Logo
image

ৰূপালী জয়ন্তী বৰ্ষত ‘যৌৱনে আমনি কৰে’

অসমৰ অগ্ৰণী বোলছবি নিৰ্মাতা ‘লক্ষ্মী নাৰায়ণ ফিল্মছ’-এ আজিৰ পৰা ২৫ বছৰ পূৰ্বে নিৰ্মাণ কৰিছিল  ‘যৌৱনে আমনি কৰে’ নামৰ অসমীয়া ছবিখন৷ লক্ষ্মী নাৰায়ণ ফিল্মছৰ প্ৰথমখনি ছবি ‘যৌৱনে আমনি কৰে’ গৌৰৱোজ্জ্বল ২৫টা বৰ্ষ অতিক্ৰম কৰাৰ পথত আৰু ২৫ বৰ্ষপূৰ্তি উপলক্ষে এক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠান আয়োজন কৰিছে৷ অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জনোৱাৰ উদ্দেশ্যে গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে এখন সংবাদমেল আয়োজন কৰে লক্ষ্মী নাৰায়ণ ফিল্মছে৷ সংবাদমেলত ছবিখনৰ প্ৰযোজক-পৰিচালক অশোক কুমাৰ বিষয়া [ৰাজা বিষয়া], সমাজকৰ্মী কৈলাশ শৰ্মা, অভিনেতা জয়ন্ত দাস উপস্থিত থাকি ছবিখনৰ আৰু অনুষ্ঠিতব্য অনুষ্ঠানটোৰ বিষয়ে সদৰী কৰে৷ লক্ষ্মী নাৰায়ণ ফিল্মছৰ প্ৰযোজক অশোক কুমাৰ বিষয়াই ব্যক্ত কৰে যে ১৯৯৮ চনৰ ১১ জুনত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ কৰা হৈছিল৷ সেই সময়ত অসমৰ ছবি গৃহত হলীউডৰ বিখ্যাত জেমছ কেমেৰুণৰ ‘টাইটানিক’ আৰু বলীউডৰ অমিতাভ বচ্ছন আৰু গোবিন্দ অভিনীত ‘বড়ে মিঞা ছোটে মিঞা’ ছবি দুখন চলি আছিল৷ সেই সময়ত গুৱাহাটীৰ ছবি ঘৰত অসমীয়া চিনেমাৰ বাবে স্থান নোহোৱা হৈ আছিল আৰু কোনেও ছবিঘৰ অসমীয়া চিনেমাৰ বাবে এৰিবলৈ সাজু নাছিল যদিও মহানুভৱতাৰ পৰিচয় দি ‘বন্দনা’ ছবিঘৰৰ মালিক জনৈক সিঙে আমাৰ ছবিখনৰ প্ৰিমিয়াৰ আৰু প্ৰদৰ্শনীৰ বাবে সন্মতি প্ৰদান কৰিছিল৷ তাৰ পিছৰে পৰা সকলো ইতিহাস৷ অসমীয়া ছবি জগতত এক নতুন ইতিহাস ৰচনা কৰি ‘যৌৱনে আমনি কৰে’ ছবিখন একেৰাহে ২৫ টাকৈ সপ্তাহ অসমৰ ছবিঘৰত প্ৰদৰ্শন হৈছিল৷ ইয়াৰ বাবে অসমৰ জনগণক ছবিখনৰ প্ৰযোজক অশোক কুমাৰ বিষয়াই ধন্যবাদ জ্ঞাপন কৰে৷ সেয়েহে এই ছবিখনৰ শিল্পী আৰু কলা-কুশলীসকলৰ সৈতে পুনৰ মিলিত হৈ নিজৰ নিজৰ স্মৃতি ৰোমন্থন কৰাৰ সুবিধাৰ্থে ১১ জুনৰ দিনা সন্ধিয়া ৬ বজাৰ পৰা গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‘শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত’ ‘যৌৱনে আমনি কৰে’ ছবিখনৰ ৰূপালী জয়ন্তী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ অনুষ্ঠানত ছবিখনৰ শিল্পী আৰু কলা-কুশলীসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰা হ’ব বুলি জনায় অশোক কুমাৰ বিষয়াই৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্য কান্ত হাজৰিকা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব৷ ইয়াৰ উপৰি এই অনুষ্ঠানলৈ মুখ্যমন্ত্ৰীক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱাৰ লগতে বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাকো নিমন্ত্ৰণ জনোৱা হ’ব বুলি বিষয়াই সদৰী কৰে৷ উল্লেখ্য  ক্ষীৰদাকান্ত বিষয়া জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি কৈলাশ শৰ্মাই প্ৰকাশ কৰে যে অসমীয়া ছবিৰ এক মন্দাৱস্থাত অশোক কুমাৰ বিষয়াই অতি নিষ্ঠা আৰু একাগ্ৰতাৰে অসমৰ ৰাইজলৈ আগবঢ়ালে এখন সৰ্বাংগসুন্দৰ তথা বলীউডৰ ভাষাত ব্লকব্লাষ্টাৰ ছবি ‘যৌৱনে আমনি কৰে’৷ ‘যৌৱনে আমনি কৰে’ নামটি অসমৰ এগৰাকী যশস্বী শিল্পী ক্ষীৰদা কান্ত বিষয়াৰ দ্বাৰা ৰচিত এটি অনুপম গীতৰ এটি শাৰী৷ ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি মহান শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিক জীয়াই ৰখাৰ প্ৰয়াসেৰে জীৱন, কৃতি আৰু ক্ষীৰদা কান্ত বিষয়া ৰচনাৱলী [প্ৰথম খণ্ড] শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হ’ব৷ শিল্পী, অভিনেতা, সংগঠক আৰু বিশিষ্ট সমাজসেৱক ক্ষীৰদাকান্ত বিষয়াৰ সৃষ্টি আৰু জীৱন, কৃতি সম্পৰ্কে প্ৰকাশ হ’বলগীয়া গ্ৰন্থখনিয়ে অসমৰ আজিৰ প্ৰজন্মৰ সহায়ক হ’ব বুলি মত পোষণ কৰে কৈলাশ শৰ্মাই৷ অনুষ্ঠানত ছবিখনৰ প্ৰযোজক হেপীমণি বিষয়া, অভিনেত্ৰী বৰ্ণালী পূজাৰী, অভিনেতা অংকুৰ বিষয়া, হিৰণ্য দাস, নিলয় গুপ্তা, কৰিঅ’গ্ৰাফাৰ অসীম বৈশ্যকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷