Logo
image

ব্ৰিটেইনৰ ৰাণীক হীৰাৰ হাৰ উপহাৰ দিছিলগৈ সাউদ ভোলানাথ বৰুৱাই

আমাৰ অসম, ৩১ মে’:  ‘বহু উচ্ছশিক্ষিত যুৱক-যুৱতী আজিও চৰকাৰী চাকৰিৰ মোহত বন্দী৷ আজিৰ প্ৰেক্ষাপটত চৰকাৰী চাকৰিৰ বাবে যি চাকৰি মেলা বা সমাৰোহ অনুষ্ঠিত হৈছে, তেনেকৈ বাণিজ্যৰ প্ৰসাৰৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাত কোনো সমাৰোহ অনুষ্ঠিত হোৱাৰ সংস্কৃতি আৰম্ভ হোৱা নাই৷ ‘বাণিজ্যে বসতি লক্ষ্মী’ অৰ্থাৎ ব্যৱসায়ত লক্ষ্মী বাস কৰা সেই সংস্কৃতিও অসমত প্ৰায় অচিনাকি৷’ –এই ভাষ্য ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক, বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ৷  সাউদ ভোলানাথ বৰুৱাৰ ১০০সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এটা বিশেষ অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত মঙলবাৰে এইদৰে কয় সাহিত্য অকাদেমি বঁটাপ্ৰাপক গল্পকাৰগৰাকীয়ে৷ উল্লেখ্য, ৩০ মে’, মঙলবাৰে অসমৰ গৌৰৱ সাউদ ভোলানাথ বৰুৱাৰ ১০০সংখ্যক মৃত্যু বাৰ্ষিকী গুৱাহাটী কমাৰ্চ কলেজৰ উদোগত ‘বাণিজ্য দিৱস’ৰূপে পালন কৰা হয়৷ গুৱাহাটী কমাৰ্চ কলেজৰ ড॰ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন মুৰব্বী তথা বাণিজ্যগুৰু ড॰ দেৱদাস ভৰালী আৰু চিন্তাশীল লেখক, বিশিষ্ট সাংবাদিক, সাহিত্য অকাদেমি বঁটাপ্ৰাপক প্ৰসিদ্ধ গল্পকাৰ তথা ‘আমাৰ অসম’ আৰু এন কে টিভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী৷ গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ড॰ হোমেশ্বৰ কলিতাই সভাত সভাপতিত্ব কৰে৷ উপাধ্যক্ষ ড॰ অমৰেন্দ্ৰ তালুকদাৰো মঞ্চত উপস্থিত থাকে৷ সাউদ ভোলানাথ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ কৰা হয়৷ কলেজৰ ছাত্ৰী শ্ৰেয়সী ৰাউতে মংগলাচৰণ পাঠ কৰে৷ অধ্যক্ষ ড॰ হোমেশ্বৰ কলিতাই আদৰণী ভাষণ প্ৰদান কৰি সাউদ ভোলানাথ বৰুৱাৰ ব্যৱসায়িক উত্থানে দেশক কেনেকৈ লাভৱান্বিত কৰিছিল তাৰ ব্যাখ্যা দাঙি ধৰে৷ সঁচাকৈয়ে তেওঁ অসমৰ গৌৰৱ বুলি কয় ড॰ কলিতাই৷ মুখ্য অতিথিৰূপে দিয়া ভাষণ প্ৰসংগত বিশিষ্ট সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে কয়– ‘বাঙালীসকলে লক্ষ্মীক পূজা কৰি ব্যৱসায় আৰম্ভ কৰে৷ অসমৰ প্ৰবাদপুৰুষ সাউদ ভোলানাথ বৰুৱাই উচ্ছশিক্ষা অবিহনেই দূৰদৰ্শী চেতনাৰে অসমৰ বাহিৰলৈ ওলাই গৈ ব্যৱসায়েৰে নিজক প্ৰতিষ্ঠা কৰাই নহয়, তাৰ পৰাই দেশসেৱাৰে আমাক বহু পথৰ সন্ধান দি থৈ গৈছে৷ সেই যুগতে ব্যৱসায়ৰ বাবে গ্ৰেট ব্ৰিটেইনলৈ গৈছিল ভোলানাথ বৰুৱা৷ তাত চাৰি মাহ ধৰি বাহৰ পাতি ব্যৱসায় প্ৰসাৰিত কৰাৰ চেষ্টা চলাইছিল সাউদ বৰুৱাই৷ কেৱল সেয়ে নহয়, ব্যৱসায়ৰ স্বাৰ্থত ইংলেণ্ডৰ ৰাণীক হীৰাৰ হাৰো উপহাৰ দিছিল ভোলানাথ বৰুৱাই৷ ব্যক্তিগত খণ্ডত ৰে’ল ব্যৱসায় আৰম্ভ কৰিব খুজিছিল সাউদে৷ এইক্ষেত্ৰত বহুদূৰ আগবাঢ়ি গৈছিল এইগৰাকী প্ৰাতঃস্মৰণীয় অসমীয়া ব্যৱসায়ী৷ অৱশ্যে সাউদৰ মৃত্যুৰ বাবে তেওঁৰ সেই সপোন আধৰুৱা হৈয়েই ৰ’ল৷ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ‘প্ৰিঞ্চ অৱ ৱেল্‌ছ’ প্ৰতিষ্ঠা কৰাৰ আঁৰতো আছিল সাউদ বৰুৱাৰ তীক্ষ্ণ বুদ্ধি আৰু ব্যৱসায়িক দূৰদৰ্শিতা৷ ‘প্ৰিঞ্চ অৱ ৱেল্‌ছ’ৰ নাম হ’ব লাগে ‘ভোলানাথ বৰুৱা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান’৷ লগতে ভোলানাথ বৰুৱাৰ নামত কৌশল বিকাশ প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিব লাগে৷ এই বাৰ্তা অসম চৰকাৰলৈ যাব লাগে৷ সৎ পথেৰে ব্যৱসায় কৰি কেনেকৈ প্ৰতিষ্ঠা লাভ কৰিব পাৰি আৰু ইউৰোপকে ধৰি বিভিন্ন দেশলৈ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰি সেয়া সাউদ ভোলানাথ বৰুৱাই হাতে-কামে দেখুৱাই থৈ গৈছে, এইক্ষেত্ৰত সুনাম অৰ্জন কৰি এক ইতিহাস ৰচনা কৰি থৈ গৈছে৷ হটমেইল, এপ্‌ল, ফেচবুক আদিৰ ক্ষেত্ৰত ব্যৱসায়সিক সফলতাৰ আঁৰত সহযোগিতাৰ ধাৰণা যেনেকৈ উল্লেখযোগ্য, তেনেকৈ ভোলনাথ বৰুৱায়ো নিজৰ ব্যৱসায়ত ব্যৱসায়িক সংগীৰ ধাৰণা সন্নিৱিষ্ট কৰি সফলতা অৰ্জন কৰিছিল৷ বাক্‌পটুতা আছিল ভোলানাথ বৰুৱাৰ অন্য এক ব্যক্তিত্ব৷ ‘কনফ্লিক্ট ৰিজলিউশ্যন’ অৰ্থাৎ সংঘাত নিৰাময়ৰ বাবে বিশেষ উদ্যোগ ল’ব পৰা গুণ আছিল এই বিখ্যাত অসমীয়া ব্যৱসায়ীজনৰ৷ ষ্টাৰ্টআপ ব্যৱসায়ৰ ধাৰণা আনি সেই সময়তে সাউদ বৰুৱাই বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছিল৷ বৰুৱা যে অকল ব্যৱসায়ীয়েই আছিল তেনে নহয়, তেওঁৰ কথাৰো দাম আছিল৷ তেওঁ ফটিক চন্দ্ৰ বৰুৱাৰ বদান্যতাৰ কথা দোহাৰি সময়ত তেওঁক কলিকতালৈ লৈ গৈ বিভিন্ন ধৰণে সহায় কৰিছিল– কাৰণ অসমত ব্যৱসায়ৰ আৰম্ভণিতে তেওঁক ফটিক চন্দ্ৰ বৰুৱাই সহায় কৰিছিল৷ সাউদ বৰুৱাৰ এটা গুৰুত্বপূৰ্ণ সংস্থা আছিল ‘প্ৰাথমিক শিক্ষা উন্নয়ন সমিতি’৷ আজি ভোলানাথ বৰুৱাৰ মৃত্যুৰ ১০০ বছৰ পাৰ হৈ গ’ল, অথচ আমাৰ সমাজ জীৱনত বহু ত্ৰুটি ৰৈ গ’ল৷ সাউদ বৰুৱাই নগাঁৱত দিয়া দান-বৰঙিণৰে নামঘৰ আদি প্ৰতিষ্ঠা কৰাৰ পাছতো মানুহে তেওঁক সেই অনুষ্ঠানত প্ৰৱেশৰ বাট মুকলি কৰি দি প্ৰাপ্য সন্মান দিয়া নাছিল৷’ ভাষণ প্ৰসংগত মনোজ কুমাৰ গোস্বামীয়ে উল্লেখ কৰে যে তেওঁৰ প্ৰয়াত পিতৃ, অধ্যক্ষ কমল চন্দ্ৰ গোস্বামী আছিল অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম বাটকটীয়া৷ ইফালে, গুৱাহাটী কমাৰ্চ কলেজৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত দিয়া ভাষণ প্ৰসংগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন মুৰব্বী তথা বাণিজ্যগুৰু ড॰ দেৱদাস ভৰালীয়ে কয়– ‘১০০ বছৰ আগতে সাউদ ভোলানাথ বৰুৱা আৰু সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাত ব্যৱসায় আৰম্ভ কৰি যিধৰণে দেশক মহত্ত্ব প্ৰদান কৰিলে সেয়া সঁচাকৈয়ে ডাঙৰ কথা৷’ ড॰ ভৰালীয়ে সাউদ ভোলানাথ বৰুৱাৰ জীৱন আৰু কীৰ্তিৰ বিভিন্ন দিশত আলোকপাত কৰে৷ ভোলানাথ বৰুৱাৰ আজোনাতি কৃষ্ণ কে বৰুৱা আৰু ‘ভোলানাথ বৰুৱা স্মৃতিৰক্ষা সমিতি’ৰ কৰ্মকৰ্তা, পদ্মশ্ৰী সন্মানপ্ৰাপক অজয় দত্তক গুৱাহাটী কমাৰ্চ কলেজ পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ অসম সংগীতেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ অন্ত পৰে৷

বি বৰুৱা কলেজত সদাগৰ ভোলানাথ বৰুৱা মৃত্যু শতবৰ্ষৰ স্মৃতিচাৰণ অনুষ্ঠান

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ গুৱাহাটীৰ বি বৰুৱা কলেজৰ উদ্যোগত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অসমৰ প্ৰখ্যাত সদাগৰ, দানবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবৰ্ষ উদ্‌যাপন কৰা হয়৷ উল্লেখ্য, ১৮৫৩ চনত নগাঁৱৰ পুৰণিগুদামত জন্মগ্ৰহণ কৰা বিশিষ্ট ব্যৱসায়ীজনে ১৯২৩ চনত হাওৰাত মৃত্যুবৰণ কৰিছিল৷ ভোলানাথ বৰুৱাৰ নামতেই তেওঁৰ সম্পৰ্কীয় নাতিয়েক প্ৰয়াত কেশৱকান্ত বৰুৱাই দিয়া দানেৰে ১৯৪৩ চনত গুৱাহাটীত বি বৰুৱা কলেজ স্থাপন কৰা হৈছিল৷ শতবৰ্ষ উপলক্ষেবি বৰুৱা কলেজৰ চৌহদত পুৱা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ লগতে বি বৰুৱা কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত আৰু গুৱাহাটী মেডিকেল কলেজৰ সহযোগত এটা ৰক্তদান কাৰ্যসূচী দিনজোৰাকৈ অনুষ্ঠিত হয়৷ পুৱা সদাগৰ ভোলানাথ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচীত বি বৰুৱা কলেজৰ অধ্যক্ষ ড॰ সত্যেন্দ্ৰ নাথ বৰ্মন, ভোলানাথ বৰুৱাৰ আজোনাতি কৃষ্ণকান্ত বৰুৱা আৰু শশীকান্ত বৰুৱা প্ৰমুখ্যে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে৷ ১২ বজাৰ পৰা কলেজৰ অধ্যক্ষৰ সভাপতিত্বত ড॰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই প্ৰাক্তন ছাত্ৰ, বিশিষ্ট সাংবাদিক আৰু বৰ্তমান ৰাজ্যিক তথ্য আয়ুক্ত ড॰ৱসমুদ্ৰগুপ্ত কাশ্যপে৷ তেওঁৰ সুদীৰ্ঘ গৱেষণামূলক তথা সাৰুৱা ভাষণে শ্ৰোতামণ্ডলীক আপ্লুত কৰে৷ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড॰ কল্পিতা বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানত বি বৰুৱা পৰিয়ালৰ জ্যেষ্ঠ সদস্য, কলেজৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষক, তথা পদ্মশ্ৰী সন্মানপ্ৰাপক অজয় দত্ত প্ৰমুখ্যে গুৱাহাটীৰ একাংশ বিশিষ্ট ব্যক্তি, কলেজৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি বি বৰুৱা কলেজৰ অধ্যক্ষৰ উদ্যোগত প্ৰকাশ কৰা ‘ভোলানাথ বৰুৱাৰ জীৱন গাঁথা [বি বৰুৱা চৰ্চাৰ এটি প্ৰস্তাৱনা]’ শীৰ্ষক এখন পুস্তিকা উন্মোচন কৰে কৃষ্ণকান্ত বৰুৱাই৷ অসমীয়া বিভাগৰ অধ্যাপিকা ড॰ গীতাশ্ৰী তামুলীয়ে যুগুত কৰা পুস্তিকাখনে অসমত ভোলানাথ বৰুৱা চৰ্চাত এক নতুন মাত্ৰা আনি দিব বুলি আশা কৰা হৈছে৷ স্মৃতিচাৰণ সভাতেই ভোলানাথ বৰুৱাৰ মৃত্যু শতবৰ্ষৰ লগত ৰজিতা খুৱাই বি বৰুৱা কলেজে আয়োজন কৰা গুৱাহাটী মহানগৰভিত্তিক আন্তঃকলেজ ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি পুৰস্কাৰ বিতৰণ কৰা হয়৷ শলাগৰ শৰাই আগবঢ়ায় ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা স্মৃতিচাৰণ অনুষ্ঠানৰ আহ্বায়ক ড॰ বিজয়শংকৰ গোস্বামীয়ে৷

তেজপুৰত ভোলানাথ বৰুৱাক স্মৰণ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ তেজপুৰৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ উদ্যোগত আৰু বালিপুখুৰী তিনিআলিৰ ব্যৱসায়ীসকলৰ সহযোগত মঙলবাৰে বালিপুখুৰী নামঘৰ প্ৰাংগণত ৰাজ্যখনৰ এজন বিখ্যাত সদাগৰ তথা দানবীৰ, সাউদ, বাণিজ্যবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবৰ্ষৰ দিনটো ‘বাণিজ্য দিৱস’ হিচাপে উদ্‌যাপন কৰা হয়৷ উল্লেখ্য, তেজপুৰৰ এই থলুৱা ব্যৱসায়ী সংস্থাটোৱে বিগত তিনিবছৰে প্ৰখ্যাত সাউদজনক স্মৰণ কৰি আহিছে৷ মঙলবাৰে বাণিজ্যবীৰজনলৈ শ্ৰদ্ধা জনাই স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয়৷ এই সভাতে সদাগৰ ভোলানাথ বৰুৱাৰ ব্যৱসায়িক জীৱন সম্পৰ্কে আলোকপাত কৰাৰ লগতে তেওঁ ৰাজ্যখনলৈ আগবঢ়োৱা মহান অৱদানৰ বিষয়ে ব্যাখ্যা কৰে তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড॰  মনোজ হাজৰিকাই৷