Logo
image

কাইলৈ মুক্তি হ'বলগীয়া 'শ্ৰী ৰঘুপতি'ত অনিৰ্দিষ্টকাললৈ নিষেধাজ্ঞা ন্যায়ালয়ৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়া বিগ বাজেটৰ চিনেমা হিচাপে পৰিগণিত হোৱা 'শ্ৰী ৰঘুপতি' ২ জুনত অসমৰ কেবাখনো জিলাৰ ছবিগৃহত মুক্তি লাভ কৰাৰ কথা আছিল। সেই অনুসৰি পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰা হৈছিল। কিন্তু বৰ্তমানৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ অভিযোগ কৰি পূৰ্বৰ প্ৰযোজক ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ জিলাৰ সত্ৰ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছিল। বৃহস্পতিবাৰে সেই গোচৰৰ শুনানি গ্ৰহণ কৰি সত্ৰ ন্যায়ালয়ৰ ন্যায়াধীশে এক নিৰ্দেশযোগে চিনেমাখনৰ মুক্তিত অনিৰ্দ্দিষ্টকালীন নিষেধাজ্ঞা জাৰি কৰে। ফলত ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। উল্লেখ্য যে ছবিখনৰ বহুকেইটা দৃশ্যগ্ৰহণ কাশ্মীৰকে ধৰি দেশৰ বহু মনোমোহা প্ৰাকৃতিক স্থানত গ্ৰহণ কৰা হৈছিল ।