Logo
image

দিল্লীয়ে কি দিছে অসমক? খতিয়ান দিলে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ৩০ মে’:  ‘পূৰ্বতে প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে নিউজ হৈছিল৷ প্ৰধানমন্ত্ৰীৰ ফোন কলকলৈ পুৱাৰ পৰা সমগ্ৰ প্ৰশাসনযন্ত্ৰ ব্যস্ত হৈ পৰিছিল৷ ক’ব গ’লে এয়া এক ইউৰেকা মমেণ্ট আছিল৷ কিন্তু এতিয়া প্ৰধানমন্ত্ৰীৰ লগত প্ৰত্যেক দিনেই ইমানেই টুইট, কথোপকথন হয়–আমি সেয়া ছেলফ পাব্লিছিটি  হ’ব পাৰে বুলি ভয় কৰি ডি আই পি আৰক ক’বলৈকে বন্ধ কৰি দিছোঁ৷’–এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সোমবাৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীৰ ভিভাণ্টা হোটেলত আয়োজিত এক বিশেষ মত-বিনিময় অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ক’লে–প্ৰধানমন্ত্ৰীয়ে অসম দিলে কি৷ মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা ৯টা বছৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰাপ্তিৰ ৯টা বছৰ৷ ২০১৪ চনৰ পাছত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যিমান ডাঙৰ ইনভেষ্টমেণ্ট হৈছে, ইয়াৰ পূৰ্বে এয়া কল্পনাই কৰিব পৰা নাছিল৷ যোৱা সময়ছোৱাত ৰে’লৱেত প্ৰায় ৭০ হাজাৰ কোটি কেপিটেল ইনভেষ্টমেণ্ট হৈছে৷ ৫৫ হাজাৰ কোটি টকাৰ হাইৱে প্ৰকল্পত বিনিয়োগ হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ লৈয়েই উত্তৰ-পূবক দেশৰ মুখ্য ধাৰাৰ অৰ্গেনিক ব্যৱস্থাৰ সৈতে জড়িত কৰাৰ কাম আৰম্ভ কৰে৷ ইয়াৰ বাবে প্ৰথমে তেওঁ পৰিবহণ ব্যৱস্থাৰ যোগেদি পৰিৱৰ্তনৰ কামত অগ্ৰাধিকাৰ দিয়ে৷ উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজধানীৰ সৈতে ৰাজধানী এক্সপ্ৰেছৰ সংযোগৰ কাম কৰে৷ আগৰতলালৈ ৰাজধানী ৰে’ল যোৱাৰ বাবেই বৰাক উপত্যকালৈ ব্ৰডগজ ৰে’লৰ কাম যুদ্ধকালীন তৎপৰতাৰে সম্পূৰ্ণ হয়৷ ৰে’ল, উৰাজাহাজ, স্থলপথ আৰু জলপথৰ লগতে ডিজিটেল সংযোগৰ কাম যোৱা ৯ বছৰত যুদ্ধকালীন গতিৰে আগবাঢ়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাৰ বাবেই আজি হাফলং, কাৰ্বি পাহাৰতো ম’বাইল টাৱাৰৰ নিৰ্মাণ সম্ভৱ হৈছে৷ নুমলীগড় শোধনাগাৰৰ ক্ষমতা ৯ এম এম টিলৈ বৃদ্ধি পাইছে৷ উৰিষ্যাৰ পাৰদ্বীপৰ পৰা তেল পাইপলাইন, বাৰাউনীৰ পৰা নুমলীগড় পৰ্যন্ত গেছ গ্ৰীডৰ সম্প্ৰসাৰণ সম্ভৱ হৈছে৷ ডাঙৰ কাৰেণ্ট, ধৰ্ণা-ধৰ্মঘট নোহোৱাকৈয়ে ধুবুৰী-ফুলবাৰী ব্ৰীজৰ নিৰ্মাণ সম্ভৱ হৈছে৷ শৰাইঘাটত ৰে’লৱেৰ দ্বিতীয়খন দলঙৰ কাম আৰম্ভ হৈছে৷ ৰাজ্যৰ আত্ম সহায়ক গোট সমূহে ৫০০০ কোটি টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰধানমন্ত্ৰীৰ নৰ্থ ইষ্ট আউটৰিছ তথা অষ্টলক্ষ্মী অভিধাৰ বাবেই এতিয়া উত্তৰ-পূবৰ মানুহে সমগ্ৰ দেশতে যথোচিত সন্মান লাভ কৰিছে৷ এদিনতে চৰাইদেউৰ ইউনেস্কৰ ফাইল প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অনুমোদন হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদিচ্ছাৰ বাবেই এতিয়া এটা ফোনকল, ৱাটছএপ মেছেজতে প্ৰাপ্য ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম দিল্লীৰ পৰা ক্লীয়াৰ হয়৷ পূৰ্বতে এখন দলঙৰ বাবেও আন্দোলন কৰিবলগীয়া হৈছিল৷ উল্লেখ্য যে আজি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বছৰ পূৰ্তি উপলক্ষে গুৱাহাটীৰ ভিভাণ্টা হোটেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাজ্যৰ সংবাদ গোষ্ঠীৰ স্বত্বাধিকাৰী, মুখ্য সম্পাদক, সম্পাদক তথা জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰে৷ এই মত-বিনিময় অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পিপিটিৰ মাধ্যমেৰে বিজেপি চৰকাৰৰ ৯ বছৰীয়া সফল কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায়৷ বৈষ্ণৱে কয় যে পূৰ্বে ৬০ বছৰত সম্পূৰ্ণ নোহোৱা কাম ৯ বছৰত সম্পূৰ্ণ হৈছে৷ ৰে’লমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে জাপানৰ দৰে গুৱাহাটী ৰে’লৱে ষ্টেছনক নিৰ্মাণ কৰা হ’ব৷ সমগ্ৰ দেশৰ ১২০০ ৰে’লৱে ষ্টেছনৰ ভিতৰত গুৱাহাটী ৰে’লৱে ষ্টেছনসহ ৫৯টা ষ্টেছনক অত্যাধুনিক ষ্টেছন হিচাপে গঢ় দিয়া হ’ব৷