আঁচনিৰ অধীনত কোনো উদ্যোগ স্থাপন নোহোৱাৰ বাবে গ্ৰামাঞ্চলসমূহত নতুন নিযুক্তিৰ সৃষ্টি হোৱা নাই৷ ‘এডভাণ্টেজ আসাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত ২০৭খন বুজাবুজি চুক্তি সাক্ষৰিত হৈছিল৷ এই চুক্তিৰ যোগেদি ৭৯,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হৈছিল বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছিল৷ কিন্তু মূৰকত কি হৈছে সেই বিষয়ে অধিক ব্যাখ্যাৰ প্ৰয়োজন নাই৷ ঋণৰ মেটমৰা বোজাই ৰাজ্যখনক ভৱিষ্যতে দেশৰ ভিতৰত এখন শক্তিশালী ৰাজ্যৰূপে কিদৰে প্ৰতিষ্ঠা কৰিব সেয়া এক ডাঙৰ প্ৰশ্ন৷