Logo
image

টাটাৰ বিদ্যুৎচালিত গাড়ী শীঘ্ৰেই বজাৰত

আমাৰ অসম, ১৮ জানুৱাৰীঃ বিশ্বৰ বিলাসবহুল গাড়ী কোম্পানী টেছলাই ভাৰতত ইলেক্ট্ৰিক ভেহিকল অৰ্থাৎ ই ভি মুকলি কৰাৰ লগে লগে সেই বিদ্যুৎচালিত গাড়ীক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ অচিৰেই স্বদেশী গাড়ী নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে বজাৰলৈ উলিয়াব এলট্ৰজ ই ভি নামৰ এবিধ বিদ্যুৎচালিত গাড়ী৷ উল্লেখ্য, যোৱা সপ্তাহত টেছলাই তেওঁলোকৰ নতুন বিদ্যুৎচালিত গাড়ী টেছলা-৩ ভাৰতৰ বজাৰত মুকলি কৰি দেশৰ বিদ্যুৎচালিত গাড়ীৰ নতুন যুগৰ সূচনা কৰে৷ ইয়াৰ লগে লগে টাটা মটৰ্ছে চলিত বছৰতে তেওঁলোকৰ প্ৰথমখন ই ভি অৰ্থাৎ বিদ্যুৎচালিত গাড়ী দেশৰ  বজাৰত মুকলি কৰিব বুলি ঘোষণা কৰিছে৷ নিৰ্দিষ্ট তাৰিখ নজনালেও অহা জুলাইত টাটাৰ এলট্ৰজ ই ভি বজাৰলৈ আহিব৷ এবাৰ সম্পূৰ্ণকৈ বেটেৰী চাৰ্জ কৰিলে এলট্ৰজ ই ভি চলিব একেৰাহে ১০০০ কিলোমিটাৰ৷ এলট্ৰজ ই ভিৰ ন্যূনতম মূল্য ১২ লাখ আৰু সৰ্বাধিক মূল্য ১৫ লাখ হ’ব বুলি প্ৰাথমিকভাৱে প্ৰকাশ পাইছে৷ 

ইপিনে চলিত বছৰতে ভাৰতৰ বজাৰত আৰু তিনিখন ই ভি বা বিদ্যুৎচালিত গাড়ী মুকলি হ’ব৷ তাৰ ভিতৰত হুণ্ডাইয়ে বজাৰলৈ উলিয়াই দিব কনা ই ভি, মহিন্দ্ৰই উলিয়াব ই কে ইউ ভি- ১০০ আৰু একেটা কোম্পানীয়ে উলিয়াব ই এক্স ইউ ভি- ৩০০৷  ইতিমধ্যে এই আটাইকেইখন গাড়ীৰে নিৰ্মাণ সম্পূৰ্ণ হৈছে৷