Logo
image

মণিপুৰৰ মন জয় কৰিলে অসম ৰাইফল্‌ছে

আমাৰ অসম, ৯ মে’: মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ মাজতে শিৱিৰত থকা ক্ষতিগ্ৰস্তৰ শুশ্ৰূষা আৰু অন্যান্য ক্ষেত্ৰত আছাম ৰাইফলছে প্ৰদৰ্শন কৰা মানৱীয় কাৰ্যত গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে ঘৰদুৱাৰ, আত্মীয়স্বজনক হেৰুৱাই কোনোমতে শিৱিৰত  প্ৰাণটো লৈ জীয়াই থকা একাংশ বাসিন্দাই৷ ৰাজ্যখনৰ গোষ্ঠী সংঘৰ্ষ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিৰন্তৰ ব্ৰতী হৈ থকা আছাম ৰাইফলছে আশ্ৰয় শিৱিৰত থকা হাজাৰ হাজাৰ ক্ষতিগ্ৰস্তক স্বাস্থ্যসেৱাকে ধৰি সকলো ধৰণৰ সেৱা আগবঢ়াই আছে৷ তাৰ মাজতে আছাম ৰাইফলছৰ চিকিৎসকৰ সহযোগিতাত দেওবাৰে এটা আশ্ৰয় শিৱিৰত এগৰাকী গৰ্ভৱতী মহিলাই এটি সন্তানৰ জন্ম দিয়াৰ খবৰে শিৱিৰত থকা সকলোকে আনন্দিত কৰি তুলিছে৷ মণিপুৰৰ মন্ত্ৰীপুখৰি আশ্ৰয় শিৱিৰত থকা এন্থাৰ হোনথা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ দেওবাৰে হঠাতে প্ৰসৱবেদনা আৰম্ভ হয়৷ লগে লগে তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে আছাম ৰাইফলছৰ এগৰাকী চিকিৎসক৷ সেই চিকিৎসকজনৰ  তৎপৰতা আৰু সাহায্যত এন্থাৰ হোমথাই এটি সুস্থ সবল শিশুৰ জন্ম দিয়ে৷ নৱজাত শিশুটিৰ কান্দোনৰ লগে লগে শিৱিৰত থকা অন্যান্যই নতুন অতিথি অহা বুলি জানিব পাৰে আৰু আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ 

ছুপ্ৰিম ক’ৰ্টৰ উদ্বিগ্নতা

আনহাতে মণিপুৰৰ গোষ্ঠীসংঘৰ্ষক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে উচ্ছতম ন্যায়ালয়ে৷ সোমবাৰে উচ্ছতম ন্যায়ালয়ে মণিপুৰৰ গোষ্ঠীসংঘৰ্ষকলৈ দাখিল হোৱা দুখন আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই সংঘৰ্ষত ক্ষতিগ্ৰস্ত হোৱাসকলক যথোপযুক্ত সাহায্য আৰু আশ্ৰয় প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিক ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰকে ক্ষতিগ্ৰস্ত আৰু গৃহহীন হোৱাসকলৰ ক্ষেত্ৰত  কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া জনাবলৈ নিৰ্দেশ জাৰি কৰে৷ কি পৰিস্থিতিত ৰাজ্যখনত এনে হ’বলৈ পালে তাৰো বাখ্যা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ডি ৱাই চন্দ্ৰচূড়, পি ভি নৰসিংহ, জে বি পাৰ্ডিৱালাৰ দ্বাৰা গঠিত বিচাৰপীঠে৷ উল্লেখ্য, মণিপুৰৰ এই গোষ্ঠী সংঘৰ্ষ মণিপুৰ উচ্ছ ন্যায়ালয়ৰ এটা ৰায়ৰ বাবে সংঘটিত হোৱা বুলি ৰাজ্যখনৰ এজন বিজেপি বিধায়ক দিনগাংলুং গাংমেয়ে উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ তেওঁ উক্ত আবেদনত কৈছিল যে, ৰাজ্যখনৰ অগ্ৰণী সম্প্ৰদায় মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ মণিপুৰ উচ্ছ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়াৰ ফলতে এই গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হ’ল৷ সৰ্বোচ্ছ আদালতে মণিপুৰ উচ্ছ ন্যায়ালয়ৰ এই ৰায়ত হস্তক্ষেপ কৰিব লাগে৷ আনহাতে মণিপুৰৰ এটা জনজাতীয় সংগঠনেও উচ্ছতম ন্যায়ালয়ত এখন জনস্বাৰ্থজড়িত আবেদন দাখিল কৰি এই গোষ্ঠী সংঘৰ্ষৰ তদন্ত বিশেষ তদন্তকাৰী গোটৰ জৰিয়তে কৰিব লাগে বুলি আবেদন জনাইছে৷ উচ্ছতম ন্যায়ালয়ে দ্বিতীয়খন আবেদনৰ ক্ষেত্ৰত সোমবাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে৷ এই গোচৰৰ অহা ১৭ মে’ত উচ্ছতম ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব৷ আনহাতে, ৰাজ্য চৰকাৰে জৰুৰীভাৱে দিল্লীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰণালয়ত ডেপুটেচনত থকা মণিপুৰ কেডাৰৰ আই এ এছ বিষয়া ডাঃ বিনীত যোশীক জৰুৰীভাৱে ৰাজ্যলৈ আনি মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰিছে৷ মুখ্য সচিবৰ দায়িত্বত থকা ডাঃ ৰাজেশ কুমাৰক সেই পদৰ পৰা অপসাৰণ কৰা হৈছে৷ 

প্ৰসংগতঃ উল্লেখযোগ্য যোৱা ৩০ এপ্ৰিলত মণিপুৰ উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা এটা নিৰ্দেশৰ পাছতে মণিপুৰত এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হৈছিল৷ সেই নিৰ্দেশটোত মণিপুৰ উচ্ছ ন্যায়ালয়ে স্থানীয় মেইটেই সম্প্ৰদায়ক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ বাবে বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছিল৷ উল্লেখ্য, মণিপুৰৰ ৫১ শতাংশ বাসিন্দাই মেইটেই সম্প্ৰদায়ৰ৷ সেই সম্প্ৰদায় সামাজিক-ৰাজনৈতিক-শিক্ষাগত-আৰ্থিকভাৱে সকলো দিশতে আগবঢ়া৷ কিন্তু তেওঁলোকক এতিয়াও মণিপুৰৰ স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি দিয়া নহয়৷ মেইটেই সম্প্ৰদায়ে তেওঁলোকক দীৰ্ঘদিন ধৰি জনজাতিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাই আহিছিল৷ আনহাতে, সংখ্যাগৰিষ্ঠ আৰু সকলো দিশতে আগবঢ়া মেইটেই সম্প্ৰদায়ৰ এই দাবীৰ বিৰোধিতা কৰি আহিছিল ৰাজ্যখনৰ সৰু-বৰ সকলো জনজাতি আৰু বিশেষকৈ কুকি-ঝমি নগা জনজাতিয়ে৷ মণিপুৰ উচ্ছ ন্যায়ালয়ৰ উক্ত পৰামৰ্শৰ পাছত এই বিৰোধৰ মাত্ৰা বৃদ্ধি পায় আৰু কুকি নগা জনগোষ্ঠীৰ সমৰ্থিত এটিইউএমে চুড়াচান্দপুৰ জিলাত তিনি মে’ত জনজাতি সম্প্ৰীতি শোভাযাত্ৰা উলিওৱাৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত হয়৷ এই সংঘৰ্ষত উভয়পক্ষই ক্ষতিগ্ৰস্ত হৈছে আৰু ঘটনাই জনগোষ্ঠীয় সংঘৰ্ষৰ ৰূপ লৈছে৷ ঠায়ে ঠায়ে আৰক্ষীৰ পৰা লুট কৰি নিয়া  অস্ত্ৰৰে কুকি লোকে আক্ৰমণ চলাইছে আৰু সকলো পক্ষৰে ঘৰ-সম্পত্তি জ্বলাই দিয়া হৈছে৷ অৱশ্যে সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী থকা অঞ্চলত কুকি লোকৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে৷ ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায় আৰু কুকি-ঝমি নগাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ২০,০০০ৰো অধিক স্থানীয় বাসিন্দা গৃহহাৰা হৈছে আৰু তাৰে ১৩ হাজাৰোধিকক ভাৰতীয় সেনা আৰু আছাম ৰাইফলছে সংঘৰ্ষপীড়িত অঞ্চলৰ পৰা উদ্ধাৰ কৰি নিজৰ আশ্ৰয়ত আৰু ঠায়ে ঠায়ে আশ্ৰয় শিবিৰ স্থাপন কৰি ৰাখিবলগীয়া হৈছে৷ এই ভয়ংকৰ হিংসাত্মক সংঘৰ্ষত গৃহহাৰা হৈ পৰা ২০০০ৰো অধিক মণিপুৰৰ বাসিন্দাই কাছাৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে৷ অসমৰ একাধিক বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ চি-১৭ গ্লোবমাষ্টাৰ আৰু এএ-৩২ এয়াৰক্ৰাফট প্ৰেৰণ কৰি হিংসাকবলিত মণিপুৰৰ বিভিন্ন অঞ্চলৰ পৰা আৱদ্ধ হৈ থকা বহু লোকক শুকুৰবাৰৰ পৰা উদ্ধাৰ কৰি অনা হৈছে৷ হিংসা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে’লৱেই  শুকুৰবাৰৰ পৰা মণিপুৰলৈ অহা-যোৱা কৰা সকলো ৰে’লগাড়ী  আৰু ৰাজ্যখনৰ ভিতৰত যাতায়াত কৰা সকলো ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে৷ 

তাৎপৰ্যপূৰ্ণ এয়াই যে, মণিপুৰত এনে ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষ হৈ থকা স্বত্বেও কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ বাবে কোনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা ৰাজ্যখনলৈ যোৱা নাই৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ সংঘৰ্ষক লৈ এটা শব্দও খৰচ কৰা নাই৷ অৱশ্যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শনিবাৰে ৰাজ্যখনৰ সকলো বিৰোধী দলক লগত লৈ এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে আৰু ৰাজ্যবাসীক শান্তিৰ পৰিৱেশ ঘুৰাই অনাৰ বাবে আহ্বান জনায়৷ ইপিনে, গোষ্ঠী সংঘৰ্ষৰ বাবে দেওবাৰে হ’বলগীয়া সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নীটৰ এণ্ট্ৰেন্স মণিপুৰত বন্ধ ৰখা হয়৷ ইপিনে, কঠোৰ পদক্ষেপ হাতত লৈ ৰাজ্যখনৰ হিংসা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মণিপুৰত শনিবাৰেই ৩৫৫ অনুচ্ছেদ জাৰি কৰি সকলো অভিযান নিজৰ হাতলৈ নিয়ে আৰু বিগত দুদিন ধৰি ৰাজ্যখনৰ প্ৰায় প্ৰতিটো থানা এলাকা হয় ভাৰতীয় সেনাবাহিনী বা আছাম ৰাইফলছ আৰু চিআৰপিএফৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ লৈ গৈছে৷ সম্প্ৰতি ৰাজ্যখনত দহ হাজাৰোধিক সেনা আৰু কেন্দ্ৰীয় বাহিনী নিয়োগ কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে দিনতে মণিপুৰলৈ চিআৰপিএফৰ ২০টা নতুন কোম্পানী আৰু বিয়লি আন দহটা কোম্পানী প্ৰেৰণ কৰিছিল৷ শনিবাৰে পুনৰ ৰাজ্যখনলৈ আনকেইটামান কেন্দ্ৰীয় বাহিনী প্ৰেৰণ কৰিও ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই৷ ইপিনে সোমবাৰে প্ৰথমবাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ এই গোষ্ঠী সংঘৰ্ষত ৬০জন নিৰপৰাধ লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে৷ যোৱা ৩ মে’ত সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে নিহতৰ সংখ্যা প্ৰকাশ কৰিলে৷ তেওঁৰ মতে এই সংঘৰ্ষত ২৩১জন লোক আহত হৈছে আৰু ১৭০০ বাসগৃহ ভস্মীভূত হৈছে৷ অৱশ্যে বেচৰকাৰী তথ্য মতে নিহতৰ সংখ্যা ৩০০ ৰো অধিক৷

মণিপুৰৰ পৰা গুৱাহাটীলৈ ছাত্ৰ-ছাত্ৰীসহ চাৰি শতাধিক লোক

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ গোষ্ঠীগত সংঘৰ্ষই প্ৰায় এপষেক ধৰি জুৰুলা কৰি ৰখা অশান্ত মণিপুৰৰ ৰাজধানী ইম্ফলৰ বিমান বন্দৰৰ পৰা অৱশেষত গুৱাহাটীলৈ তাত আৱদ্ধ হৈ থকা অসমকে ধৰি বহিঃৰাজ্যৰ লোকসকলক বিমানেৰে উদ্ধাৰ কৰা কাৰ্য আৰম্ভ হৈছে৷ বিমান বন্দৰলৈ আৱদ্ধ লোকসকলক পৰ্যাপ্ত নিৰাপত্তাসহ অহাত সহায় কৰিছে সম্প্ৰতি মণিপুৰৰ আইন শৃংখলা ৰক্ষাৰ দায়িত্বত থকা ভাৰতীয় সেনা আৰু আসাম ৰাইফলছে৷ কেৱল সোমবাৰৰ দিনটোত পুৱাৰে পৰা সন্ধিয়ালৈ ৪টা বিমান সংস্থা ক্ৰমে ইণ্ডিগ’, এয়াৰ এছিয়া, এলায়েন্স এয়াৰ, ফ্লাইবিগৰ মুঠ পাঁচখন বিমানত আহিছে চাৰি শতাধিক লোক৷ অৱশ্যে ইয়াৰে সৰহ ভাগেই হৈছে তাত মেডিকেলত ধৰি বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী৷ আনকি পুৱা ৮.২০ বজাত ৭২ খন আসনযুক্ত ফ্লাইবিগৰ এটিআৰ শ্ৰেণীৰ বিমানখনত আহে ৭০জন ছাত্ৰ-ছাত্ৰী৷ ইয়াৰ পূৰ্বে শনিবাৰ আৰু দেওবাৰে ইণ্ডিগৰ দুখন বিমানত আহিছে তিনি শতাধিক লোক৷ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ এক সূত্ৰই সদৰি কৰা অনুসৰি মঙলবাৰে ফ্লাইবিগত ৭২ খন আসনযুক্ত বিমানে ইম্ফলৰ পৰা আৱদ্ধ লোকক উদ্ধাৰৰ বাবে ৭ টাকৈ উৰণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ ইফালে গুৱাহাটীলৈ আহি পোৱা লোকসকলৰ প্ৰায় ৭০ শতাংশই অসমৰ হোৱাৰ বিপৰীতে বাকীখিনী চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ৷

উদ্বিগ্ন অল ইণ্ডিয়া ডিএছঅ’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ মণিপুৰৰ অশান্ত পৰিস্থিতি সম্পৰ্কে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অল ইণ্ডিয়া ডি এছ অ’ই৷ এই সম্পৰ্কে অল ইণ্ডিয়া ডি এছ অ’ৰ সাধাৰণ সম্পাদক সৌৰভ ঘোষে কয়– ‘মণিপুৰৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষয়ক্ষতি লক্ষ্য কৰি আমি খুবেই মৰ্মাহত আৰু ব্যথিত৷ চৰকাৰৰ ৰাজনৈতিক সুবিধা আদায়ৰ উদ্দেশ্যে জনগণক বিভক্ত কৰাৰ অশুভ চক্ৰান্তৰ বাবেই এই অবাঞ্ছিত বেদনাদায়ক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই দুঃসময়ত আমি মণিপুৰৰ ছাত্ৰ সমাজ আৰু জনগণৰ কাষত আছো৷ আমি মণিপুৰ চৰকাৰক অবিলম্বে ‘দেখামাত্ৰ গুলিওৱাৰ’ নিৰ্দেশ প্ৰত্যাহাৰ কৰা আৰু ৰাজ্যত শান্তি আৰু স্বাভাৱিক পৰিস্থিতি আৰু শিক্ষাৰ পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছোঁ৷ মণিপুৰৰ লগতে অন্যান্য ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় আৰু মণিপুৰ চৰকাৰৰ ওচৰত আবেদন জনাও৷’