Logo
image

লণ্ডনত আদিল হুছেইনক বিশেষ স্বীকৃতি

আমাৰ অসম, ১৬ মে’: অসম সন্তান, বলীউডৰ খ্যাতনামা অভিনেতা আদিল হুছেইনে ‘ইউকে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ ছবিখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে৷ যোৱা ১৩ মে’ত বলীউডৰ এই ছবিখনৰ উক্ত চলচ্ছিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল৷ ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’ ছবিখন পৰিচালনা কৰিছে নাটালিয়া শ্যামে৷ ব্ৰিটেইনলৈ হৈ থকা অনুপ্ৰৱেশ আৰু প্ৰব্ৰজনকাৰীসকল সেই দেশত উপস্থিত হৈ সন্মুখীন হোৱা যন্ত্ৰণাক সমল হিচাপে লৈ ছবিখন নিৰ্মিত হৈছে৷ তেনে এজন অনুপ্ৰৱেশকাৰী পিতৃয়ে হেৰাই যোৱা কন্যাৰ সন্ধান কৰাৰ কাহিনী আছে ছবিখনত৷ সেই ছবিত গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে অসমৰ আদিল হুছেইনে৷ এই ছবিখনে অলপতে নিউয়ৰ্কৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ বিবেচিত হৈ পুৰস্কাৰ লাভ কৰিছিল৷ সেই ছবি মহোৎসৱতো আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ আৰু নিমিষা ছাজায়ানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল৷