Logo
image

আৰিয়ান খানৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰ চলোৱা বিষয়াক বৰ্খাস্ত

নতুন দিল্লী, ১১ মে’: শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়াখানৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰ চলোৱা এন চি বিৰ এজন অন্যতম বিষয়াক বিশ্ববিজয় সিঙক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে৷ উল্লেখ্য যে এটা গোচৰ সংক্ৰান্তত নিলম্বিত হৈ আছিল আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া বিশ্ববিজয় সিং৷ মঙলবাৰে তেওঁক চাকৰিৰ পৰা অব্যাহতি দিয়া হয়৷ স্মৰ্তব্য যে ২০২১ চনত কৰ্ডেলিয়া ক্ৰুজ নামৰ মুম্বাই-গোৱা অভিমুখী এখন প্ৰমোদতৰীত ড্ৰাগ সৰবৰাহৰ অভিযোগত এন চি বিৰ এটা দলে অভিযান চলাই শ্বাহৰুখ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰিছিল৷ এই ঘটনাত অভিযানকাৰী এন চি বি দলটোৰ এজন অন্যতম বিষয়া আছিল বিশ্ববিজয় সিং৷ আৰিয়ানক গ্ৰেপ্তাৰৰ পাছত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ ইয়াৰ পাছত কেইবাদিনো কাৰাবন্দী হৈ থকাৰ অন্তত জামিনত আৰিয়ান মুকলি আকাশৰ তললৈ  ওলাই আহে৷ ইপিনে, আৰিয়ান কাণ্ডৰ পাছতে এটা অন্য গোচৰ সংক্ৰান্তত এন  চি বি বিষয়া বিশ্ববিজয় সিং নিলম্বিত হ’ব লগা হয়৷ অৱশেষত উক্ত গোচৰটো সংক্ৰান্ততে চৰকাৰে মঙলবাৰে এন চি বি বিষয়া সিঙক চাকৰিৰ পৰা অব্যাহতি দিয়ে৷