Logo
image

ৰূপালী বৰুৱাৰে বিবাহপাশত আবদ্ধ আশিস

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৬ মে': গুৱাহাটীৰ জীয়ৰী ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ পাণি গ্ৰহণ কৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা আশিস বিদ্যাৰ্থীয়ে৷ দীৰ্ঘদিনীয়া প্ৰেমক স্বীকৃতি দি অসমৰ জোঁৱাই হৈ পৰিল ৬০ বছৰীয়া অভিনেতাজন৷ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেতা  আশিস বিদ্যাৰ্থীয়ে বৃহস্পতিবাৰে কলকাতা ক্লাবত ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ ইয়াৰ পূৰ্বে তেওঁ অভিনেত্ৰী, গায়িকা তথা নাট্যশিল্পী ৰাজশ্ৰী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ ৰাজশ্ৰী বৰুৱা আছিল এসময়ৰ প্ৰতিথযশা অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা৷ আশিস বিদ্যাৰ্থীয়ে বৃহস্পতিবাৰে ক’ৰ্ট মেৰেজ কৰা ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ ঘৰ গুৱাহাটীত যদিও বৰ্তমান তেওঁ কলকাতাৰ এখন অত্যাধুনিক ফেশ্বন ষ্ট’ৰৰ স্বত্বাধিকাৰী৷ আশিস বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱী উপস্থিতিত বৃহস্পতিবাৰে  অনুষ্টুপীয়াকৈ এই বিবাহ পঞ্জীয়ন সম্পন্ন হয়৷ বিবাহৰ পাছতেই অভ্যৰ্থনাৰো আয়োজন কৰে নৱ-দম্পতীয়ে৷ বলিউদৰ অভিনেতা আশিস বিদ্যাৰ্থীয়ে ১১টা ভাষাত ৩০০ৰো অধিক ছবিত কাম কৰিছে৷ কেইবাটাও চলচ্ছিত্ৰ উদ্যোগত কাম কৰাৰ বাবে পৰিচিত এই প্ৰবীণ অভিনেতাজনৰ ১৯৬২ চনৰ ১৯ জুনত দিল্লীত জন্ম হৈছিল৷ ১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা কেৰিয়াৰত আশিস বিদ্যাৰ্থীয়ে কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালয়ালম, ইংৰাজী, ওডিয়া, মাৰাঠী আৰু বাংলা ছবিত কাম কৰিছে৷ বৰ্তমানলৈ তেওঁ ১১টা ভাষাৰ ৩০০ৰো অধিক ছবিত কাম কৰিছে৷ আশিস বিদ্যাৰ্থীয়ে প্ৰথমবাৰলৈ চৰ্দাৰ বল্লভাই পেটেলৰ জীৱনৰ আধাৰত নিৰ্মিত চিনেমা ‘চৰ্দাৰ’ত ভিপি মেননৰ চৰিত্ৰত অভিনয় কৰিছিল৷  কিন্তু তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত ছবি আছিল দ্ৰোহকাল৷ এই ছবিৰ বাবে তেওঁ ১৯৯৫ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা লাভ কৰিছিল৷ ‘১৯৪২: A Love Story’ত কৰা আশুতোষৰ চৰিত্ৰৰ বাবেও তেওঁ পৰিচিত৷ আশিস বিদ্যাৰ্থীয়ে ১৯৯৬ চনৰ ‘ইছ ৰাত কি সুবহ নেহি’ ছবিৰ বাবে নেগেটিভ ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ ষ্টাৰ স্ক্ৰীণ বঁটাও লাভ কৰিছিল৷