Logo
image

বৰ্ষপূৰ্তিত ৰাজ্যক কি উপহাৰ

আমাৰ অসম, ৯ মে’: ৰাজ্যৰ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অহা বুধবাৰ, ১০ মে’ত দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব৷ এই দুবছৰীয়া কাৰ্যকাল পূৰ্তিৰ প্ৰাক্‌ক্ষণত ৪৫ হাজাৰৰো অধিক চৰকাৰী চাকৰিত নিযুক্তিৰ লগতে আৰু বহুতো বৰ্ষপূৰ্তিৰ উপহাৰ অসমৰ ৰাইজৰ বাবে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ দিছপুৰৰ জনতা ভৱনত আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– কাইলৈ ৰাজ্যত প্ৰায় ৮,০০০ কোটি টকাৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ কৰা হ’ব৷ পেপছি কোম্পানীয়ে ইয়াত পটেটো চিপ্‌ছ প্ৰস্তুত কৰিব৷ তিনিটাকৈ নতুন চিমেণ্ট উদ্যোগ আহিব৷ ইলেক্ট্ৰনিক গাড়ী নিৰ্মাতা কোম্পানী আহিব৷ এয়া আৰম্ভণিহে আমাৰ লগত আৰু সাত-আঠ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ আছে৷ বহুখিনি মানুহৰ ইনকুৱাৰী অসমলৈ আহি আছে৷ যোৱা কেইদিন মই কৰ্ণাটকত থাকোঁতেও বহু উদ্যোগপতিয়ে মোক লগ কৰিছে৷ আহিব খোজে অসমলৈ৷ অসমত আইফোন নিৰ্মাণৰ প্ৰকল্পৰ কথাটোও এক জেগাত আলোচনা চলি আছে৷ আজিও কিজানি টাটা কোম্পানীৰ মানুহে জাগীৰোডৰ এইচপিচি কমপ্লেক্সটো চাবলৈ গৈছে৷ কি আগবাঢ়ে নাজানো, কিন্তু বিভিন্নজনে অসমত ঘূৰিয়েই আছে৷ প্ৰত্যেক দিনাই কোনোবা নহয় কোনোবা এজন অসমলৈ আহিছে চাবৰ বাবে৷ কোনোবা উজনি অসমলৈ গৈছে, কোনোবা নামনিলৈ গৈছে, কোনোবা যোগীঘোপাত গৈছে৷’ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ বৰ্ষপূৰ্তিৰ অংশ হিচাপে ৯, ১০ আৰু ১১ মে’ত তিনিদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰে বিভিন্ন জনহিতৈষী কাম-কাজ হাতত লৈছে৷ ১০ মে’ত নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰা হ’ব৷ সেইদিনাই বিয়লি ৪ বজাত ৫ লাখ টকা বিনামূলীয়া স্বাস্থ্যসেৱাৰ মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড মুকলি কৰা হ’ব৷ চলিত বৰ্ষতে সম্পূৰ্ণ কৰা হ’ব বটদ্ৰৱা প্ৰকল্পৰ কাম৷ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ ল’বলৈ কাইলৈ পুৱা মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱাৰ প্ৰকল্পস্থলী ভ্ৰমণ কৰিব৷