Logo
image

আজিৰ পৰা ওৰাঙৰ অৰণ্যত চলিব উচ্ছেদ

আমাৰ অসম, ২৮ মে’:  বৰলুইতৰ উত্তৰ পাৰৰ একমাত্ৰ এশিঙীয়া গঁড়ৰ আৱাসভূমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ওৰাং বাঘ্ৰ প্ৰকল্পই ৰাজ্যবাসী প্ৰকৃতিপ্ৰেমী ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী সংগঠনসমূহলৈ কঢ়িয়াই আনিছে এক শুভ বাৰ্তা৷ ক’লাজ্বৰসদৃশ মাহামাৰীত প্ৰায় ১০৮ বছৰ পূৰ্বে উছন ঘটা একালৰ চুতীয়া জনগোষ্ঠীৰ বসতিস্থল কালৰ কুটিল পৰিক্ৰমাত পৰিত্যক্ত হোৱা গাঁও বৃটিছৰ শাসনকালত মানৱসৃষ্ট মৃগয়া বনলৈ ৰূপান্তৰ হয়৷ চৰকাৰী স্বীকৃতিৰে   ক্ৰমশঃ মৃগয়াবন, জৈৱ বৈচিত্ৰ্যৰ বনাঞ্চল, অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বাঘ্ৰ প্ৰকল্পলৈ উন্নীত হোৱা ৭৮.৮১বৰ্গকিলোমিটাৰ পৰিব্যাপ্তিৰ উদ্যানখনত অচিৰেই সংযোজিত হোৱাৰ ক্ষণত অতিৰিক্ত ২০০ বৰ্গকিলোমিটাৰ ভূমি৷ দৰং জিলাৰ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া প্ৰদীপ্ত বৰুৱাৰ পৰা প্ৰাপ্ত খবৰ মতে উদ্যানৰ পূব প্ৰান্তৰৰ শোণিতপুৰ জিলাৰ ফালৰ পৰা [পাঁচনৈৰ পূবলৈ] ৭০ শতাংশ আৰু পশ্চিমে দৰং জিলাৰ পিনৰ পৰা ৩০ শতাংশ ভূমিৰে মুঠ প্ৰায় ২০০বৰ্গকিলোমিটাৰ অতিৰিক্ত ভূমি উদ্যানখনৰ বৰ্তমানৰ ৭৮.৮১ বৰ্গকিলোমিটাৰ পৰিব্যাপ্তিৰ জৈৱ বৈচিত্ৰ্যস্থিত ভূমিৰ সৈতে সংপৃক্ত হৈ ২৭৮.৮১বৰ্গকিলোমিটাৰ বনাঞ্চললৈ নব্যৰূপান্তৰ হোৱাৰ পথ প্ৰশস্ত প্ৰায়৷ উল্লেখ্য, উদ্যানৰ পূবত শোণিতপুৰ জিলাত ৫,০০০ অবৈধ বেদখলকৰীয়ে আৰু দৰং জিলাত ১৫,০০০ অবৈধ বেদখলকাৰীয়ে বছৰ বছৰ ধৰি বাস কৰি উদ্যানখন সংকোচিত কৰি ৰাখিছিল৷ বহুবাৰ বেদখলকাৰীসকল উদ্যানৰ এই বৃহৎ ভূমি এৰি যাবলৈ নিৰ্দেশ দিয়াৰ পাছতো কেৰেপ নকৰি কাৰোবাৰ উচটনিত অংগুষ্ঠ দেখুৱাই লৰচৰ নকৰি একে ঠাইতে থাকি উদ্যানত চলাই আহিছে দুষ্কাৰ্য৷ বিগত ৩০ এপ্ৰিলত বন বিভাগৰ তৰফৰ পৰা জাননীযোগে ১৫মে’ৰ ভিতৰত বেদখলকাৰীসকলক উদ্যানৰ বেদখলকৃত ভূমিত পৰিত্যাগ কৰি যাবলৈ শেষসীমা বান্ধি দিয়া হয়৷ অধিকাংশ লোকেই আঁতৰি গ’ল যদিও একাংশই কেৰেপ নকৰিলে৷ সেয়ে ২৮ আৰু ২৯ মে’ত শোণিতপুৰ জিলা প্ৰশাসনে ১১,০০০ বিঘা বেদখলী ভূমিত আৰু ৩০, ৩১মে’ আৰু ৰজুনত দৰং জিলা প্ৰশাসনে ১০,০০০ বিঘা বেদখলী ভূমিত উচ্ছেদ অভিযান চলাবলৈ শক্তিশালী ৰূপত সাজু হৈ পৰিছে৷ সংযোগ হ’বলগীয়া এই ২০০ বৰ্গকিলোমিটাৰ ভূমি প্ৰাপ্তিৰ সন্দৰ্ভত ইতিমধ্যে ৰাজপত্ৰ জাননী প্ৰকাশ [Gazette Notification] হৈছে৷  মাত্ৰ দুই জিলা প্ৰশাসনে বনাঞ্চল বিভাগ তথা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষক এই ভূমি হস্তান্তৰ কৰিবলৈ প্ৰক্ৰিয়া বাকী৷ ২০১৬ বৰ্ষত বাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত হোৱা ১২৫ এশিঙীয়া গঁড়, ২৪ ঢেকীয়াপতীয় বাঘ, ১২০ নলগাহৰি, সহস্ৰাধিক হৰিণ, অজগৰ, গুইসাপ, বিচিত্ৰ পখিলা, বৰ্ণিল প্ৰজাতিৰ পক্ষীৰ আশ্ৰয়স্থলী, মূল্যবান গছ-গছনি তৰু-তৃণৰ প্ৰাপ্তিস্থল, পিপলি ছেং, কাছ, ডুৰা, অন্যান্য দুষ্প্ৰাপ্য মাছ, জলচৰ প্ৰণীৰ সূচল একাধিক বিল, পুখুৰী আদিৰ আকৰ্ষণীয় সমাহাৰপূৰ্ণ উদ্যানখনৰ গৰিমা৷

২৭খন প্ৰাথমিক বিদ্যলয়ত চলিব উচ্ছেদ

‘আমাৰ অসম’ৰ ভূৰাগাঁৱৰ প্ৰতিবেদকঃ অৱধাৰিতভাৱেই চলিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণ এলেকাত বন বিভাগৰ উচ্ছেদ অভিযান৷ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা কেইবাখনো চৰ-চাপৰিত আজিৰে পৰা চলিবলগা এই উচ্ছেদ অভিযানৰ খবৰ পাই হাহাকাৰ লাগিছে সেই চৰ-চাপৰিসমূহত বাস কৰা চৰুৱা পৰিয়ালবোৰৰ মাজত৷ বছৰ বছৰ ধৰি নদীৰ বুকুত প্ৰাকৃতিক সৃষ্টি চৰ -চাপৰিবোৰত ব্ৰহ্মপুত্ৰ খহনীয়াই সৰ্বস্বান্ত কৰা এটা বিশেষ সম্প্ৰদায়ৰ লোকেসকলে ঘৰ-দুৱাৰ সাজি, খেতি-বাতি কৰি নিজৰ পৰিয়াললৈ বসতি স্থাপন কৰি আছে৷ তাত বাস কৰা কোনো কোনো পৰিয়ালৰ যদি ২০-২৫ বছৰ হৈছে, আন বহু পৰিয়ালৰ হৈছে ৪০-৪৫ বছৰ৷ দশক দশক ধৰি খেতি-বাতি কৰি জীৱন জীৱিকা ৰ্নিবাহ কৰা এই পৰিয়ালবোৰৰ মাজত এতিয়া বিৰাজমান হতাশাৰে ভৰা এক ধুৱলি-কুঁবলী পৰিৱেশ৷ দিশহাৰা হৈ পৰিছে সকলো৷  ৬৫ বছৰীয়া ৰিয়াজ উদ্‌ফিন নামৰ এজন জ্যেষ্ঠই উচ্ছেদকলৈ আৱেগিক হৈ নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, আমি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মানুহ৷ মোৰ বয়স এতিয়া ৬৫ বছৰ৷ আজিৰ পৰা ৫০ বছৰ পূৰ্বে আমি হামু চৰলৈ আহোঁ৷ আমাৰ টেঙাগুৰি গাঁওখন ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ পাছত৷ সেইদৰে চেনিমাৰী গাঁৱত চলা খহনীয়াত ঘৰ-দুৱাৰ জাহ যোৱাৰ পাছত বহুকেইটা পৰিয়াল আহি হামু চৰতে থাকিবলৈ লয় আজিৰ পৰা ১৬-২০ বছৰ আগত৷ এনেদৰে লাহৰীঘাট সমষ্টি দশকৰ পাছত দশক ধৰি চলা ব্ৰহ্মপুত্ৰ বিধবংসী খহনীয়াত কৱলত পৰি শ-শ পৰিয়াল আহি হামু চৰ, ভাং খোৱা চৰ, আৰিমাৰি চৰ, বগাকুৰি চৰ, টেঙতলিকে ধৰি বিভন্ন চৰত আশ্ৰয় ল’বলৈ ধৰে৷ এই চৰবোৰত বাস কৰা লোকসকলৰ ল’ৰা-ছোৱালীৰ  পঢ়া-শুনাৰ বাবে শিক্ষানুষ্ঠানো স্থাপন কৰিছে চৰকাৰে৷  বৰ্তমান উচ্ছেদ হ’বলগা চৰসমূহত ২৭খনৰো অধিক প্ৰাথমিক বিদ্যালয় আছে৷ বিদ্যলয়তসমূহত ১৫০০ৰো অধিক কণ-কণ ছাত্ৰী-ছাত্ৰীয়ে শিক্ষালাভ কৰি আছে৷ কিন্তু বন বিভাগৰ উচ্ছেদে বিদ্যালয়সমূহৰ লগতে ১৫০০ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনলৈ কঢ়িয়াই আনিব অনিশ্চয়তা৷ নিজৰ লগতে সন্তানৰ ভৱিষ্যতকলৈ চিন্তিত চৰুৱা পৰিয়ালৰ চৰকাৰলৈ আহ৩ান আমাৰদৰে ভূমিহীন পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰক অন্যথা আমাক ইয়াতে গুলীয়াই মাৰক৷ আনহাতে, বহু পৰিয়ালে ইতিমধ্যে উচ্ছেদৰ পূৰ্বে ঘৰ-দুৱাৰ ভাঙি চাপৰি এৰা বুলিও জানিব পৰা গৈছে৷