Logo
image

অপায়-অমংগল দূৰ কৰিবলৈ বিশ্ববিদ্যালয়ত নাম-প্ৰসংগ, চকু কপালত উঠিল বিজ্ঞজনৰ

'আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ মে’: অন্ধবিশ্বাসৰ বিৰুদ্ধে শৈক্ষিক প্ৰতিষ্ঠানে সমাজত জ্ঞান বিলোৱাৰ সময়তে ৰাজ্যৰ অন্যতম গৌৰৱোজ্জ্বল উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অপায়-অমংগল দূৰ কৰাৰ বাবে অনুষ্ঠিত কৰিলে পূজা-পাতল তথা নাম-প্ৰসংগ৷ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড॰ জীতেন হাজৰিকাই শনিবাৰে প্ৰশাসনিক ভৱনত বিভিন্ন বিতৰ্কত সাঙোৰ খাই পৰা শিক্ষানুষ্ঠানখনক শনি গ্ৰহৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ বাবে দিনজোৰা কাৰ্যসূচীয়ে পূজা-অৰ্চনাৰ আয়োজন কৰে৷ শনি দেৱতাক সন্তুষ্ট কৰাৰ নামত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু একাংশ অধ্যাপকে এই নাম-প্ৰসংগ অনুষ্ঠিত কৰাক লৈ চকু কপালত তুলিছে বিজ্ঞজনৰ৷ শিক্ষানুষ্ঠানখনৰ এই কাৰ্যত ইলোৰা বিজ্ঞান মঞ্চই বিস্মিতি প্ৰকাশ কৰাৰ লগতে অশুভ প্ৰৱণতা তথা অন্ধবিশ্বাসক উদগনি যোগোৱা কাৰ্যক ধিক্কাৰ জনাইছে৷ এটা বিবৃতিত ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ড॰ কালী প্ৰসাদ শৰ্মা আৰু সাধাৰণ সম্পাদক কমলেশ গুপ্তাই কয় যে– ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত শেহতীয়া ৰেগিং কাণ্ড আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰিৰ ঘটনা পোহৰলৈ অহাত ৰাজ্যৰ শিক্ষাপ্ৰেমীক আজিও উদ্বিগ্ন কৰি ৰাখিছে৷ স্বাভাৱিক পৰিৱেশত অসমৰ সাংস্কৃতিক জীৱনৰ আপুৰুগীয়া সম্পদ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ নাম প্ৰসংগৰ আয়োজন কৰাত আপত্তি থাকিব নোৱাৰে৷ কিন্তু আধুনিক বিজ্ঞানৰ যুগত এখন উচ্ছ শিক্ষানুষ্ঠানক শনি দশাৰ পৰা মুক্তি লাভৰ বাবে জ্যোতিষৰ গণনা তথা বিধান আৰু নাম-প্ৰসংগৰ আয়োজন কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ এনে কাণ্ডৰ জৰিয়তে সম্প্ৰতি শিক্ষানুষ্ঠানতো অন্ধবিশ্বাসৰ বেহা মেলা হৈছে৷ এনে গৰ্হিত আৰু অশুভ কামৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আৰু সহযোগীসকলে শৈক্ষিক সম্প্ৰদায় আৰু বিদ্বৎ সমাজৰ মাজতো অন্ধবিশ্বাস বিয়পোৱাৰ চেষ্টা কৰি আধুনিক চিন্তা, বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাক ভেঙুচালি কৰিছে৷ এই কাৰ্যই ভাৰতীয় নাগৰিকৰ কৰ্তব্য সন্দৰ্ভত সংবিধানৰ ৫১(এ) এইছ ধাৰাত সন্নিৱিষ্ট কৰ্তব্য দেখদেখকৈ উলংঘন কৰিছে৷ লগতে বিনষ্ট কৰিছে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ দীৰ্ঘদিনৰ সুনাম৷ তদুপৰি শিক্ষানুষ্ঠানখনৰ জ্ঞানান্বেষী ছাত্ৰসমাজ আৰু বিজ্ঞানমনস্ক শিক্ষক সমাজকো ক্ষুণ্ণ কৰিছে৷ উপাচাৰ্যই নিজৰ বাসগৃহৰ ভিতৰত থাকি আৰু জপ-তপ-মন্ত্ৰ মাতি পূজা-অৰ্চনা কৰা, জ্যোতিষৰ গণনা কৰি ‘ৰাহু-কেতু-গ্ৰহ দোষৰ’ পৰা মুক্তি বিচৰাটো তেওঁৰ ব্যক্তিগত অধিকাৰ৷ যিকোনো লোকৰ ব্যক্তিগত বিশ্বাস-অবিশ্বাসত কোনেও হস্তক্ষেপ নকৰে৷ কিন্তু ৰাজহুৱা স্থানত, বিশেষকৈ শিক্ষানুষ্ঠান তথা জ্ঞান-বিজ্ঞানৰ উচ্ছতম কেন্দ্ৰ বিশ্ববিদ্যালয় এখনত এনেধৰণৰ অন্ধবিশ্বাসৰ আয়োজনক ইলোৰা বিজ্ঞান মঞ্চই এক প্ৰকাৰৰ সামাজিক ব্যাধি তথা অপৰাধ বুলি গণ্য কৰে৷ উপাচাৰ্য তথা বিশ্ববিদ্যালয় কতৃৰ্পক্ষই শিক্ষানুষ্ঠানখনত চলি থকা দুৰ্নীতি আৰু ৰেগিং আদিৰ বিৰুদ্ধে বাস্তৱসন্মত কঠোৰ পদক্ষেপ গ্ৰহণ আৰু সুস্থ শিক্ষাৰ পৰিৱেশ ৰচনা কৰাৰ বাবে উদ্যোগ লোৱাৰ উপৰি তৎকালেই অন্ধবিশ্বাসক সাৰ-পানী যোগোৱা কৰ্মকাণ্ডসমূহ বন্ধ কৰা উচিত৷ শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যি কলংকিত অধ্যায়ৰ সূচনা কৰা হ’ল, তাৰ বিৰুদ্ধে সকলো শিক্ষাপ্ৰেমী আৰু বিজ্ঞানমনস্ক লোকক সৰৱ হোৱাৰ বাবেও ইলোৰা বিজ্ঞান মঞ্চই আহ৩ান জনাইছে৷ কেৱল ইলোৰা বিজ্ঞান মঞ্চই নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই গৰ্হিত কাৰ্যক লৈ ৰাজ্যৰ বিদ্বৎ সমাজেও ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷