আই পি এলৰ পৰা অৱসৰ ৰায়ুডুৰ
আমাৰ অসম, ২৯ মে’:পৰৱৰ্তী ছীজনৰ আই পি এলৰ মেচত আৰু দেখা পোৱা নাযাব চেন্নাই ছুপাৰ কিংছৰ নিয়মীয়া খেলুৱৈ আম্বাতি ৰায়ুডুক৷ দেওবাৰে আই পি এলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে ভাৰতীয় দলৰ প্ৰাক্তন খেলুৱৈজনে৷ গুজৰাট টাইটানছৰ বিৰুদ্ধে ফাইনেলখনেই আই পি এলত তেওঁৰ অন্তিম মেচ বুলি দেওবাৰে ৰায়ুডুৱে ঘোষণা কৰে৷ পূৰ্বেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা খেলুৱৈজনে ঘৰুৱা ক্ৰিকেটৰ পৰাও অৱসৰ লৈছিল৷ কিন্তু তেওঁ পাছত সেই সিদ্ধান্ত উঠাই লৈছিল৷ হায়দৰাবাদৰ ৩৮ বৰ্ষীয় খেলুৱৈজনে টুইটাৰ যোগে জনায় যে এইবাৰ তেওঁ সিদ্ধান্ত সলনি নকৰে৷ চলিত ছীজনত আই পি এলৰ ১৫ খন মেচত ৰায়ুডুৰ সংগ্ৰহ ১৩৯ ৰান৷ আই পি এলৰ ফাইনেলেই প্ৰতিযোগিতাখনত তেওঁৰ অন্তিম খেল৷ টুইটাৰত ৰায়ুডুৱে লিখিছে–‘দুটা আগশাৰীৰৰ দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ, ২০৪ খন মেচ, ১৪ টা ছীজন, ১১ খন প্লে-অফ, ৮ খন ফাইনেল! এক অতুলনীয় যাত্ৰা৷ আই পি এলৰ ফাইনেলেই মোৰ অন্তিম খেল৷ প্ৰতিযোগিতাখনত খেলাৰ সুযোগ লাভ কৰি মই ধন্য৷ সকলোকে ধন্যবাদ৷ সিদ্ধান্ত সলনি নহয়৷’ ৰায়ুডুৱে ভাৰতক ৫৫ খন এদিনীয়াত প্ৰতিনিধিত্ব কৰিছিল৷ এদিনীয়াত তেওঁৰ সংগ্ৰহ ১৬৯৪ ৰান৷ ইয়াৰ ভিতৰত আছে তিনিটা শতক আৰু ১০টা অৰ্ধশতক৷