Logo
image

অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু ৰহস্যৰ নতুন মোৰ

‘আমাৰ অসম’, ৩ জুনঃ ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু ৰহস্যই নতুন মোৰ লৈছে৷ উল্লেখ্য যে যোৱা ৪ মাৰ্চত বাৰাণসীৰ এখন হোটেলত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল আকাংক্ষাৰ মৃতদেহ৷ এই ঘটনাক কেন্দ্ৰ কৰি বিনোদন জগতত তীব্ৰ আলোড়নৰ সৃষ্টি হয়৷ ইপিনে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰেমিক সমৰ সিঙক আৰক্ষীয়ে উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পৰৱৰ্তী সময়ত আকাংক্ষাৰ মৃত্যু সম্পৰ্কে এটাৰ পাছত এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিবলৈ ধৰে৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীৰ মৃত্যু সম্পৰ্কে আন এক বিস্ফোৰক তথ্য আহি পৰিছে তদন্তকাৰী বিষয়াৰ হাতত৷ স্মৰ্তব্য যে মৃত্যুৰ প্ৰায় ১৭ মিনিটৰ আগে আগে আকাংক্ষা ডুবেক সাক্ষাৎ কৰিছিল এজন ব্যক্তিয়ে৷ ইয়াৰ পাছতে আকাংক্ষাই কান্দোনত ভাগি পৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে৷ তাৰ কিছুসময় পাছতে উদ্ধাৰ হয় অভিনেত্ৰীগৰাকীৰ মৃতদেহ৷ মৰণোত্তৰ পৰীক্ষাত অভিনেত্ৰীগৰাকীৰ দেহত আঘাতৰ চিন পোৱাৰ লগতে যকৃতত প্ৰায় ২০ মিলি লিটাৰ তৰল পদাৰ্থ থকা  ধৰা পৰে৷ এইবাৰ অভিনেত্ৰীগৰাকীৰ অন্তৰ্বাসত বীৰ্যৰ অৱস্থিতি ধৰা পৰিছে৷ ইয়াৰ নমুনা সম্প্ৰতি ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ এই তথ্য পোহৰলৈ অহাৰ পাছতে  স্বাভাৱিকতে বিভিন্নজনৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে যে মৃত্যুৰ পূৰ্বে অভিনেত্ৰী আকাংক্ষা ডুবে যৌন নিৰ্যাতনৰ বলি হৈছিল নেকি?