Logo
image

মোদী মেজিকৰ অন্ত পৰিল নেকি?

মোদী মেজিকৰ অন্ত পৰিল নেকি? কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত এই কথাষাৰ ব্যাপকভাৱে চৰ্চিত হৈছে৷ বিৰোধী পক্ষৰ বহু দিগ্বজ নেতাই মুকলিকৈ কৈছে যে এতিয়া বিজেপি অপ্ৰতিৰোধ্য হৈ থকা নাই৷ বিজেপি শক্তিশালী, অপৰাজেয় বুলি কোৱা ৰণনীতি ওফৰাব পৰা যাব৷ কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছৰ ভোট শ্বেয়াৰ প্ৰায় ৪৩ শতাংশ আৰু বিজেপিৰ প্ৰায় ৩৬ শতাংশ, ৭ শতাংশৰ এই পাৰ্থক্য যথেষ্ট বেছি৷ ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে নেকি? ইয়াক লৈ সংবাদ মাধ্যম আৰু বিশেষকৈ সামাজিক মাধ্যম গৰম হৈ আছে৷ 
কৰ্ণাটকৰ নিৰ্বাচনত এইবাৰ কংগ্ৰেছে স্থানীয় ইছ্যুৰ নিৰ্বাচনী কৌশলেৰে বিজেপিক পৰাস্ত কৰিবলৈ সক্ষম হ’ল৷ কংগ্ৰেছে কোনো বিষয়েই এৰি দিয়া নাছিল৷ ৩৬০ ডিগ্ৰী দৃষ্টিকোণেৰে বিজেপিক আক্ৰমণ কৰিলে৷ এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ অনবদ্য সফল এজেণ্ডা আছিল পাঁচটা নিশ্চিতি৷ বিনামূলীয়া মাহিলী ১০ কেজি চাউল, ২০০ ইউনিট বিজুলী ফ্ৰী, ৩ হাজাৰ টকাকৈ স্নাতক নিবনুৱা যুৱকক ভাট্টা, ২ হাজাৰ টকাকৈ ঘৰৰ মুখ্য মহিলাগৰাকীক ভাট্টা, মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা৷ এইখিনিয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ বাজেটত প্ৰায় ৫০ হাজাৰ কোটি টকা বছৰি যাব, কিন্তু কংগ্ৰেছৰ এই কথাখিনিয়ে দুখীয়া শ্ৰেণীক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল৷ 
কৰ্ণাটকৰ ৰাজনীতিত বিভিন্ন জাতিৰ সমীকৰণে বৃহৎ ভূমিকা লয়৷ প্ৰত্যেকৰ কাৰণে নিৰ্বাচনত সুকীয়া কৌশল আছে, কংগ্ৰেছে সকলো সম্প্ৰদায়ক কৌশলৰে লগত ৰাখিবলৈ সমৰ্থ হ’ল৷ কৰ্ণাটকত অতি জনপ্ৰিয় ৪৯,০০০ কোটি গাখীৰৰ উদ্যোগ নন্দিনীক শেষ কৰি বিজেপি চৰকাৰে গুজৰাটৰ আমুলক শক্তিশালী কৰিব বিচাৰে বুলি কংগ্ৰেছে ব্যাপক কেম্পেইন কৰি নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলালে৷ 
কংগ্ৰেছৰ বিজয়ী মূল দাবীদাৰ স্থানীয় নেতৃত্ব৷ ডি কে শিৱকুমাৰ, চিদ্দাৰামায়াৰ যৌথ নেতৃত্বত কংগ্ৰেছ সফল হ’ল৷ কৰ্ণাটকৰ পিছপৰা শ্ৰেণীৰ জনপ্ৰিয় নেতা মল্লিকাজুৰ্ন খাৰ্গে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ নিৰ্বাচিত হোৱাতো ৰাজ্যখনত এটা যোগাত্মক প্ৰভাৱ পেলালে৷ আনহাতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰায়ো দলটোক সুবিধা দিলে৷ 
এই বিজয়ৰ পাছতেই বিৰোধী পক্ষত আনন্দৰ জোৱাৰ উঠিছে আৰু মোদী ঢৌ কমিছে বুলি এটা ধাৰণাৰ সৃষ্টি হৈছে৷ এইখিনিতে এক শক্তিশালী বিৰোধী ঐক্যৰ চিন্তাধাৰা গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে৷ সঁচাকৈয়ে মোদী ঢৌ কমিছে নে? বা ২০২৪ত বিজেপি উৎখাত হ’ব নেকি? কৰ্ণাটকত ৮৪ শতাংশ হিন্দু লোকে বাস কৰে৷ শক্তিশালী হিন্দু জাগৰণৰ পাছতো বিজেপি নিৰ্বাচনত কিয় হাৰিলে, এই কথাষাৰ সৰ্বত্ৰ অতি প্ৰৱলভাৱে চৰ্চিত হৈছে৷ 
মোৰ দৃষ্টিত এয়া ইমান সহজ নহয়৷ ২০১৮ৰ নিৰ্বাচনত বিজেপিয়ে ১১০খন আৰু কংগ্ৰেছে ৬৮খন আসন লাভ কৰিছিল৷ তাৰ পাছত ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৭খন আসনৰ ২৫ খনেই লাভ কৰিবলৈ সক্ষম হয়৷ এইবাৰ কৰ্ণাটকত থকা কিছুসংখ্যক লোকৰ সৈতে কথা পাতি জানিব পাৰিছিলো যে বিধানসভাত কংগ্ৰেছ আৰু লোকসভাত মোদী৷ কৰ্ণাটকত বিজেপি চৰকাৰক এসেকা দিয়াৰ উদ্দেশ্যেৰে বিধানসভাত কংগ্ৰেছ আৰু লোকসভাত সুস্থিৰতা বিচাৰি মোদী এই ধৰণৰ এক চিন্তা চৰ্চাই বিৰাজ কৰি আছে৷ 
দেশৰ স্বাৰ্থ, আভ্যন্তৰীণ সুৰক্ষা বা দেশৰ নিৰাপত্তাৰ খাতিৰত এজন শক্তিশালী নেতা প্ৰধানমন্ত্ৰী হিচাপে মানুহে বিচাৰে৷ চীনৰ আগ্ৰাসন বা পাকিস্তানৰ নিয়মিত সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিৰোধৰ বাবে দেশৰ ৰাইজে এজন শক্তিশালী নেতাক বিচাৰে৷ এইবোৰ কাৰণতে মোদীৰ প্ৰতি দেশত এক তীব্ৰ আকৰ্ষণ আছে৷ যিবোৰ কথা বহুলোকে বুজিব নিবিচাৰে৷ দ্বিতীয়তে, সমাজৰ বৃহত্তৰ শ্ৰেণীৰ সৈতে তেওঁৰ সংযোগ আৰু মন কী বাতৰ জৰিয়তে প্ৰচাৰৰ ক্ষেত্ৰত জনমত গঠনত তেওঁৰ ভূমিকা অভূতপূৰ্ব৷ গৰিষ্ঠসংখ্যক সংবাদ মাধ্যম বিজেপি চৰকাৰৰ সপক্ষে আছে, মিডিয়া মেনেজমেণ্টত এইখন চৰকাৰ সিদ্ধহস্ত৷ আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী আৱাস যোজনা, ঘৰে ঘৰে গেছ চিলিণ্ডাৰ যোগান আঁচনিৰ জৰিয়তে বা প্ৰত্যক্ষ লাভ হস্তান্তৰকৰণ ইত্যাদিৰ জৰিয়তে কোটি কোটি লোক উপকৃত হৈ আছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত দুৰ্নীতিৰ হাৰ কমি আহিছে৷ এনে বিভিন্ন কাৰণতে সাধাৰণ ৰাইজৰ লগতে হিন্দী বলয়ৰ বৃহৎ ভোটবেংক নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সদায় অটুট হৈ ৰ’ব৷ ইয়াৰ লগতে বিজেপিৰ দক্ষ সাংগঠনিক ভেটি, সংঘ পৰিবাৰৰ ছাপ’ৰ্ট আৰু শক্তিশালী নিৰ্বাচন পৰিচালনা নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অতি দৰকাৰী ব্যৱস্থা৷ তাৰ লগতে কংগ্ৰেছৰ নেতৃত্বক লৈ যি দলীয় অৰিয়া-অৰি বিজেপিৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতে এক শৃংখলা দেখা যায়৷ ফলস্বৰূপে এক সন্মিলিত শক্তিয়ে বিজেপিক শক্তিশালী কৰি ৰাখে৷ ৰাজস্থানৰ দৰে ৰাজ্যৰ শচীন পাইলট, অশোক গেহলটৰ অৰিয়া-অৰি বিজেপিত দেখা নাযায়৷ সমগ্ৰ দেশজুৰি শক্তিশালী নেতৃত্বৰ অভাৱে বিজেপিক অনাগত নিৰ্বাচনত সহায় কৰিব৷