Logo
image

পশ্চিমবংগত নিষিদ্ধ : চুবুৰীয়া ৰাজ্যৰ পৰা ১৫০ জনীয়া দৰ্শকৰ দল আহি অসমত চালেহি 'দ্য কেৰালা ষ্ট'ৰী'

ডিজিটেল সংবাদ, বঙাইগাঁওঃ পশ্চিমবংগত নিষিদ্ধ কৰা হৈছে বহুচৰ্চিত 'দ্য কেৰালা ষ্ট'ৰী’ নামৰ চিনেমাখন৷ যাৰ বাবে পশ্চিমবংগত চিনেমাখন উপভোগ কৰিব নোৱাৰি অৱশেষত  চুবুৰীয়া ৰাজ্যখনৰ পৰা ১৫০ জনীয়া দৰ্শকৰ দল এটি উপস্থিত হয় চিৰাং জিলাৰ ইউনিভাৰ্চেল ষ্টুডিঅ'ত থকা চিনেমাগৃহত৷ চুবুৰীয়া ৰাজ্যখনৰ পৰা বাছ ভাড়া কৰি এই ১৫০ জনীয়া দলটোৱে উক্ত চিনেমাগৃহত উপভোগ কৰে চিনেমাখন৷ উল্লেখ্য যে এই দলটোত উপস্থিত আছিল আলিপুৰদুৱাৰৰ প্ৰাক্তন সাংসদ দশৰথ তিৰ্কি ৷ প্ৰাক্তন সাংসদগৰাকীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি কয় যে কেৱল ভোট বেংকৰ চিন্তা কৰি পশ্চিমবংগ চৰকাৰে 'দ্য কেৰালা ষ্ট'ৰী' ৰাজ্যখনত নিষিদ্ধ কৰিছে ৷ ইপিনে চুবুৰীয়া ৰাজ্যখনৰ পৰা অহা দৰ্শকসকলৰ একাংশই জনোৱা অনুসৰি পশ্চিমবংগত চিনেমাখন চাৰিদিনৰ বাবে চলিছিল। চাৰিদিনৰ পিছতে ৰাজ্যখনত নিষিদ্ধ কৰা হয় চিনেমাখন৷