Logo
image

হেলমেট অবিহনে বাইকত উঠি আৰক্ষীৰ ৰোষত অনুষ্কা শৰ্মা

আমাৰ অসম, ১৮ মে’: মুম্বাইৰ ৰাজপথত হেলমেট নোহোৱাকৈ দেহৰক্ষীৰ বাইকত উঠি মুম্বাই আৰক্ষীৰ ৰোষত পৰিবলগা হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মা৷ উল্লেখ্য, দুদিন পূৰ্বে বিগবি অমিতাভ বচ্ছনে হেলমেট নোহোৱাকৈ অনুৰাগীৰ বাইকত উঠা এটা ভিডিঅ’ ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত৷ এই ভিডিঅ’টো ৰাজহুৱা হোৱাৰ পাছতে স্বাভাৱিকতে নেটিজেনসকলে প্ৰশ্ন উত্থাপন কৰিছিল– ‘হেলমেট ক’ত?’ এই ঘটনাৰ পাছতে এইবাৰ পোহৰলৈ আহিছে অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এটা ভিডিঅ’– য’ত তেওঁক হেলমেট নোহোৱাকৈ দেহৰক্ষীৰ বাইকত উঠা দেখা গৈছে৷ ভিডিঅ’টোক লৈ যথেষ্ট অস্বস্তিত পৰিব লগা হৈছে অভিনেত্ৰীগৰাকী৷ কিয়নো ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে মুম্বাই আৰক্ষীক কৈফিয়ৎ দিব লগা হৈছে অনুষ্কা আৰু তেওঁৰ দেহৰক্ষীয়ে৷ অকল সেয়াই নহয়, অনুষ্কাৰ দেহৰক্ষী ছনু শ্বেখে আদায় দিব লগা হৈছে ১০,৫০০ টকাৰ জৰিমনা৷ জানিব পৰা মতে ঘটনাৰ দিনা জুহুৰ ৰাজপথত এজোপা গছ বাগৰি পৰাত হোৱা যান-জঁটৰ বাবে অভিনেত্ৰীগাকী নিজৰ গন্তব্যস্থানলৈ দেহৰক্ষীৰ বাইকত উঠি যাব লগা হৈছিল৷ কিন্তু হেলমেট পৰিধান নকৰাৰ বাবে তেওঁলোক আৰক্ষীৰ ৰোষত পৰিব লগা হ’ল৷