Logo
image

ধোনি যেন জীৱন্ত কিংবদন্তি

আমাৰ অসম, ৩১ মে’: বয়স ৪১৷ আনকি তেওঁৰ অনুজ অধিনায়কেও নেতৃত্ব ত্যাগ কৰি একাত্মভাৱে কেৱল খেলত আত্মনিয়োগ কৰিছে৷ উঠি আহিছে ন ন প্ৰতিভাধৰ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৪ বছৰ পাৰ হৈ গ’ল৷ তথাপি এমএছডি, অৰ্থাৎ মহেন্দ্ৰ সিং ধোনি এতিয়াও ক্ৰিকেটৰ ২২ গজত ‘ফেন’মেনন’৷ মহেন্দ্ৰ সিং ধোনি অবিহনে এতিয়াও এটা দল চেম্পিয়ন হোৱা সম্ভৱ নহয়৷ তাকো নিশ্চিত পৰাজয়ৰ দুৱাৰদলিৰ পৰা উভতি আহি চেন্নাই ছুপাৰ কিংছক চেম্পিয়নশ্বিপ৷ শেষ দুই বলত প্ৰয়োজন হোৱা অসম্ভৱপ্ৰায় লক্ষ্য এটা ছিক্সাৰ আৰু এটা বাউণ্ডেৰীৰে ৰবীন্দ্ৰ জাদেজাই সম্পূৰ্ণ কৰিলেও যোৱানিশাৰ ‘ক্লিফহাংগাৰ’ আইপিএল ফাইনেলৰ জয়ৰ নায়ক এই ৪১ বছৰীয়া আৰু ৪ বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্যাস লোৱা ধোনিয়েই৷ এবছৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব এৰিছিল ধোনিয়ে৷ অধিনায়ক হৈছিল ৰবীন্দ্ৰ জাদেজা৷ কিন্তু নেতৃত্বৰ ভাৰ চম্ভালিব নোৱাৰি আধাতে বিদায় লৈছিল জাদেজাই৷ অৱশেষত ১৪খন মেচৰ ৪খনত বিজয়ী হৈ ৮ পইণ্টেৰে নৱম স্থানত সন্তুষ্ট থাকিছিল দল৷ তেতিয়াই ধোনিয়ে কৈ গৈছিল, এই ব্যৰ্থতা পাহৰি পাছৰবাৰ সমৰ্থকৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিব৷ সেই কথা ৰাখিলে ২২ গজৰ অক্লান্ত যোদ্ধাই৷ গুজৰাট টাইটাইন্স বিজয়ৰ দুৱাৰদলিত থাকোঁতেও প্ৰতিপক্ষৰ বেহুৰ ভিতৰতে ধৰাশায়ী কৰি চেন্নাই ছুপাৰ কিংছক চেম্পিয়ন কৰালে৷ ইয়াকে লৈ পাঁচবাৰ চেম্পিয়ন৷ বিগতবাৰ নৱম হোৱা দলটো মাত্ৰ ৯ মাহত সলনি হৈ গ’ল, কেৱল ধোনিৰ নেতৃত্বৰ বাবে৷ সোমবাৰে সংৰক্ষিত দিনত, বৰষুণৰ বাবে নিৰ্ধাৰিত হোৱা কঠিন লক্ষ্য অতিক্ৰম কৰাৰ পাছত শত্ৰু-মিত্ৰ সকলোৱেই ধোনিৰ প্ৰশংসাত পঞ্চমুখ, এই বিজয়ৰ কৃতিত্ব সকলোৱে ধোনিকে দিবলৈ প্ৰস্তুত৷

৪১ বছৰ বয়সতো ক্ৰিকেটৰ অশ্বমেধৰ ঘোঁৰা চেঁকুৰাই ফুৰা মহেন্দ্ৰ সিং ধোনিয়ে দল চেম্পিয়ন হোৱাৰ পাছতেই চিৰবিদায় ল’ব ক্ৰিকেটৰ পৰা৷ এনে এক জনৰৱ দীৰ্ঘদিন ধৰি চলিছিল৷ বয়সে তো অপেক্ষা নকৰে৷ বয়সৰ লগে লগে কমি যায় ক্ৰিকেটৰ বাবে অতি প্ৰয়োজনীয় ‘ৰিফ্লেক্স’৷ বেট হাতে ছন্দহীন৷ আঁঠুৰ আঘাত৷ এই সকলো অতিক্ৰমী, উইকেটৰ পিছপিনে থিয় হৈ দলৰ সকলোকে অসামান্যভাৱে পৰিচালনা কৰিছে ধোনিয়ে৷ কাৰণ তেওঁ এজন নেতা৷ ক্ৰিকেটৰ ভাষাত অধিনায়ক৷ কঠিন পৰিস্থিতিতো মেচ জিকাই দিব পাৰে বাবেই দলৰ সকলোৱে তেওঁৰ দিশেই চাই থাকে৷ মেচত ধোনিৰ এটা সিদ্ধান্তই সলাই দিছে সামগ্ৰিক চিত্ৰ৷ সেয়ে ধোনিৰ অৱসৰক লৈ চলি থকা জনৰৱ এতিয়া তুংগত৷ কেৱল বাঢ়ি অহা বয়স আৰু শাৰীৰিক আঘাতৰ বাবেই ধোনিৰো ইচ্ছা আছিল এয়াই শেষ৷ দলক চেম্পিয়ন কৰি বিদায় লোৱা নিশ্চত ৰাজসিক৷ কিন্তু দেশজুৰি অযুত অনুৰাগীৰ আগ্ৰহ দেখি সেই সিদ্ধান্ত সলাবলৈ মনস্থ কৰিছে তেওঁ৷ দেশৰ ১২খন খেলপথাৰত আইপিএলৰ মেচ খেলা ধোনিৰ বাবে প্ৰত্যেক ‘ভেন্যু’ৱেই এইবাৰো ‘হ’ম’ হৈ পৰিছিল৷ কিয়নো প্ৰত্যেক খেলপথাৰতে হালধীয়া জাৰ্ছি পৰিহিত দৰ্শক আছিল গেলাৰী ভৰি, কেৱল ধোনিৰ সমৰ্থনত৷ এই পৰিৱেশ দেখিয়েই ধোনিয়ে অৱসৰ ঘোষণা কৰা নাই৷ জনাইছে, সেই সিদ্ধান্ত ল’বলৈ হাতত ৮ মাহ সময় থাকিব৷ এতিয়া ভৰসা কেৱল শৰীৰ৷ যদি শৰীৰে অনুমতি দিয়ে, তেন্তে আৰু এবাৰ অন্ততঃ হালধীয়া জাৰ্ছি পৰিহিত ধোনিক দেখা যাব৷ আই পি এলত৷