Logo
image

৬ কোটি টকীয়া আঙঠিৰে পৰিনীতি-ৰাঘৱৰ বাগদান সম্পন্ন

আমাৰ অসমৰ, ১৩ মে’: বলিউদৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ শনিবাৰে বাগদান সম্পন্ন হয়৷ দিল্লীৰ কাপুৰথালা হাউচত এই বাগদান সম্পন্ন হয়৷ বাগদানত পৰিনীতি চোপ্ৰাই ৬ কোটি টকাৰ আঙঠি পিন্ধে৷ ৰাঘৱ চাড্ডাই পৰিনীতিৰ বাবে বিশেষভাৱে এই আঙঠিটোৰ ডিজাইন কৰিছে৷ সন্ধিয়া ৫ বজাৰ পৰা নিশা ৮ বজালৈ বাগদানৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়৷ বাগদানৰ সময়ত পৰিনীতি চোপ্ৰাই ডিজাইনাৰ মনীষ মালহোত্ৰাই প্ৰস্তুত কৰা বিশেষ সাজ পৰিধান কৰে৷ বাগদান কাৰ্যসূচীত পৰিনীতিৰ জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা চোপ্ৰাৰ লগতে দুয়োটা পৰিয়ালৰ লোক আৰু খুব কম সংখ্যকহে (মাত্ৰ ডেৰশ জন) আমন্ত্ৰিত অতিথি উপস্থিত আছিল৷ জানিব পৰা মতে ৰাজনীতি-বলীউদৰ এই বন্ধনৰ সাক্ষী হৈ ৰয় কৰণ জোহৰ, মনীষ মালহোত্ৰাৰ লগতে টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাও৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০১৮ চনত ভগ্নী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনছৰ বাগদানত পৰিধান কৰা আঙঠিটোৰ মূল্য আছিল ৫ কোটি টকা৷ উল্লেখ্য যে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাই লণ্ডনৰ স্কুল অব ইকোনমিক্স একেলগে পঢ়াশুনা কৰিছিল৷ তেতিয়াৰে পৰা দুয়োৰে মাজত আছিল বন্ধুত্ব৷ পিছে বন্ধুত্বই প্ৰেমৰ সম্পৰ্ক লোৱাটো বেছি দিন হোৱা নাই৷ বলিউদৰ গুজব অনুসৰি শেহতীয়াকৈ পৰিনীতি চোপ্ৰাই পাঞ্জাৱত এখন চিনেমাৰ শ্বুটিঙত ব্যস্ত থকাৰ সময়তে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু  এই ঘনিষ্ঠতা প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হয়৷ কেইদিনমান পূৰ্বে মুম্বাইৰ এখন নামী ৰেষ্টুৰেণ্টত পৰিনীতি আৰু ৰাঘৱ ছাড্ডাক একেলগে দেখা পোৱা গৈছিল৷ তেতিয়াৰ পৰাই দুয়োৰে সম্পৰ্ককলৈ অনুগামীৰ মাজত উৎসুকতা বৃদ্ধি পাইছিল৷ অৱশ্যে দুয়োজনে সাংবাদিকৰ আগত কোনো ধৰণৰ মুখ খোলা নাছিল৷