Logo
image

আপুনি পদত্যাগ কৰা উচিত আছিল

হৰিবংশ জী,

  আপোনালৈ মই এখন ৰাজহুৱা চিঠি লিখাৰ ধৃষ্টতা দেখুৱাইছো৷ ইচ্ছা কৰিলে মই আপোনালৈ ব্যক্তিগতভাৱেও এই পত্ৰখন লিখিব পাৰিলোহেতেন৷ কিন্তু যিহেতু বিষয়টো ৰাজহুৱা সেয়ে মই আপোনালৈ ব্যক্তিগতভাৱে চিঠি লিখাৰ পৰিৱৰ্তে ৰাজহুৱাভাৱে, সকলোৱে দেখাকৈ এই চিঠিখন লিখিছো৷ 

যোৱা ২০-২৫ বছৰ ধৰি আপুনি মোক অশেষ স্নেহ দিছে৷ মই আপোনাতকৈ বয়সত সৰু, কিন্তু আপুনি মোক বন্ধুত্বৰ মৰ্যাদা কেতিয়াবাই প্ৰদান কৰিছে৷ মোৰ সৌভাগ্য যে মই সেই মৰ্যাদা অটুট  ৰাখিব পাৰিছো৷ প্ৰকৃততে আপুনি মোক যি সন্মান প্ৰদান কৰিলে মই তাৰ যোগ্য নাছিলো৷ কিন্তু আপোনাৰ জৰিয়তে ‘প্ৰভাত’ত উৎকৃষ্ট পৰ্যায়ৰ সাংবাদিকতাৰ সৈতে মোৰ পৰিচয় ঘটিল৷ হয়তো এখন সৰু চহৰৰ হিন্দী মাধ্যমত পঢ়ি অহা এজন যুৱকে কেতিয়াও ইংৰাজী মাধ্যমৰ বাহিৰে এনেদৰে হিন্দীতো উচ্ছ পৰ্যায়ৰ সাংবাদিকতাৰ সৈতে জড়িত হ’ব পাৰিব বুলি কল্পনা কৰিব নোৱাৰে৷ কিন্তু আপুনি মোক সেই বিশ্বাস দিলে আৰু দিল্লীৰ দৰে এখন চহৰৰ দৰে ৰাঁচীৰ দৰে এখন সৰু চহৰৰ পৰা উচ্ছ পৰ্যায়ৰ সাংবাদিকতা কৰিব পৰাৰ  আত্মবিশ্বাস আপুনি মোক প্ৰদান কৰিলে৷ আপোনাৰ সৈতে সাংবাদিকতাৰ জৰিয়তে মই সম্পৰ্ক অটুট ৰাখি আছিলো৷ ইয়াৰ পাছত ৰাজনীতিত প্ৰৱেশ কৰিবলগীয়া হ’লেও সম্পৰ্কৰ হীনদেঢ়ি ঘটা নাছিল৷


‘আপ’ৰ হৈ প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছত সংবাদমাধ্যমৰ সৈতে মোৰ সম্পৰ্ক  বিচ্ছিন্ন হ’ল৷ আপোনাৰ সৈতে তেতিয়াৰ পৰা মোৰ কোনো কথা-বতৰা হোৱা নাছিল৷ ভাবিছিলো, ৰাজনীতিত প্ৰতিষ্ঠিত হ’বৰ বাবে আৰু নিগাজি স্থান অৰ্জন কৰিবৰ বাবে বহু কষ্ট কৰিব লাগিব৷ আনহাতে যেতিয়া আপোনাক ৰাজ্যসভাৰ বাবে  নিৰ্বাচিত কৰা হ’ল আৰু প্ৰথমটো কাৰ্যকালতে আপোনাক যেতিয়া ৰাজ্যসভাৰ উপাধ্যক্ষ পদত সংস্থাপিত কৰিলে তেতিয়াও আপোনাক মোৰ ফালৰ পৰা অভিনন্দন জনোৱা নহ’ল৷ গণতান্ত্ৰিক মৰ্যাদা লৈ পৰোৱা নকৰা এই চৰকাৰখনে আপোনাক যিটো পদৰ বাবে যোগ্য বুলি বিবেচনা কৰিলে, সেয়া দেখি মই আচৰিত হৈছিলো৷ মই ভয়ো খাইছিলো, কিজানি আপুনি এই পদত অধিষ্ঠিত হোৱাৰ মূল্য ভৰিবলগীয়া হয়৷


দেওবাৰে আপোনাৰ অধ্যক্ষতাত ৰাজ্যসভাত যি কাণ্ড সংঘটিত হ’ল, সেই কাণ্ডই মোৰ পূৰ্বৰ ভয় পুনৰ মনত পেলাই দিলে৷ মই আপোনাক লৈ যি ভয় কৰিছিলো, অৱশেষত সেয়াই হ’ল৷ এটা কথা অন্ততঃ আশা কৰিছিলো, দেশৰ কৃষক সকলৰ স্বাৰ্থত কুঠাৰাঘাত কৰা এখন বিধেয়কৰ বিৰুদ্ধে আপুনি মাত মাতিব, থিয় হ’ব৷ সভাপতিৰ পৰা সেই আশা কৰা সম্ভৱ নাছিল৷ কিন্তু আপোনাৰ বিগত দীৰ্ঘদিনৰ কাৰ্যকলাপৰ মৰ্যাদা চাই উপাধ্যক্ষ হিচাপে ৰাজ্যসভাত আপোনাৰ বলিষ্ঠ এক পদক্ষেপ  আশা কৰিছিলো৷ সমগ্ৰ দেশজুৰি এই বিধেয়ক কেইখনৰ বিৰুদ্ধে কৃষকসকল  উত্তেজিত কিয় হৈ আছে সেয়া  আপুনি অনুধাৱন কৰিব পাৰিছে বুলি মই আশা কৰিছিলো৷ অন্ততঃ উপ-সভাপতি হিচাপে আপুনি ৰাজ্যসভাত এই গুৰুত্বপূৰ্ণ বিধেয়ক কেইখনৰ বিষয়ে আলোচনা কৰিবলৈ সাংসদসকলৰ সুযোগ প্ৰদান কৰিব পাৰিলেহেতেন৷ প্ৰাক্তন প্ৰধান মন্ত্ৰী এইছ ডি দেৱেগৌড়াই বিধেয়ক কেইখনৰ সন্দৰ্ভত বক্তব্য উপস্থাপন কৰিবলৈ থিয় হৈছিল৷ আপুনি আন সাংসদসকলক সুযোগ দিয়া দুৰৰে কথা, বিধেয়ক কেইখনৰ সন্দৰ্ভত  বক্তব্য উপস্থাপন কৰিবলৈ প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ দৰে এজন ব্যক্তিকো সুযোগ নিদিলে৷ আপোনাৰ সন্মুখতে হঠাতে ৰাজ্যসভা টিভিৰ শব্দ বন্ধ কৰি দিয়া হ’ল৷ নিঃশব্দ টিভিৰ কিছু সময়ৰ পাছত সম্প্ৰচাৰো বন্ধ কৰি দিয়া হ’ল৷ এই সকলোবোৰ ঘটনা চকুৰ আগতেই ঘটিছিল৷ আটাইতকৈ ডাঙৰ ঘটনা সেয়া আছিল, যেতিয়া আপুনি ধবনি ভোটত এই বিতৰ্কিত বিধেয়ক কেইখন গৃহীত কৰিলে৷ সেই সময়ত এটা কথা স্পষ্ট হৈ পৰিছিল যে আপুনিও দৌৰাদৌৰিকৈ এই বিধেয়ক কেইখন গৃহীত কৰিবলৈ তৎপৰ হৈ পৰিছিল৷ বিজেপিৰ সৈতে থকা এনডিএৰ আনদলৰ সাংসদেও এই সম্পৰ্কত মতামত দিবলৈ চেষ্টা কৰিছিল৷ কিন্তু বিজেপিৰ ভয় আছিল তেনে মতামত আগবঢ়োৱাৰ পাছত এই বিধেয়ক কেইখন গৃহীত হোৱাৰ বাবে ভোট পৰ্যন্ত আগবাঢ়িব পাৰে৷ যদিহে ভোটত চৰকাৰী পক্ষ পৰাস্ত হ’য় তেতিয়া চৰকাৰ ইচ্ছা কৰাৰ দৰে এই বিতৰ্কিত বিধেয়ক কেইখন গৃহীত কৰিব নোৱাৰিলেহেতেন৷ তেনে এক পৰিস্থিতিৰ যাতে উদ্ভৱ নহয়, সেয়া নিশ্চিত কৰাৰ বাবেই বিজেপি চৰকাৰে সকলো বিতৰ্ক বন্ধ কৰি ধবনি ভোটত  বিধেয়ক কেইখন গৃহীত হোৱাটো নিশ্চিত কৰিলে৷ দুৰ্ভাগ্যজনক ভাৱে সেই ভয়ংকৰ কাণ্ডত আপুনি যি অৰিহনা যোগালে সেয়া দেখি আচৰিত হৈ পৰিছিলো৷ আপুনি কি বিশ্বাসৰ আধাৰত বিধেয়ক কেইখন ধবনি ভোটত গৃহীত কৰাবলৈ আগবাঢ়িল? দেশজুৰি এই বিধেয়ক কেইখনৰ বিৰুদ্ধে আন্দোলন চলি থকাৰ কথা আপুনি ভালদৰে জানে৷ সংসদৰ ভিতৰত বিধেয়ক কেইখনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাটো আপুনি স্বচক্ষে প্ৰত্যক্ষ কৰিছে৷ তেনে অৱস্থা আপুনি কি নিয়মৰ আধাৰত এই বিধেয়ক কেইখনৰ বিৰুদ্ধে কাকো মাত মাতিবলৈ নিদিলে? তাত কোনো কাৰিকৰী অসুবিধা নাছিল৷ আপুনি অৱশ্যেই বিধেয়ক কেইখনৰ সন্দৰ্ভত সংসদত বিতৰ্ক আৰু আলোচনা হ’বলৈ দিয়াটো উচিত আছিল৷ তাৰ কেইদিনমান পূৰ্বে বিজেপিৰ সংগী দলৰ মন্ত্ৰী হৰচিমৰৎ কৌৰে ইয়াৰ বিৰুদ্ধাচৰণ কৰি পদত্যগ কৰাৰ কথা আপোনাৰো অৱগত৷ ৰাজ্যসভাত কেনেবাকৈ এন ডি এৰ সংগী  আনদলেও বিৰুদ্ধাচৰণ কৰিব বুলি চৰকাৰৰ দৰে আপুনিও ভয় খাইছিল নেকি?

 আপুনি চৰকাৰৰ অংশ নহয়৷ ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে আপুনি  এটা নিৰপেক্ষ পদবীত উপবিষ্ট হৈ আছে৷ এনে ক্ষেত্ৰত আপোনাৰ পৰা চৰকাৰৰ দৰে বিৰোধী সাংসদসকলেও কেতিয়াও পক্ষ্যপাতিত্বমুলক আচৰণ প্ৰত্যাশা নকৰে৷ ভৱিষ্যতে যেতিয়া কৃষকৰ আন্দোলন হ’ব, তেতিয়া ৰাজ্যসভাৰ এই ক’লা দিনটোলৈ মনত পৰিব আৰু তেতিয়া সকলোৱে আপোনাৰ এই পক্ষপাতিত্বমুলক আচৰণৰ কথা সদায় সুঁৱৰিব৷ আপোনাৰ এই কাৰ্যত গ্লানিত  মোৰ শিৰ নত হৈ গৈছে৷ মই আপোনাক অনুৰোধ জনাইছো, আপোনাৰ সন্মান আৰু গণতন্ত্ৰৰ মৰ্যাদা অটুট ৰাখি  আপুনি পদত্যাগ কৰক৷ পদত্যাগৰ জড়িয়তে অৱশ্যে আপুনি সংঘটিত কৰা এই নিন্দিত কাণ্ড নোহোৱা কৰিব নোৱাৰিব৷ কিন্তু আপুনি এটা কথা প্ৰমান কৰিব পাৰিব যে  সত্যতকৈ ক্ষমতা বা আসন ডাঙৰ নহয়৷

আপোনাৰ অনুজ

যোগেন্দ্ৰ যাদৱ